NORTHEAST NOW (Assamese)

জে’লৰ পৰা ওলাই শ্বাহৰুখ পুত্ৰ আৰিয়ান খানে কৰিব নোৱাৰিব এইকেইটা কাম

October 29, 2021 2:23 pm · এন ই নাও নিউজ, গুৱাহাটী

মুম্বাইৰ বিলাসী ক্ৰুইজৰ ড্ৰাগছৰ গোচৰত কালি জামিন পোৱা আৰিয়ান খানে বোম্বে হাইকোৰ্টৰ নিৰ্দেশৰ প্ৰতিলিপি এতিয়াও পোৱা নাই।

শুকুৰবাৰে আদালতে এই নিৰ্দেশৰ প্ৰতিলিপি দিব। অৱশ্যে প্ৰতিলিপি পোৱাৰ পূৰ্বে আৰিয়ানে নিজৰ বাসগৃহলৈ যাব পাৰিব।

পিচে, জে’লৰ পৰা বাহিৰলৈ ওলালেও আৰিয়ানে কেইটামান কাম কৰিব নোৱাৰিব। কি কি কামৰ পৰা আৰিয়ান বিৰত থাকিব লাগিব চাওক-

এনচিবিৰ চৰ্ত অনুসৰি বিশেষ আদালতৰ ওচৰত আৰিয়ানে পাছপ’ৰ্ট জমা ৰাখিব লাগিব। অৰ্থাৎ অভিযুক্তই বিশেষ অনুমতি অবিহনে দেশ এৰি যাব নোৱাৰিব।

বিদেশৰ উপৰি দেশৰ বিভিন্ন স্থানলৈও ইচ্ছা কৰিলেও যাব নোৱাৰিব শ্বাহৰুখ পুত্ৰ আৰিয়ান। মুম্বাই এৰি আন কোনো ঠাইলৈ যাবলৈ হ’লে তদন্তকাৰী বিষয়াক জনাব লাগিব।

তদুপৰি, জে’লৰ পৰা ওলাই সংবাদ মাধ্যমৰ আগত বিলাসী ক্ৰুইজৰ ড্ৰাগছৰ গোচৰত আদালতত হোৱা কথোপকথন আৰিয়ানে সদৰী কৰিব নোৱাৰিব। তেওঁ লগতে ছচিয়েল মাধ্যমতো একো লিখিব নোৱাৰিব।

সেইদৰে, জে’লৰ পৰা ওলোৱাৰ পাছত তেওঁৰ সহ অভিযুক্তসকলৰ সৈতে যোগাযোগ কৰাৰ ক্ষেত্ৰতো এনচিবিৰ নিষেধাজ্ঞা আছে। তদন্তকাৰী সংস্থাটোৱে ফোন বা আন কোনোধৰণৰ যোগাযোগৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰিছে।

আনহাতে, প্ৰমান নষ্ট কৰা, সাক্ষীক প্ৰভাৱিত কৰা বা তদন্তত অসহযোগিতা কৰিব নোৱাৰিব। এইসমূহ ভাৰতীয় দণ্ডবিধিৰ সকলো গোচৰৰ ক্ষেত্রতে প্ৰযোজ্য।             

Related News