পিতৃৰ অভিযোগ, ৩ কোটি টকাৰ উৎকোচ লৈ ৰাজনৈতিক দলত যোগদান : পিতৃৰ অভিযোগ নস্যাৎ ছেহলা ৰছিদৰ

index.jpg

দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ প্ৰাক্তন শিক্ষাৰ্থী তথা নেত্ৰী ছেহলা ৰছিদৰ বিৰুদ্ধে এইটোৰ পিছত সিটো বিস্ফোৰক অভিযোগ উত্থাপন কৰি আহিছে পিতৃ আব্দুল ৰছিদ চোৰাই।

সন্ত্ৰাসবাদীৰ সৈতে সম্পৰ্ক থকা বুলি অভিযোগ কৰি ছেহলাই ৩ কোটি  ধনৰ বিনিময়ত ৰাজনৈতিক দলত যোগদান কৰা বুলি অভিযোগ উত্থাপন কৰিছে পিতৃয়ে।

আনকি পিতৃয়ে এই চুক্তিত সন্মত নহ’লে ছেহলাই নিজৰ নিৰাপত্তাৰক্ষীৰ দ্বাৰা পিতৃক হত্যা কৰাৰো ভাবুকি দিয়া বুলি অভিযোগ কৰিছে পিতৃ আব্দুল ৰছিদ চোৰাই।

ইফালে ছেহলা ৰছিদে পিতৃৰ এই সমস্ত অভিযোগ খণ্ডন কৰি এই অভিযোগসমূহ ভিত্তিহীন আৰু ভুৱা বুলি দাবী কৰিছে।

কিছুদিনৰ পৰা ছেহলা ৰছিদ আৰু পিতৃৰ মাজত পৰিয়ালকেন্দ্ৰিক সম্পত্তিৰ বিবাদ অব্যাহত আছে। এই বিবাদে এনেকুৱা পৰ্যায় পাইছেগৈ যে যোৱা নৱেম্বৰ মাহত আদালতে ছেহলাৰ পিতৃক শ্ৰীগৰ গৃহত প্ৰৱেশ নিষিদ্ধ কৰি দিছে।

নিজৰ সম্পত্তি হেৰুৱাই আব্দুল ৰছিদ চোৰাই বিক্ষুব্ধ হৈ কন্যা ছেহলাৰ বিৰুদ্ধে এনে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে বুলি ধাৰণা কৰা হৈছে।

২০১৭ বৰ্ষত শ্বাহ ফইজলৰ ৰাজনৈতিক দলত(তেতিয়া দলটো প্ৰতিষ্ঠা হোৱা নাছিল) যোগদানৰ বিনিময়ত ছেহলাই ৩ কোটি টকা লৈছিল বুলি অভিযোগ কৰি ৰছিদ চোৰাই কয় যে সেই ধন দিবলৈ অহা লোককেইজন সন্ত্ৰাসবাদীৰ সৈতে সম্পৰ্ক আছিল।

ৰছিদ চোৰাই লগতে অভিযোগ উত্থাপন কৰি কৈছে সেই চুক্তিৰ সৈতে তেওঁৰ পত্নী আৰু জ্যেষ্ঠা কন্যাও জড়িত আছিল।

“এই চু্ক্তিক প্ৰথমৰ পৰাই মই বিৰোধ কৰি আহিছিলো। মই ছেহলাকো বাধা দিছিলো। কিন্তু মোৰ কথা নুশুনি সেই চুক্তি মানি লৈছিল। এইবোৰ কথা প্ৰকাশ কৰিলে নিজৰ দেহৰক্ষীৰ দ্বাৰা মোক হত্যা কৰাৰ ভাবুকি দিছিল।” ছেহলাৰ পিতৃয়ে কয়।

পিতৃৰ এই অভিযোগৰ পিছতে ছেহলা ৰছিদে টুইটাৰত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এই অভিযোগ ভুৱা আৰু ভিত্তিহীন বুলি দাবী কৰি নস্যাৎ কৰিছে।
<

শ্ৰীনগৰ ঘৰত আদালতে ৰছিদ চোৰাক প্ৰৱেশ কৰাত আইনী বাধা আৰোপ কৰাত প্ৰতিশোধমূলক আচৰণেৰে এই ভুৱা আৰু ভিত্তিহীন অভিযোগসমূহ উত্থাপন কৰা বুলি দাবী কৰিছে ছেহলাই।

পিতৃক ‘পত্নী নিৰ্যাতনকাৰী’ বুলি অভিহিত কৰি ছেহলাই কয় যে ৰছিদ চোৰাৰ বিৰুদ্ধে ‘ঘৰুৱা হিংসা’ৰ গোচৰ ৰুজুৰ কৰা বাবেই এইদৰে উদ্ভট আচৰণ কৰিবলৈ ধৰিছে।

উল্লেখ্য যে ছেহলা ৰছিদে ২০০৫ চনতে পিতৃৰ বিৰুদ্ধে ঘৰুৱা হিংসাৰ অভিযোগ কৰি স্থানীয় মছজিদ ওমেৰ/ৱেলফেয়াৰ কমিটিৰ সভাপতিলৈ লিখা এখন পত্ৰও টুইট কৰিছে।