• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 30, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

‘এই বিশ্বাসঘাতকতা মানুহে কেতিয়াও ক্ষমা নকৰে’, ‘কাটাপ্পা’ক সোঁৱৰাই দিলে ‘বাহুবলী’ৰ অনুৰাগীয়ে

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
July 6, 2023 1:18 pm
2.5k
VIEWS
Share on FacebookShare on Twitter

ৰাজনীতিৰ সৈতে অভিনয় জগতখন, বিশেষকৈ বলীউড যেন এক অৱিচ্ছিন্ন সম্পৰ্কৰে গঁথা। নেতা আৰু অভিনেতাৰ চৰিত্ৰবোৰো কেতিয়াবা সমাৰ্থক হৈ পৰে কল্পনা আৰু বা স্তৱৰ কাহিনীৰ জৰিয়তে।

এন চি পি বনাম এন চি পিৰ যুঁজখনৰ মাজত এইবাৰ প্ৰৱেশ কৰিলে চিনেমাৰ প্ৰসংগ। ৰাষ্ট্ৰীয়তাবাদী কংগ্ৰেছ দল প্ৰকৃততে কাৰ সেই সম্পৰ্কে শাৰদ পাৱাৰ আৰু অজিত পাৱাৰৰ মাজত হোৱা যুঁজখনকলৈ সমগ্ৰ মহানগৰীখন পোষ্টাৰেৰে ভৰি পৰিছে।

লগতে পঢ়ক: টুইটাৰৰ ‘শত্ৰু’ৰ আৱিৰ্ভাৱ! ইনষ্টাগ্ৰামে আনিছে নতুন এপ; কি কি সুবিধা আছে ইয়াত? চাওক সবিশেষ

শাৰদ পাৱাৰৰ সমৰ্থকে অজিত পাৱাৰক দেশদ্ৰোহী আখ্যা দি পোষ্টাৰ লগাইছে। এই বিশ্বাসঘাতকতাৰ বাবে সাধাৰণ ৰাইজে অজিত পাৱাৰক কেতিয়াও ক্ষমা নকৰে বুলিও পোষ্টাৰখনত উল্লেখ কৰা হৈছে। বাহুবলী চিনেমাখনৰ এটা বিশেষ দৃশ্যৰ জৰিয়তে অজিত পাৱাৰে খুড়াকৰ সৈতে কৰা বিশ্বাসঘাতকতাক তুলি ধৰা হৈছে।

সমৰ্থকসকলে দিল্লীত শাৰদ পাৱাৰৰ বাসগৃহৰ বাহিৰত পোষ্টাৰ লগাইছে। অজিত পাৱাৰৰ এন চি পিৰ দখলক দক্ষিণৰ ব্লকবাষ্টাৰ চিনেমা বাহুবলীৰ সৈতে তুলনা কৰা হৈছে। অজিত পাৱাৰক কাটাপ্পাৰ লগত আৰু শাৰদ পাৱাৰক বাহুবলীৰ লগত তুলনা কৰা হৈছে।

অনুৰাগীসকলে দাবী কৰিছে যে বাহুবলী চিনেমাখনৰ প্ৰথম খণ্ডৰ শেষৰ দৃশ্যত কাটাপ্পাই বাহুবলীক যিদৰে তৰোৱালেৰে আঘাত কৰিছিল, ঠিক সেইদৰে অজিত পাৱাৰেও খুড়াক শাৰদ পাৱাৰৰ পিঠিত তৰোৱালেৰে আঘাত কৰিছে।

লগতে পঢ়ক: শপতনামাত স্বাক্ষৰ কৰিও শান্তি নাই, হোটেলত বন্দী অজিত শিবিৰৰ বিধায়ক; দিল্লীলৈ শাৰদ পাৱাৰ

