• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ছিমেষ্টাৰ পদ্ধতিত ব্যাপক খেলিমেলিৰ অভিযোগ; ৩০ আগষ্টত গুৱাহাটী বিশ্ববিদ্যালয় ঘেৰাও কৰিব এছ এফ আয়ে

বহী পুনৰ মূল্যাংকনৰ নামত প্ৰতিখন কাকতত সংগ্ৰহ কৰে ৮০০ টকাকৈ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
August 13, 2019 7:05 pm
SFI Press Meet

গুৱাহাটী প্ৰেছ ক্লাবত সংবাদমেল এছ এফ আইৰ অসম ৰাজ্যিক সমিতিৰ।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

“লুইতৰ পাৰ জিলিকাব”লৈ স্থাপন কৰা গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিৰুদ্ধে ছিমেষ্টাৰ পদ্ধতিৰ নামত ছাত্ৰ-ছাত্ৰীক বিভিন্ন প্ৰকাৰে ক্ষতিগ্ৰস্ত কৰাৰ অভিযোগ উঠিছে।

আজি গুৱাহাটী প্ৰেছ ক্লাবত এখন সংবাদমেলত এই পদ্ধতিটোৰ বিভিন্নটা কেৰোণ আৰু বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ছাত্ৰ-ছাত্ৰীক কৰি অহা অন্যায়ৰ বিৰুদ্ধে সৰৱ হয় ভাৰতৰ ছাত্ৰ ফেডাৰেইশ্যন চমুকৈ এছ এফ আইৰ অসম ৰাজ্যিক সমিতি।

Apply Now

“এই ছিমেষ্টাৰ ব্যৱস্থাৰ ফলাফলত নানান খেলিমেলি আছে। ইয়াৰ প্ৰতিফলন ছাত্ৰ-ছাত্ৰীৰ পৰীক্ষাৰ ফলত দেখা গৈছে।” সম্পাদক নিৰংকুশ নাথে কয়।

সমিতিৰ সভাপতি কাশ্যপ চৌধুৰীয়ে কয়, “ছিমেষ্টাৰ ব্যৱস্থাই এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰিছে যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰতি ছাত্ৰ-ছাত্ৰীৰ অনীহা আহি গৈছে”।

“য়ু জি চিৰ নিয়ম অনুসৰি ছিমেষ্টাৰ ব্যৱস্থাত প্ৰতিটো ষাণ্মাসিকত ৯০-১২০ দিন ক্লাছ হ’ব লাগে। কিন্তু গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনৰ মহাবিদ্যালয়বোৰত ৪০-৫০ দিনতকৈ বেছি ক্লাছ নহয়। যাৰ ফলত পাঠ্য বিষয় পঢ়াই শেষ নহয়”, ছাত্ৰ সংগঠনটোৰ অভিযোগ।

ইয়াৰ উপৰি শিক্ষক আৰু আন্তঃগাঁথনিৰ পৰ্য্যাপ্ত নহয়। এইবোৰ সীমাবদ্ধতা সত্ত্বেও এই শিক্ষাবৰ্ষতে কাৰ্যকৰী হোৱাকৈ CBCS  অৰ্থাৎ Choice Based Credit System আনিছে। যাৰ ফলত গোটেই ব্যৱস্থাটো ভেকো ভাওনাত পৰিণত হৈছে। সভাপতি কাশ্যপ চৌধুৰীয়ে সংবাদমেলত কয়।

“এইবোৰ প্ৰথমতে সংশোধন কৰক“, বিশ্ববিদ্যালয় কৰ্তৃপক্ষলৈ আহ্বান চৌধুৰীৰ।

ছাত্ৰ সংগঠনটোৱে বিশ্ববিদ্যালয়ৰ এই ঋণাত্মক দিশবোৰে পৰীক্ষাৰ ফলাফলত যথেষ্ট প্ৰভাৱ পেলাইছে বুলি তথ্য দাঙি ধৰে। তাৰে কিছু তথ্য এনে ধৰণৰ-

