অর্থনৈতিকভাৱে দুর্বল শ্ৰেণীৰ সংৰক্ষণ বাহাল ৰখাৰ দাবীত মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ এছ এফ আই আৰু ডি ৱাই এফ আইৰ

EWS reservations

ভাৰতৰ ছাত্র ফেডাৰেছন (এছ এফ আই ) আৰু ভাৰতৰ গণতান্ত্রিক যুৱ ফেডাৰেছন (ডি ৱাই এফ আই)-এ আজি অর্থনৈতিকভাৱে দূর্বল শ্ৰেণীৰ সংৰক্ষণ বাহাল ৰখাৰ দাবীত মুখ্যমন্ত্ৰীলৈ স্মাৰক-পত্ৰ প্ৰেৰণ কৰে। কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ জৰিয়তে উপায়ুক্তক এছ এফ আই আৰু ডি এফ আইৰ এক প্রতিনিধি দলে সাক্ষাৎ কৰি স্মাৰক পত্ৰ প্ৰদান কৰে।

এছ এফ আইৰ ৰাজ্যিক সম্পাদক সংগীতা দাস, ৰাজ্যিক যুটিয়া সম্পাদক হিমাংশু বৰা, সম্পাদকমণ্ডলীৰ সদস্য অনুজা ডেকা আৰু ডি ৱাই এফ আইৰ ৰাজ্যিক যুটীয়া সম্পাদক নিৰংকুশ নাথেৰে গঠিত প্রতিনিধি দলটোৱে স্মাৰক পত্ৰ প্ৰদান কৰে।

উল্লেখ্যযোগ্য যে, আজি সংগঠন দুটাই ৰাজ্যৰ প্ৰতিখন জিলাই জিলাই স্মাৰক পত্ৰ প্ৰদান কৰাৰ কাৰ্যসূচী গ্ৰহণ কৰিছে। যোৱা ২১ ডিচেম্বৰত এক জাননীৰ জৰিয়তে অসম চৰকাৰে নিযুক্তিৰ ক্ষেত্ৰত কাৰ্যকৰী হৈ থকা আর্থিকভাবে দুর্বল শ্ৰেণী (ইডব্লিউ এছ)ৰ সংৰক্ষণ ব্যৱস্থা স্থগিত ৰাখিবলৈ যি সিদ্ধান্ত গ্ৰহণ কৰিছে, সেই সিদ্ধান্তত দুয়োটা সংগঠনে গভীৰ উদ্বেগ প্ৰকাশ কৰিছে।

এই সিদ্ধান্তই সমাজৰ এক বৃহৎ অংশৰ যুৱক-যুৱতীৰ ক্ষতি কৰিব বুলি সংগঠন দুটাই আশংকা প্ৰকাশ কৰে। ভাৰতৰ ছাত্র ফেডাৰেচন আৰু ভাৰতৰ গণতান্ত্রিক যুব ফেডাৰেচনে এই সিদ্ধান্ত বাতিল কৰি অৰ্থনৈতিকভাৱে দুৰ্বল শ্ৰেণীৰ সংৰক্ষণ বাহাল ৰখাৰ দাবী জনাইছে।

মন কৰিবলগীয়া যে অসম চৰকাৰে ২০১১ চনৰ ২ ফেব্ৰুৱাৰী আৰু ১০ এপ্ৰিলত সুকীয়া ‘অফিচ মেম’ৰেণ্ডাম’ যোগে ৰাজ্যৰ আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীৰ লোকৰ বাবে চৰকাৰী নিযুক্তি প্ৰক্ৰিয়াত দহ শতাংশ পদ সংৰক্ষণ কৰিছিল। এনে সংৰক্ষণ ব্যৱস্থাৰ বাবে বিগত সময়ছোৱাত বহু দুখীয়া ঘৰৰ যুৱক-যুৱতীয়ে নিযুক্তি লাভ কৰিবলৈ সক্ষম হৈছিল।

