পুনৰ ভাৰত আৰু পাকিস্তানৰ মাজত ক্ৰিকেট শৃংখলা হ’ব নেকি? শ্বাহিদ আফ্ৰিদীৰ প্ৰত্যাশা

যোৱা ৯ বছৰ ধৰি ভাৰত আৰু পাকিস্তানৰ মাজত ক্ৰিকেট শৃংখলা অনুষ্ঠিত হোৱা নাই।

দুয়ো দেশৰ মাজত সীমা সংঘাত আৰু ৰাজনৈতিক সমস্যাৰ বাবে যোগাযোগ প্ৰায় বন্ধ হৈ আছে।

যোৱা সপ্তাহত, বাতৰি আহিছে ভাৰত-পাকিস্তানৰ মাজত পুনৰ আলাপ-আলোচনাই এক গতি লাভ কৰিবলৈ উলাইছে।

পাকিস্তানৰ এখন বাতৰি কাকতৰ মতে, পাকিস্তান ক্ৰিকেট ব’ৰ্ডেও এই সম্পৰ্কেও চিন্তা-চৰ্চা কৰিছে।

এই সম্পৰ্কে দেশখনৰ প্ৰাক্তন তাৰকা ক্ৰিকেটাৰ শ্বাহিদ আফ্ৰিদীয়েও মুখ খুলিছে।

”পাকিস্তান আৰু ভাৰতৰ মাজত ক্ৰিকেট অত্যন্ত প্ৰয়োজনীয়। ৰাজনীতিৰ পৰা ক্ৰীড়াক আঁতৰাই ৰখা উচিত। দুয়ো দেশৰ মাজৰ সম্পৰ্কক ক্ৰিকেটে উন্নীত কৰিব পাৰে।”- আফ্ৰিদীয়ে এইদৰে কয়।

”মই এই কথা পূৰ্বেও কৈছিলো যে ভাৰতীয় ক্ৰিকেটাৰসকলে পাকিস্তানলৈ আহি ভাল পায়। সম্পৰ্কবোৰক ক্ৰীড়াৰ যোগেৰে উন্নীত কৰিব পাৰি কিন্তু যদি সেয়া উন্নীত কৰিব বিচৰা নাই, তেন্তে সেয়া একেধৰণেই থাকিব।”- তেওঁ কয়।