২০১৮-১৯ বৰ্ষত বিশ্ববিদ্যালয়খনে ঘোষণা কৰা প্ৰথম ছিমেষ্টাৰৰ কলা শাখাত ৩৭,২১৭গৰাকী শিক্ষাৰ্থীৰ ১০,৮৫৮গৰাকী (উত্তীৰ্ণ ২৯.৯৮ শতাংশ); বাণিজ্য শাখাত ২,২৬৬জন শিক্ষাৰ্থীৰ  ৪২৬গৰাকী (উত্তীৰ্ণ ১৮.৮০ শতাংশ); বিজ্ঞান শাখাত ৩২১৩জন শিক্ষাৰ্থীৰ ৫৬৬গৰাকী(উত্তীৰ্ণ  ১৭.৬২ শতাংশ)।

এই হতাশাজনক হাৰতে ব্যৱস্থাটোৰ উদ্বেগজনক দিশবোৰৰ প্ৰতিফলন ঘটিছে বুলি সংগঠনটোৱে দাবী কৰে।

আনহাতে বৃহত সংখ্যক ছাত্ৰ-ছাত্ৰীৰ বেক লাগিছে নতুবা ফলাফল উইথ-হেল্ড আছে বুলি দাবী কৰি কয় যে পৰীক্ষাত উপস্থিত থকাৰ পিছতো এক বুজন সংখ্যক ছাত্ৰ ছাত্ৰীক অনুপস্থিত দেখুওৱা হৈছে, যিটোৱে পৰীক্ষাৰ ফল ত্ৰুটিপূৰ্ণভাৱে দিয়া বুলি প্ৰমাণ কৰে।

তদুপৰি, গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই পৰীক্ষাৰ বহি পুনৰ মূল্যাংকনৰ নামতো ছাত্ৰ-ছাত্ৰীক অৰ্থনৈতিকভাৱে শোষণ কৰাৰ অভিযোগ আনিছে ছাত্ৰ সংগঠনটোৱে।

সংবাদমেলত ছাত্ৰ সংগঠনটোৱে জনোৱামতে, ছাত্ৰ-ছাত্ৰীয়ে যদি তেওঁলোকৰ পৰীক্ষৰ বহি পুনৰ মূল্যাংকন কৰাব খোজে তেতিয়া প্ৰতিখন কাকতৰ বাবত ভৰিব লগীয়া হয় ৮০০ কৈ টকা।

চেকিঙৰ নমত ২৫০ টকা, স্ক্ৰুটিনিৰ বাবত ২৫০ টকা আৰু বহীৰ ফটোকপি লাভ কৰাৰ বাবত ৩০০ টকা দিব লগীয়া হয়।

প্ৰতি বছৰে ব্যাপক সংখ্যক ছাত্ৰ-ছাত্ৰীৰ বহীত নম্বৰ দিয়াটোত খেলি-মেলি হোৱাটো প্ৰমাণ হৈ আহিছে। অথবা কেতিয়াবা ছাত্ৰ-ছাত্ৰীয়ে আশা কৰা ধৰণে নম্বৰ নোপোৱা বাবেও বহু পুনৰ মূল্যংকন কৰাবলৈ বিচাৰে।

ছাত্ৰ সংগঠনটোৰ দাবী, যিহেতু পৰীক্ষাৰ মাচুল দিয়া হয় পৰীক্ষাৰ উত্তৰ বহী পুনৰ মূল্যাংকন বিনামূলীয়া হয়। আৰু উত্তৰ বহীৰ কপি বিচাৰিলে কেৱল জেৰক্স কৰা পইচাহে ল’ব লাগে। কিয়নো এখন বহী জেৰক্স কৰিলে খুব বেছি পঞ্চাচ টকাহে খৰচ হ’ব, য’ত বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ৩০০ টকা লয়।

সংগঠনটোৱে সংবাদমেলখনত তেওঁলোকে ছিমেষ্টাৰ পদ্ধতিৰ সৈতে জড়িত এই ত্ৰুটিসমূহ আঁতৰ কৰিবৰ বাবে বিশ্ববিদ্যালয় কৰ্তৃপক্ষক কিছুমান দাবী তুলিছে, সেইবোৰ এনে ধৰণৰ-

১) ফলাফল পৰীক্ষা শেষ হোৱাৰ ৪৫ দিনৰ ভিতৰত ঘোষণা কৰিব লাগিব। পুনৰ মূল্যাংকনৰ ফলাফলো ৪৫ দিনৰ ভিতৰতে ঘোষণা হ’ব লাগিব।

