NORTHEAST NOW (Assamese)

ছেবাৰ যোৰহাট আৰু শিলচৰ মাণ্ডলিক কাৰ্য্যালয় বন্ধৰ সিদ্ধান্তৰ বিৰোধিতা এছ এফ আইৰ

February 15, 2019 2:12 pm · এন ই নাও নিউজ
ছেবাৰ গুৱাহাটী কাৰ্য্যলয়ৰ আলোকচিত্ৰ

ছেবাৰ যোৰহাট আৰু শিলচৰ মাণ্ডলিক কাৰ্য্যালয় দুটা বন্ধ কৰাৰ বাবে লোৱা সিদ্ধান্তৰ বিৰোধিতা কৰিছে এছ এফ আইৰ অসম ৰাজ্যিক শাখাই। এই সিদ্ধান্তক ছেবাৰ ৰাজহুৱা খণ্ডৰ শিক্ষানুষ্ঠানসমূহক ধ্বংসৰ আখৰা বুলি  কৈ এনে হঠকাৰী সিদ্ধান্তৰ বিৰোধিতা কৰিছে।

ছেবাই ৬ ফেব্ৰুৱাৰিত প্ৰকাশ কৰা এখন জাননী যোগে ২০১৫ চনত স্থাপন হোৱা কাৰ্য্যালয় দুটা বন্ধ কৰা হ’ব বুলি অৱগত কৰিছিল।

কংগ্ৰেছ আৰু বিজেপিৰ কোনো দলৰ চৰকাৰে কাৰ্য্যালয় দুটা উন্নয়নৰ বাবে গুৰুত্ব আৰোপ নকৰিলে বুলি সংগঠনটোৱে ক্ষোভ ব্যক্ত কৰি ছেবাৰ সিদ্ধান্তৰ বিৰুদ্ধে তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে এছ এফ আয়ে।

উল্লেখযোগ্য যে, ছেবাৰ কাম-কাজসমূহ নিয়াৰিকৈ চলোৱাৰ বাবে ৰাজ্য চৰকাৰে ২০১২ আৰু ২০১৩ চনত ছেবাৰ উন্নতিৰ বাবে শ্ৰীনাথ বৰুৱা আৰু দিলীপ বৰুৱা নামৰ আয়োগ গঠন কৰি দিছিল। এই আয়োগৰ পৰামৰ্শ অনুসৰি ৰাজ্যৰ পাঁচটা স্থানত মাণ্ডলিক কাৰ্য্যালয় স্থাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল।

কিন্তু দুখজনকভাবে পাঁচটা কাৰ্য্যালয় দূৰৰে কথা স্থাপন হোৱা দুটা কাৰ্য্যালয়ো অনুদানৰ অভাৱত বন্ধ কৰাৰ বাবে জাননী জাৰি কৰিব লগীয়া হ’ল। চৰকাৰৰ ছেবাৰ প্ৰতি এনে উদাসীনতা ৰাজহুৱা খণ্ডৰ বিদ্যালয় সমূহ ধ্বংসৰহে ষড়যন্ত্ৰ বুলি এছ এফ আয়ে অভিযোগ কৰে।

Related News