ত্ৰিপুৰাত আৰক্ষীৰ অভিযানত অবৈধ দেহ ব্যৱসায় চক্ৰ উৎখাত

আটক হোৱা এগৰাকী ছোৱালী

ত্ৰিপুৰাৰ ৰাজধানী আগৰতলাত শুকুৰবাৰে সন্ধিয়া এটা অবৈধ দেহ ব্যৱসায় ঘাটি উৎখাত কৰাৰ লগতে ১১ গৰাকী লোকক আটক কৰা হয়।

শুকুৰবাৰে সন্ধিয়া ত্ৰিপুৰা আৰক্ষীৰ এটা দলে আগৰতলাৰ বিজয়া পেলেচ হোটেলত অভিযান চলায় দেহ ব্যৱসায় চক্ৰটো উৎখাত কৰিবলৈ সমৰ্থ হয়।

বিশেষ সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত ত্ৰিপুৰা আৰক্ষীয়ে আগৰতলাৰ মহিলা মহাবিদ্যালয়ৰ সমীপতে থকা হোটেলখনত অভিযান চলায় আৰু দেহ ব্যৱসায় চক্ৰটো উৎখাত কৰে।

আৰক্ষীয়ে ঘটনাৰ সৈতে জড়িত মুঠ ১১ গৰাকী লোকক আটক কৰে ইয়াৰ ভিতৰত ৭ গৰাকী পুৰুষ আৰু ৪ গৰাকী মহিলা।

যেতিয়া আৰক্ষীয়ে হোটেলখনত অভিযান চলায় সেই সময়তে এগৰাকী ছোৱালীয়ে হোটেলৰ চাদৰ পৰা ওচৰৰ ঘৰৰ চালত জাপ দিয়ে আৰু গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।

আৰক্ষীয়ে ঘৰৰ চালৰ পৰা ছোৱালী গৰাকীক উদ্ধাৰ কৰে আৰু চিকিৎসালয়ত ভৰ্তি কৰে।

উল্লেখযোগ্য যে, চাৰি বছৰ পূৰ্বে ত্ৰিপুৰা আৰক্ষীয়ে আগৰতলাত অভিযান চলাই এটা বৃহৎ দেহ ব্যৱসায় চক্ৰ উৎখাত কৰাৰ লগতে ১৬ গৰাকী ছোৱালীকে ধৰি মুঠ ৩৪ গৰাকী লোকক আটক কৰিছিল।