বিৰাট কোহলীৰ দিনটোত সকলোৰে দৃষ্টি কাঢ়ি নিলে মহম্মদ ছামিয়ে। বুধবাৰে ৱানখেড়ে ষ্টেডিয়ামত নিউজিলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত হোৱা বিশ্বকাপ ২০২৩ৰ ছেমি ফাইনেলত টীম ইণ্ডিয়াৰ তাৰকা পেচাৰগৰাকীয়ে এক অভিলেখ গঢ়ি তুলিছে, যিটো এদিনীয়া বিশ্বকাপৰ ইতিহাসত আন কোনো বলাৰৰ নাই। স্বাভাৱিকতে নিউজিলেণ্ডক পৰাস্ত কৰি যেতিয়া ভাৰতে ফাইনেলত প্ৰৱেশ কৰিছিল, তেতিয়া কোহলীৰ ৫০ শতকৰ চৰ্চাও ক’ৰবাত যেন ম্লান পৰি গ’ল।
ছেমি ফাইনেলত নিউজিলেণ্ডৰ বিৰুদ্ধে ৯.৫ অভাৰত ৫৭ ৰানত ৭ উইকেট দখল কৰে মহম্মদ ছামিয়ে। এদিনীয়া খেলত ৭টা উইকেট দখল কৰিব পৰা নাই আন কোনো ভাৰতীয় বলাৰে। এইদৰে ছামিয়ে এদিনীয়া ক্ৰিকেটৰ ইতিহাসত ভাৰতৰ হৈ এতিয়ালৈকে সৰ্বশ্ৰেষ্ঠ বলিং প্ৰদৰ্শন দাঙি ধৰিলে। ইয়াৰ পূৰ্বে ষ্টুয়াৰ্ট বিন্নিয়ে ভাৰতৰ হৈ এদিনীয়া ক্ৰিকেটত সৰ্বোত্তম বলিং প্ৰদৰ্শন কৰিছিল। ২০১৪ চনত মিৰপুৰত তেওঁ বাংলাদেশৰ বিৰুদ্ধে ৪ ৰানত ৬ টা উইকেট দখল কৰিছিল।
এদিনীয়া ক্ৰিকেটৰ ইতিহাসত মুঠ ১৪ বাৰ এখন খেলত ৭ বা তাতকৈ অধিক উইকেট দখল কৰাৰ ঘটনা ঘটিছে। অৰ্থাৎ ১৪ নং বলাৰ হিচাপে ছামিয়ে এদিনীয়া ক্ৰিকেট মেচত ৭টা উইকেট দখল কৰে। এদিনীয়া ইতিহাসত সৰ্বশ্ৰেষ্ঠ বলিং প্ৰদৰ্শনৰ অভিলেখ অৰ্জন কৰিছে শ্ৰীলংকাৰ চামিন্দা ভাছে। ২০০১ চনত কলম্বোত জিম্বাবুৱেৰ বিৰুদ্ধে তেওঁ ১৯ ৰানত ৮ টা উইকেট দখল কৰিছিল।
ইয়াৰ উপৰিও শ্বাহিদ আফ্ৰিদি, গ্লেন মেকগ্ৰাথ, ৰছিদ খান, এণ্ডি বিচেল, মুথিয়া মুৰালিথাৰণ, আলী খান, টিম চাউথী, ট্ৰেণ্ট ব’ল্ট, ৱাকাৰ ইউনিছ, আকিব জাভেদ, ইমৰাণ তাহিৰ আৰু উইন্সটন ডেভিছৰ এদিনীয়া ক্ৰিকেটত ৭টা উইকেট দখল কৰাৰ কৃতিত্ব আছে।
এদিনীয়া বিশ্বকাপৰ ইতিহাসত মুঠ ৫জন বলাৰে এখন খেলতে ৭টা উইকেট দখল কৰাৰ কৃতিত্ব অৰ্জন কৰিছিল। গ্লেন মেকগ্ৰাথ, এণ্ডি বিচেল, টিম চাউথী আৰু উইন্সটন ডেভিছে ছামিৰ আগত এনে এক অভিলেখ গঢ়ি তুলিছিল। অৱশ্যে বিশ্বকাপৰ নক আউট মেচত ছামিৰ আগত বিশ্বৰ আন কোনো বলাৰেই এটা ইনিংছত ৭টা উইকেট ল’ব পৰা নাছিল। কেৱল বিশ্বকাপৰ ইতিহাসতেই নহয়, নক আউট এদিনীয়া প্ৰতিযোগিতাত ছামিৰ আগতে কোনো বলাৰেই এটা ইনিংছত ৭টা উইকেট দখল কৰা নাছিল।
ছামিয়ে বিশ্বকাপৰ নক আউটত অষ্ট্ৰেলিয়াৰ গেৰী গিলম’ৰৰ শ্ৰেষ্ঠ বলিং প্ৰদৰ্শনৰ অভিলেখ ভংগ কৰে। ১৯৭৫ চনত উদ্বোধনী বিশ্বকাপত ইংলেণ্ডৰ বিৰুদ্ধে নক আউট মেচত ১৪ ৰানত ৬টা উইকেট দখল কৰিছিল অষ্ট্ৰেলিয়াৰ তাৰকাগৰাকীয়ে। সেইদৰে, মহম্মদ ছামিয়ে গেৰীৰ ৪৮ বছৰীয়া অভিলেখ ভংগ কৰিলে।