কিন্তু যোৱা ২১ ডিচেম্বৰত অসম চৰকাৰৰ কর্মচাৰী বিভাগে ২০১৯ চনত বলৱৎ কৰা অফিচ মেম ৰেণ্ডামখন স্থগিত ৰাখি চৰকাৰী নিযুক্তি প্রক্রিয়াত আর্থিকভাবে দুর্বল শ্ৰেণীৰ বাবে থকা ১০ শতাংশ পদ সংৰক্ষণ ব্যৱস্থাত নিষেধাজ্ঞা বলৱৎ কৰে। এই নিষেধাজ্ঞাই এক বিৰূপ প্ৰভাৱ পেলাব বুলি মত পোষণ কৰি এই সিদ্ধান্ত বাতিল কৰাৰ দাবী উত্থাপন কৰিছে দুয়োটা সংগঠনে।

ইয়াৰ লগতে স্মাৰক পত্ৰৰ জৰিয়তে আর্থিকভাৱে দুৰ্বল শ্ৰেণীৰ সংৰক্ষণৰ সম্পৰ্কত কিছু মত দাঙি ধৰিছে এছ এফ আই আৰু ডি ৱাই এফ আই- এ। স্মাৰক পত্ৰ খনত সংগঠন দুটাই কয়, “প্রথমে, ই ডব্লিউ এইছ সংজ্ঞা নিৰ্ধাৰণৰ মাপকাঠীক লৈ আমি কিছু দিশ বিবেচনা কৰাৰ দাবী জনাইছোঁ।”

“অসম চৰকাৰে ই ডব্লিউ এইছ কোটাত সংৰক্ষণৰ সুবিধা লাভৰ বাবে পৰিয়াল এটাৰ বছৰেকীয়া আয় আৰু সম্পত্তিৰ ক্ষেত্ৰত থকা নিৰিখে যি প্রকৃত দৰিদ্ৰ আৰু নিঃস্ব নহয়, তেনে বৃহৎ জনসংখ্যাক এই সংৰক্ষণৰ সুবিধাসমূহ লাভ কৰিবলৈ সুযোগ দিব। কার্যতঃ ইয়াৰ ফলত দুখীয়াৰ মাজত বৈষম্যৰ সৃষ্টি হয়। গতিকে চৰকাৰে এই দিশটো বিশেষভাবে পর্যালোচনা কৰাৰ প্ৰয়োজন আছে।”

“দ্বিতীয়তে মুঠ আসনৰ ১০ শতাংশ সংৰক্ষণৰ বাবে নিৰ্ধাৰণ কৰা সঠিক হ’ব নে অসমৰ জনগাঁথনিলৈ বিবেচনা কৰি তাক পুনৰ নিৰ্ধাৰণ কৰাৰ প্রয়োজন থাকিব পাৰে সেই দিশটোও পর্যালোচনা কৰাৰ প্ৰয়োজন আছে। তৃতীয়তে বিগতসময়ত ই ডব্লিউ এছৰ প্ৰমাণ পত্ৰ লাভ কৰাৰ ক্ষেত্ৰত বিভিন্ন দুর্নীতিৰ অভিযোগ উত্থাপন হৈছে। ভুৱা প্ৰমাণ পত্ৰ যাতে ব্যবহাৰ কৰিব নোৱাৰে তাৰ প্ৰতি বিশেষ মনযোগ দিয়াৰ প্রয়োজন আছে।

এই দিশসমূহ উত্থাপন কৰি আমি পুনৰ ক’ব বিচাৰোঁ যে ই ডব্লিউ এছৰ সংৰক্ষণৰ ব্যৱস্থা অসমত বাহাল ৰখাৰ প্ৰয়োজন। ইয়াৰ সংশোধনী কৰি ত্রুটিসমূহ আঁতৰ কৰা প্ৰয়োজন কিন্তু ইয়াক বাতিল কৰাৰ সিদ্ধান্ত গ্রহণযোগ্য নহয়। আমি অসম চৰকাৰক নিযুক্তিৰ ক্ষেত্ৰত থকা আর্থিকভাবে দুর্বল শ্ৰেণীৰ সংৰক্ষণ বাহাল ৰাখিবলৈ দাবী জনালোঁ।”- স্মাৰক পত্ৰত এইদৰে উল্লেখ কৰে এছ এফ আই আৰু ডি বাই এফ আই- এ।