বিজেপি বিৰোধী ঐক্যৰ পোষকতা; দলৰ কৰ্মীসকলক যুঁজৰ বাবে সাজু হ’বলৈ আহ্বান শৰদ পাৱাৰৰ

কেইবাজনো বিৰোধী নেতা কেন্দ্ৰীয় তদন্ত সংস্থাৰ নিৰীক্ষণত থকাৰ সময়তো এনচিপিৰ সভাপতি শৰদ পাৱাৰে দেওবাৰে কয় যে তেওঁৰ দলে কেতিয়াও “দিল্লীৰ শাসকসকলৰ” সন্মুখত আত্মসমৰ্পণ নকৰে।তেওঁ গেৰুৱা দলটোক ক্ষমতাৰ পৰা আঁতৰাই ৰাখিবলৈ অ-বিজেপি দলসমূহক একেলগে কাম কৰিবলৈ আহ্বান জনায়।

দিল্লীত নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টিৰ (এনচিপি) অষ্টম ৰাষ্ট্ৰীয় সন্মিলনত ভাষণ দি পাৱাৰে বৰ্ধিত মুদ্ৰাস্ফীতি, নিবনুৱা, কৃষকসকলৰ প্ৰতিবাদৰ মোকাবিলা আৰু দেশৰ ধৰ্মীয় সংখ্যালঘুসকলৰ বিৰুদ্ধে “ঘৃণা বিয়পোৱা”ৰ বাবে প্ৰধানমন্ত্ৰী মোডীৰ চৰকাৰক তীব্ৰ সমালোচনা কৰে।

লগতে পঢ়ক: মেঘালয়ত কাৰাগাৰৰ পৰা পলায়ন কৰা ৬ অপৰাধীৰ ভিতৰৰ ৪জনৰ গণ প্ৰহাৰত মৃত্যু

ৰাজ্যসভাৰ ৮১ বছৰীয়া সদস্যগৰাকীয়ে দলীয় কৰ্মীসকলক উদ্দেশ্যি কয়, “আমি বৰ্তমানৰ চৰকাৰক গণতান্ত্ৰিকভাৱে প্ৰত্যাহ্বান জনাব লাগিব, যিয়ে ধন-ক্ষমতাৰ বলত প্ৰৱৰ্তন সঞ্চালকালয়, চিবিআইৰ দৰে কেন্দ্ৰীয় সংস্থাসমূহৰ অপব্যৱহাৰ কৰি আছে। আমি যুঁজৰ বাবে সাজু থাকিব লাগিব।”

ছোনিয়া গান্ধী, ৰাহুল গান্ধী, ফাৰুক আব্দুল্লা, পি চিদাম্বৰম, কাৰ্তি চিদাম্বৰম, সঞ্জয় ৰাউত, নৱাব মালিক, অভিষেক বেনাৰ্জী, সতীন্দ্ৰ জৈন, মনীষ চিছোদিয়াকে ধৰি বিভিন্ন দলৰ বিৰোধী নেতাসকল কেন্দ্ৰীয় সংস্থাসমূহৰ নিৰীক্ষণৰ অধীনত আছে।

যদিও প্ৰধানমন্ত্ৰী মোডীৰ চৰকাৰে দাবী কৰিছে যে তেওঁলোকে কৰা অনিয়মৰ অভিযোগত তেওঁলোকৰ বিৰুদ্ধে তদন্ত কৰা হৈছে, বিৰোধীয়ে কিন্তু এই কাৰ্যক ৰাজনৈতিক প্ৰতিহিংসা বুলি অভিহিত কৰিছে।

লগতে পঢ়ক: Asia Cup Final: এছিয়া কাপ শ্ৰীলংকাৰ; চাপত হাৰ মানিলে পাকিস্তানে

পাৱাৰে সন্মিলন অনুষ্ঠিত হোৱা তালকাটোৰা ইণ্ডোৰ ষ্টেডিয়ামৰ সেই স্থানটোৰ তাৎপৰ্যৰ উল্লেখ কৰি কয়, “এই ঠাইতে বাজিৰাও পেশ্বৱাই ১৭৩৭ চনত তেওঁৰ সেনাৰ সৈতে শিবিৰ পাতিছিল আৰু দিল্লীৰ শাসকসকলক প্ৰত্যাহ্বান জনাইছিল।”

বৰ্ষীয়ান নেতাগৰাকীয়ে তেওঁৰ দলৰ কৰ্মীসকলক সমভাৱাপন্ন দলসমূহৰ সৈতে ৰণনীতি প্ৰস্তুত কৰিবলৈ আৰু সাধাৰণ মানুহক প্ৰভাৱিত কৰা বিষয়বোৰৰ ওপৰত যৌথ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ তথা বিজেপিক ক্ষমতাৰ পৰা আঁতৰাই ৰখাৰ দিশত কাম কৰিবলৈ নিৰ্দেশ দিয়ে।

ইপিনে, সংবাদ মাধ্যমক অৱগত কৰি এনচিপিৰ জ্যেষ্ঠ নেতা প্ৰফুল পেটেলে কয় যে বিৰোধী শক্তিক একত্ৰিত কৰাৰ ক্ষেত্ৰত শক্তিশালী ভূমিকা পালন কৰিবলৈ পাৱাৰক বিশেষভাৱে আগবঢ়াই দিয়া হৈছে।

লগতে পঢ়ক: Divorce Party: বন্ধন মুক্তিৰ উৎসৱ! ১৮ ব্যক্তিয়ে নাচি-বাগি উদযাপন কৰিলে বিবাহ বিচ্ছেদৰ আনন্দ

এনচিপিৰ ৰাষ্ট্ৰীয় সন্মিলনত উপস্থিত থাকি জ্যেষ্ঠ নেতা পি চি চাকো, ছগন ভুজবল, সুপ্ৰিয়া চুলে, জয়ন্ত পাটিল, অমল কোলহে আৰু ফৌজিয়া খানেও ভাষণ আগবঢ়ায়।