জনপ্ৰিয় সামাজিক মাধ্যম ফেইচবুকৰ জৰিয়তে এজন মুছলমান যুৱকে বাংলাদেশৰ ষ্টাৰ অলৰাউণ্ডাৰ ছাকিব আল হাছানক মৃত্যুৰ ভাবুকি প্ৰদান কৰিছে।
অলৰাউণ্ডাৰ ছাকিবৰ বিৰুদ্ধে ধৰ্মৰ প্ৰতি অসন্মান প্ৰদৰ্শনৰ অভিযোগ উত্থাপন হৈছে।
আচলতে বাংলাদেশী ক্ৰিকেটাৰগৰাকীয়ে শেহতীয়াকৈ কলকাতা ভ্ৰমণলৈ আহিছিল। য’ত তেওঁ এখন কালী পূজাত অংশ লৈছিল।
ইয়াৰ পিছতে বাংলাদেশৰ চিলেট চহৰৰ মোহছিন তালুকদাৰ নামৰ এজন যুৱকে ক্ৰিকেটাৰগৰাকীক মৃত্যুৰ ভাবুকি প্ৰদান কৰিছিল।
ছাকিবৰ ব্যৱহাৰে মুছলমান সমাজক অপমান কৰা বুলি যুৱকজনে ফেইচবুকৰ জৰিয়তে ক্ষোভ উজাৰিছিল।
তেওঁ লগতে ছাকিবক মাৰিবলৈ প্ৰয়োজনত ছিলেটৰ পৰা ধাকালৈ খোজকাঢ়ি যাবলৈও সাজু বুলি মন্তব্য কৰে।
চিলেট আৰক্ষীৰ শীৰ্ষ বিষয়া আছৰফ উল্লাহ তাহিৰে এই বিষয়টো গুৰুত্ব সহকাৰে গ্ৰহণ কৰি তদন্তৰ বাবে ভিডিঅ’ লিংকটো চাইবাৰ ফৰেন্সিক দলক প্ৰদান কৰা বুলি জানিবলৈ দিয়ে।
উল্লেখ্য যে দেওবাৰে দুপৰীয়া যুৱকজনে ফেইচবুক লাইভযোগে ছাকিবক ধমকি প্ৰদান কৰিছিল। এই ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ পিছতে যুৱকজনে আন এটা ফেইচবুক লাইভ কৰি সমগ্ৰ ঘটনাৰ বাবে ক্ষমা খোজে।
বৰ্তমান দুয়োটা ভিডিঅ’ ফেইচবুকৰ পৰা আঁতৰোৱা হৈছে।
উল্লেখ্য যে ছাকিবে যোৱা বৃহস্পতিবাৰে কলকাতাত উপস্থিত হৈ বেলঘাট অঞ্চলত কালি পূজাত অংশ লৈছিল। অৱশ্যে ইয়াৰ পিছদিনাই তেওঁ নিজ দেশলৈ উভতি যায়।
এই ঘটনাৰ স্পষ্টীকৰণ প্ৰদান কৰি ছাকিবে ক্ষমা খোজাৰ লগতে তেওঁ কালী পূজা উদ্বোধন নকৰা বুলিও দাবী কৰে।
উল্লেখ্য যে ফিক্সিঙৰ অপৰাধত আই চি চিয়ে দুবছৰৰ বাবে নিষিদ্ধ কৰিছিল ছাকিব আল হাছানক। অৱশ্যে তেওঁৰ ওপৰত থকা নিষেধাজ্ঞা যোৱা ২৯ অক্টোবৰত অন্ত পৰে আৰু বৰ্তমান তেওঁ অনুশীলনত ব্যস্ত।