২) গ্ৰেডিং ব্যৱস্থাৰ আসোঁৱাহ দূৰ কৰিব লাগিব।

৩) পুনৰ মূল্যাংকনৰ তিনিস্তৰীয় ব্যৱস্থা উঠাই দিব লাগিব।

৪) বেক উঠোৱাৰ বাবে বিশেষ পৰীক্ষা অনুষ্ঠিত কৰিব লাগিব।

৫) পুনৰ মূল্যাংকন সম্পূৰ্ণ বিনামূলীয়া কৰিব লাগিব ইত্যাদি।

সভাপতি কাশ্যপ চৌধুৰীয়ে জনায় যে এই খেলি-মেলিসমূহ অৱগত কৰি বিশ্ববিদ্যালয় কৰ্তৃপক্ষক স্মাৰক পত্ৰ দিয়া হৈছিল।  কিন্তু বিশ্ববিদ্যালয় কৰ্তৃপক্ষই এই ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই।

এই দাবীবোৰ মানি লৈ খেলি-মেলি দূৰ নকৰিলে এছ এফ আইৰ ফালৰ পৰা অহা ৩০ আগষ্টত বিশ্ববিদ্যালয় ঘেৰাও কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব, সংগঠনটোৱে সংবাদমেলত স্পষ্ট কৰে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

মোদীৰ অনুষ্ঠানস্থলীত অস্ত্ৰসহ যুৱকক আটক : নিজকে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ বিষয়া বুলি পৰিচয় দিয়াৰ অভিযোগ

মোদীৰ অনুষ্ঠানস্থলীত অস্ত্ৰসহ যুৱকক আটক : নিজকে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ বিষয়া বুলি পৰিচয় দিয়াৰ অভিযোগ

September 8, 2026 9:26 pm
হাউচফুল! ‘বুক মাই শ্ব’ত মাত্ৰ এঘণ্টাতে শেষ প্ৰধানমন্ত্ৰীৰ জনসভাৰ টিকট, ৱেটিং লিষ্টত আছে ৪২ হাজাৰ লোক!

হাউচফুল! ‘বুক মাই শ্ব’ত মাত্ৰ এঘণ্টাতে শেষ প্ৰধানমন্ত্ৰীৰ জনসভাৰ টিকট, ৱেটিং লিষ্টত আছে ৪২ হাজাৰ লোক!

September 8, 2026 8:23 pm
বিবাহবিচ্ছেদ হ’লে কন্যা সন্তানে লাভ কৰিব ‘পৰিয়াল পেঞ্চন’ : ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়

বিবাহবিচ্ছেদ হ’লে কন্যা সন্তানে লাভ কৰিব ‘পৰিয়াল পেঞ্চন’ : ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়

September 8, 2026 7:23 pm
“জেলৰ পৰা ওলাই আহি ছুগাৰ ডেডীকো হত্যা কৰিম!” সাংবাদিকৰ আগত ভাবুকি ঘাতক ৰামানুজ গোস্বামীৰ

“জেলৰ পৰা ওলাই আহি ছুগাৰ ডেডীকো হত্যা কৰিম!” সাংবাদিকৰ আগত ভাবুকি ঘাতক ৰামানুজ গোস্বামীৰ

September 8, 2026 6:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মোদীৰ অনুষ্ঠানস্থলীত অস্ত্ৰসহ যুৱকক আটক : নিজকে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ বিষয়া বুলি পৰিচয় দিয়াৰ অভিযোগ

মোদীৰ অনুষ্ঠানস্থলীত অস্ত্ৰসহ যুৱকক আটক : নিজকে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ বিষয়া বুলি পৰিচয় দিয়াৰ অভিযোগ

September 8, 2026 9:26 pm
হাউচফুল! ‘বুক মাই শ্ব’ত মাত্ৰ এঘণ্টাতে শেষ প্ৰধানমন্ত্ৰীৰ জনসভাৰ টিকট, ৱেটিং লিষ্টত আছে ৪২ হাজাৰ লোক!

হাউচফুল! ‘বুক মাই শ্ব’ত মাত্ৰ এঘণ্টাতে শেষ প্ৰধানমন্ত্ৰীৰ জনসভাৰ টিকট, ৱেটিং লিষ্টত আছে ৪২ হাজাৰ লোক!

September 8, 2026 8:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd