যুৱৰাজ সিং আৰু হৰভজন সিঙক সমৰ্থন কৰি আফ্ৰিদীয়ে ক’লে, ‘আমি প্রেম আৰু শান্তিৰ দূত’

1yuvraj-harbhajan-attacked-for-supporting-shahid-afridi-s-efforts-against-coronavirus-1585742189-2246

প্ৰতিনিধিত্বমূলক চিত্ৰ

যুৱৰাজ সিং আৰু হৰভজন সিঙৰ সমৰ্থনত আগবাঢ়ি আহিছে প্ৰাক্তন পাকিস্তানৰ আন্তৰাষ্ট্ৰীয় প্ৰাক্তন ক্ৰিকেটাৰ শ্বাহীদ আফ্ৰিদী।

উল্লেখ্য যে সমগ্ৰ বিশ্বতে নৰ সংহাৰ চলোৱা ক’ৰ’না ভাইৰাছৰ বিৰুদ্ধে যুঁজিবলৈ শ্বাহীদ আফ্ৰিদীয়ে এক ন্যাস গঠন কৰিছে। পাকিস্থান ক্ৰিকেটৰ দলৰ প্ৰাক্তন অধিনায়কজনে এই ন্যাসৰ যোগেদি বিভিন্নজনৰ সঁহাৰি বিচাৰি এক আবেদন কৰিছিল।

ভাৰতীয় দুই ক্ৰিকেট তাৰকা হৰভজন সিং আৰু যুৱৰাজ সিং দুয়ো আফ্ৰিদীৰ এই প্ৰচেষ্টালৈ সমৰ্থনৰ লগতে সঁহাৰি জনাইছিল চ’ছিয়েল মিডিয়াৰ জৰিয়তে।

তাকে লৈ ভাৰতৰ একাংশ অসহিষ্ণু লোকে আফ্ৰিদীক চ’ছিয়েল মিডিয়াত ট্ৰল কৰা দেখা গৈছিল।

আনকি এইদৰে আফ্ৰিদীক সমৰ্থন কৰাত দুই ভাৰতীয় ক্ৰিকেটাৰকো সমালোচনা কৰাৰ লগতে ট্ৰল কৰিছে ভাৰতৰ একাংশ অসহিষ্ণু লোকে।

ইয়াৰ পিছতে আফ্ৰিদীয়ে দুই ভাৰতীয় ক্ৰিটাৰক সমৰ্থন জনাই এক টুইট কৰিছে। আফ্ৰিদীয়ে টুইট কয় যে, ‘আমি প্ৰেম আৰু শান্তিৰ দূত।’

উল্লেখ্য যে, হৰভজ সিঙে এটা ভিডঅ’যোগে দুয়োখন দেশৰ ক্ৰিকেটাৰসকলক একে ধৰণৰ আহ্বান জনোৱাৰ লগতে যুৱৰাজ সিঙে ‘এয়া পৰীক্ষাৰ সময়, এই সময়ত আমি ইজনে সিজনৰ সহায় কৰাৰ সময়’ বুলি আফ্ৰিদীক সমৰ্থন কৰি টুইট কৰিছিল।