ভাৰতৰ সৈতে সুসম্পৰ্ক গঢ়িব খোজা শ্বাহবাজ শ্বৰিফৰ মতে কাশ্মীৰৰ সমাধান অবিহনে সেয়া অসম্ভৱ

শাসনত বহিয়েই পাকিস্তানৰ নতুন প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰিফে ভাৰতৰ প্ৰসংগ উত্থাপন কৰি টানি আনিলে কাশ্মীৰৰ প্ৰসংগ। সোমবাৰে দেশখনৰ ২৩তম প্ৰধানমন্ত্ৰী হিচাপে শপত লয় প্ৰাক্তন প্ৰধানমন্ত্ৰী নৱাজ শ্বৰিফৰ ভাতৃ শ্বাহবাজ শ্বৰিফে।

পাকিস্তানৰ নেশ্যনেল এছেম্বলিত থিয় হৈ সোমবাৰে শ্বাহবাজে কয়, ‘’আমি ভাৰতৰ সৈতে সুসম্পৰ্ক বিচাৰো, কিন্তু কাশ্মীৰৰ সমস্যাৰ সমাধান অবিহনে দুয়োখন দেশৰ মাজত সম্পৰ্কৰ উন্নতি সম্ভৱ নহয়।‘’

তেওঁ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আহ্বান জনাই কয়, ’’মই মোদীক মনত পেলাই দিব বিচাৰো যে দুয়োখন দেশতে দৰিদ্ৰতা আছে। প্ৰধানমন্ত্ৰী মোদীৰ ওচৰত মোৰ আবেদন যে জম্মু আৰু কাশ্মীৰৰ সমস্যা সমাধানৰ বাবে আগবাঢ়ি আহক। দৰিদ্ৰতা নিৰ্মূলৰ বাবে একেলগে যুঁজ দিম।‘’

লগতে পঢ়ক: ভাৰতত বৃদ্ধি পাই অহা মানৱাধিকাৰ উলংঘনৰ ঘটনাত দৃষ্টি ৰাখিছে আমেৰিকাই: ৰাষ্ট্ৰ সচিব ব্লিনকেন

১৯৪৭ চনৰ পিছৰে পৰাই কাশ্মীৰ বিষয়কলৈ ভাৰত-পাকিস্তানৰ মাজৰ সম্পৰ্কত অৱনতি ঘটিছে। ইমৰাণ খানে কাশ্মীৰ বিষয়টোক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰি দেশৰ ৰাজনীতিত নায়ক হোৱাৰ চেষ্টা চলাইছিল। ৰাষ্ট্ৰসংঘকে ধৰি বিভিন্ন আন্তৰ্জাতিক মঞ্চত কাশ্মীৰ বিষয়টো তুলি ধৰি ইছলামাবাদ নতুন দিল্লীৰ বিৰুদ্ধে সৰৱ হৈছিল যদিও সফল নহ’ল।

ভাৰতে ইতিমধ্যে কাশ্মীৰ সমস্যা ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক সমস্যা বুলি জনাই অহাৰ লগতে একমাত্ৰ দ্বিপাক্ষিক আলোচনাৰে ইয়াৰ সমাধান হ’ব লাগিব বুলি দোহাৰি আহিছে।

লগতে পঢ়ক: ‘হে মোৰ সপোনৰ সূৰ্যৰ মানুহ’-জ্ঞানপীঠ বঁটা গ্ৰহণ কৰি আৰু কি ক’লে কবি নীলমনি ফুকনে? চাওক, কাব্যঋষিৰ ভাষণৰ সম্পূৰ্ণ পাঠ

ইমৰাণ খানে নোৱাৰিলে। কিন্তু প্ৰধানমন্ত্ৰীৰ আসনত বহি ইমৰাণৰ ধৰণেৰেই কাশ্মীৰ সমস্যাৰ সমাধানৰ পথ বিচাৰিলে শ্বাহবাজ শ্বৰিফে। শ্বাহবাজে কৈছে যে তেওঁলোকে প্ৰতিখন আন্তৰ্জাতিক মঞ্চতে কাশ্মীৰ প্ৰসংগ উত্থাপন কৰিব।