এন চি পিৰ ছাত্ৰ সংগঠনটোৱে লগোৱা পোষ্টাৰখনত লিখা আছে, “আপোনালোকৰ মাজত বিশ্বাসঘাতকসকল লুকাই থাকে, সমগ্ৰ দেশে সেয়া দেখিছে। এনে প্ৰতাৰকক মানুহে কেতিয়াও ক্ষমা নকৰে।” পোষ্টাৰৰ তলত হেচটেগ দি লিখা হৈছে-গদ্দাৰ।

বুধবাৰে এন চি পিৰ দুয়োটা শিবিৰে শক্তি প্ৰদৰ্শনৰ বৈঠক আহ্বান কৰিছিল। এনচিপিৰ ৫৩ গৰাকী বিধায়কৰ ভিতৰত অজিত পাৱাৰৰ বৈঠকত অংশ লৈছিল ৩২ বিধায়কে। আনহাতে, শাৰদ পাৱাৰৰ বৈঠকত ১৪ গৰাকী বিধায়ক উপস্থিত থাকে।

লগতে পঢ়ক: উইম্বলডনে ভংগ কৰিলে ১৪৬ বছৰীয়া নিয়ম; এতিয়া মহিলাসকলে পিন্ধিব পাৰিব ৰঙীণ অন্তৰ্বাস

ইতিমধ্যে অজিত পাৱাৰে এন চি পিৰ নাম আৰু প্ৰতীকৰ ওপৰত নিজৰ অধিকাৰ সাব্যস্ত কৰি নিৰ্বাচন আয়োগৰ কাষ চাপিছে। ইপিনে, ভতিজাকৰ এই পদক্ষেপৰ পাছত আজি শাৰদ পাৱাৰে দিল্লীলৈ গৈ কাৰ্যকৰী সমিতিৰ বৈঠকত অংশগ্ৰহণ লৈছে।

Recent News

যদি মোদীৰ ইন্দিৰা গান্ধীৰ দৰে সাহস আছে, তেন্তে তেওঁ কওক যে ট্ৰাম্পে যুদ্ধবিৰতিৰ বিষয়ে মিছা কৈছিল: ৰাহুল গান্ধী

যদি মোদীৰ ইন্দিৰা গান্ধীৰ দৰে সাহস আছে, তেন্তে তেওঁ কওক যে ট্ৰাম্পে যুদ্ধবিৰতিৰ বিষয়ে মিছা কৈছিল: ৰাহুল গান্ধী

ইয়াতেই লিখা হৈছিল ‘গীতঞ্জলি’, এতিয়া পৰিতক্ত ৰবীন্দ্ৰনাথৰ সেই ‘হৈমন্তী’! ৰক্ষণাবেক্ষণৰ দাবী প্ৰতিমা মণ্ডলৰ

ইয়াতেই লিখা হৈছিল ‘গীতঞ্জলি’, এতিয়া পৰিতক্ত ৰবীন্দ্ৰনাথৰ সেই ‘হৈমন্তী’! ৰক্ষণাবেক্ষণৰ দাবী প্ৰতিমা মণ্ডলৰ

পেহেলগামৰ বিফলতাৰ বাবে গৃহমন্ত্ৰী অমিত শ্বাহে নিজৰ নৈতিক দায়িত্ব স্বীকাৰ কৰি  ‘ৰাজধৰ্ম’ৰ নীতি মানি চলিব লাগিছিল : গৌৰৱ গগৈ

পেহেলগামৰ বিফলতাৰ বাবে গৃহমন্ত্ৰী অমিত শ্বাহে নিজৰ নৈতিক দায়িত্ব স্বীকাৰ কৰি  ‘ৰাজধৰ্ম’ৰ নীতি মানি চলিব লাগিছিল : গৌৰৱ গগৈ

ৰাস্তা নে পথাৰ? দৈনিক ৩ কিঃমিঃ বোকা পাৰ কৰি বিদ্যালয়মুখী আদিবাসী শিক্ষাৰ্থী

ৰাস্তা নে পথাৰ? দৈনিক ৩ কিঃমিঃ বোকা পাৰ কৰি বিদ্যালয়মুখী আদিবাসী শিক্ষাৰ্থী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd