DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, June 28, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

যৌনকৰ্মীৰ মুখত বিৰিঙিছে হাঁহি: বুধবাৰৰ পৰা খুলি দিয়া হ’ব সকলো পতিতালয়, ক’ত?

এন ই নাও নিউজ by এন ই নাও নিউজ
May 17, 2021 6:02 pm
hh
1.1k
VIEWS
Share on FacebookShare on Twitter

দেশখনত  ২০০০ চনৰ পৰাই পতিতাবৃত্তিক বৈধ ঘোষণা কৰা হৈছে। পতিতাবৃত্তি সেয়ে নেডাৰলেণ্ডৰ এক চৰকাৰ স্বীকৃত বৈধ বৃত্তি। কিন্তু ক’ৰ’নাতংকৰ বাবেই দেশ খনত মাহৰ পিছত মাহ ধৰি বন্ধ হৈ আছে পতিতালয়সমূহ।

ফলত উপাৰ্জনৰ বাট বন্ধ হৈ পৰা  যৌনকৰ্মীসকলৰ জীৱনলৈ নামি আহিছিল দুৰ্যোগ। পতিতালয় খুলি দিয়াৰ দাবীত আনকি যৌনকৰ্মীসকলে আমষ্টাৰডামত প্ৰতিবাদী কাৰ্যসূচীও গ্ৰহণ কৰিছিল।

এনে পৰিস্থিতিৰ মাজতে অহা বুধবাৰৰ পৰা পুনৰ খোল খাব নেডাৰলেণ্ডৰ পতিতালয়সমূহৰ দুৱাৰ।

নেডাৰলেণ্ডৰ স্বাস্থ্যমন্ত্ৰী হিউগো ডে জংগে আজি এই কথা প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা মতে কেৱল পতিতালয়সমূহেই নহয়,পাৰ্ক, চিৰিয়াখানা, জিম, চুইমিং পুল আদিও বুধবাৰৰ পৰা খুলি দিয়া হ’ব।

বেলি লহিওৱাৰ পিছতেই প্ৰাণ চঞ্চল হৈ পৰা নেডাৰলেন্ডৰ ৰেড লাইট এৰিয়া সমূহ কেইবামহো ধৰি নিৰৱ- নিতাল হৈ আছিল।

নিতৌ শ শ মানুহৰ সমাগম ঘটা ৰেড লাইট এৰিয়া সমূহত বিগত বহু দিন ধৰি এজনো বাহিৰা লোকে প্ৰৱেশ কৰা নাছিল।মহামাৰী ক’ৰ’নাই সংকট নমাই আনিছিল ৰেড লাইট এৰিয়াৰ যৌন কৰ্মী সকলৰ জীৱন- জীৱিকালৈ।

ৰেড লাইট এৰিয়াৰ বন্ধ কোঠাৰ ভিতৰত সেয়ে অনিশ্চিত ভৱিষ্যতৰ কথা চিন্তা কৰি হতাশাত ভাগি পৰিছিল যৌন কৰ্মী সকল।

কিন্তু এতিয়া চৰকাৰী ঘোষণাৰ পিছতে তেওঁলোকৰ মুখলৈ হাঁহি উভতি আহিছে।

কাৰণ নেডাৰলেণ্ড চৰকাৰে দেশখনৰ আমষ্টাৰডামত থকা ৰেড লাইট এৰিয়া সমূহ খোলাৰ নিৰ্দেশ দিছে।

বিগত বৰ্ষৰো মাৰ্চ মাহৰ মাজ ভাগৰ পৰা বন্ধ হৈ থকা ৰেড লাইট এৰিয়া সমূহ ছেপ্তেম্বৰ মাহলৈ বন্ধ ৰখাৰ নিৰ্দেশ দিয়া হৈছিল। কিন্তু দেশখনৰ প্ৰধানমন্ত্ৰী মাৰ্ক ৰুটে পতিতালয় সমূহ  ছেপ্তেম্বৰৰ পূৰ্বেই খুলি দিয়াৰ নিৰ্দেশ দিছিল।

কিন্তু ২০২১ বৰ্ষৰ প্ৰথম ভাগতে দেশ খনত পুনৰ ক’ৰ’নাৰ নতুন ঢৌ অহাত আকৌ বন্ধ কৰি দিয়া হৈছিল পতিতালয়সমূহ।

চৰকাৰৰ সিদ্ধান্তই প্ৰায় ৭০০০ যৌনকৰ্মীৰ মুখত হাঁহি বিৰিঙাইছে। ১৭ নিযুত জনসংখ্যাৰ নেডাৰলেণ্ডত প্ৰায় ১.৬ নিযুত লোক ক’ৰ’নাত আক্ৰান্ত হৈছে। ক’ৰ’নাত মৃত্যু ঘটিছে প্ৰায় ২০ হাজাৰ লোকৰ।

Recent News

Telangana

লক্ষ্য সজাগতা সৃষ্টি: ২০৮ দিন খোজ কাঢ়ি কেইবাখনো ৰাজ্য পাৰ হৈ বিশ্বনাথত উপস্থিত তেলেঙ্গানাৰ যুৱক

Maharashtra crisis

কোন কাটাপ্পা কোন বাহুবলী! গুৱাহাটীত দেখা গৈছে কাটাপ্পা আৰু বাহুবলীক

Maharashtra Crisis

বিজেপিৰ ঠাঁৰত নহয়, গুৱাহাটীলৈ নিজ ইচ্ছামতে আহিছে বিসম্বাদী বিধায়ক! স্বীকাৰোক্তি একনাথ সিন্দেৰ

Doloo Tea Estate

চাহ শ্ৰমিকক অন্ধকাৰলৈ ঠেলি ডলু বাগিচাত লক আউট ঘোষণা কৰ্তৃপক্ষৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd