NORTHEAST NOW (Assamese)

যৌনকৰ্মীৰ মুখত বিৰিঙিছে হাঁহি: বুধবাৰৰ পৰা খুলি দিয়া হ’ব সকলো পতিতালয়, ক’ত?

May 17, 2021 6:02 pm · এন ই নাও নিউজ

দেশখনত  ২০০০ চনৰ পৰাই পতিতাবৃত্তিক বৈধ ঘোষণা কৰা হৈছে। পতিতাবৃত্তি সেয়ে নেডাৰলেণ্ডৰ এক চৰকাৰ স্বীকৃত বৈধ বৃত্তি। কিন্তু ক’ৰ’নাতংকৰ বাবেই দেশ খনত মাহৰ পিছত মাহ ধৰি বন্ধ হৈ আছে পতিতালয়সমূহ।

ফলত উপাৰ্জনৰ বাট বন্ধ হৈ পৰা  যৌনকৰ্মীসকলৰ জীৱনলৈ নামি আহিছিল দুৰ্যোগ। পতিতালয় খুলি দিয়াৰ দাবীত আনকি যৌনকৰ্মীসকলে আমষ্টাৰডামত প্ৰতিবাদী কাৰ্যসূচীও গ্ৰহণ কৰিছিল।

এনে পৰিস্থিতিৰ মাজতে অহা বুধবাৰৰ পৰা পুনৰ খোল খাব নেডাৰলেণ্ডৰ পতিতালয়সমূহৰ দুৱাৰ।

নেডাৰলেণ্ডৰ স্বাস্থ্যমন্ত্ৰী হিউগো ডে জংগে আজি এই কথা প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা মতে কেৱল পতিতালয়সমূহেই নহয়,পাৰ্ক, চিৰিয়াখানা, জিম, চুইমিং পুল আদিও বুধবাৰৰ পৰা খুলি দিয়া হ’ব।

বেলি লহিওৱাৰ পিছতেই প্ৰাণ চঞ্চল হৈ পৰা নেডাৰলেন্ডৰ ৰেড লাইট এৰিয়া সমূহ কেইবামহো ধৰি নিৰৱ- নিতাল হৈ আছিল।

নিতৌ শ শ মানুহৰ সমাগম ঘটা ৰেড লাইট এৰিয়া সমূহত বিগত বহু দিন ধৰি এজনো বাহিৰা লোকে প্ৰৱেশ কৰা নাছিল।মহামাৰী ক’ৰ’নাই সংকট নমাই আনিছিল ৰেড লাইট এৰিয়াৰ যৌন কৰ্মী সকলৰ জীৱন- জীৱিকালৈ।

ৰেড লাইট এৰিয়াৰ বন্ধ কোঠাৰ ভিতৰত সেয়ে অনিশ্চিত ভৱিষ্যতৰ কথা চিন্তা কৰি হতাশাত ভাগি পৰিছিল যৌন কৰ্মী সকল।

কিন্তু এতিয়া চৰকাৰী ঘোষণাৰ পিছতে তেওঁলোকৰ মুখলৈ হাঁহি উভতি আহিছে।

কাৰণ নেডাৰলেণ্ড চৰকাৰে দেশখনৰ আমষ্টাৰডামত থকা ৰেড লাইট এৰিয়া সমূহ খোলাৰ নিৰ্দেশ দিছে।

বিগত বৰ্ষৰো মাৰ্চ মাহৰ মাজ ভাগৰ পৰা বন্ধ হৈ থকা ৰেড লাইট এৰিয়া সমূহ ছেপ্তেম্বৰ মাহলৈ বন্ধ ৰখাৰ নিৰ্দেশ দিয়া হৈছিল। কিন্তু দেশখনৰ প্ৰধানমন্ত্ৰী মাৰ্ক ৰুটে পতিতালয় সমূহ  ছেপ্তেম্বৰৰ পূৰ্বেই খুলি দিয়াৰ নিৰ্দেশ দিছিল।

কিন্তু ২০২১ বৰ্ষৰ প্ৰথম ভাগতে দেশ খনত পুনৰ ক’ৰ’নাৰ নতুন ঢৌ অহাত আকৌ বন্ধ কৰি দিয়া হৈছিল পতিতালয়সমূহ।

চৰকাৰৰ সিদ্ধান্তই প্ৰায় ৭০০০ যৌনকৰ্মীৰ মুখত হাঁহি বিৰিঙাইছে। ১৭ নিযুত জনসংখ্যাৰ নেডাৰলেণ্ডত প্ৰায় ১.৬ নিযুত লোক ক’ৰ’নাত আক্ৰান্ত হৈছে। ক’ৰ’নাত মৃত্যু ঘটিছে প্ৰায় ২০ হাজাৰ লোকৰ।

Related News