প্ৰাণৰ মমতাত দেশ এৰি পলায়ন শ্বেখ হাছিনাৰ; ঢাকা ত্যাগ কৰি ভাৰতৰ ত্ৰিপুৰাত উপস্থিত হাছিনা

বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই পদৰ পৰা পদত্যাগ কৰিছে। সদ্য পদত্যাগী হাছিনাই সেনাবাহিনীৰ বিশেষ বিমানেৰে ভাৰতলৈ পলায়ণ কৰিছে। প্ৰকাশিত বাতৰি মতে ঢাকাৰ পৰা পলায়ন কৰি হাছিনাই ত্ৰিপুৰাত উপস্থিত হৈছে।

ইফালে শ্বেখ হাছিনাই পদত্যাগ কৰাৰ পাছতে দেশখনৰ সেনা প্ৰধানগৰাকীয়ে সংবাদমেল অনুষ্ঠিত কৰি হাছিনাই পদত্যাগ কৰাৰ কথা নিশ্চিত কৰে। দেশ পৰিচালনাৰ বাবে অন্তৱৰ্তীকালীন চৰকাৰ গঠন হ’ব বুলি উল্লেখ কৰি হিংসাত্মক প্ৰতিবাদৰ বাবে দেশৰ অৰ্থনীতি ব্যাপক ক্ষতিগ্ৰস্ত হৈছে বুলিও মন্তব্য কৰে বাংলাদেশৰ সেনা প্ৰধানে।

সোমবাৰে বিয়লি প্ৰায় ২:৩০ বজাত কনিষ্ঠ ভগ্নী শ্বেখ ৰেহানাৰ সৈতে সামৰিক হেলিকপ্টাৰেৰে বংগভবনৰ পৰা নিৰাপদ ঠাইলৈ ৰাওনা হয় বুলিও কোৱা হৈছে।

ইফালে ভাৰতে বাংলাদেশৰ পৰা অহা-যোৱা কৰা সকলো ৰে’ল সেৱা বাতিল কৰিছে। সীমান্ত সুৰক্ষা বাহিনীয়ে ভাৰত-বাংলাদেশৰ সীমান্তত হাই এলাৰ্ট জাৰি কৰিছে। বি এছ এফৰ ভাৰপ্ৰাপ্ত সঞ্চালক প্ৰধান দলজিৎ সিং চাউধাৰী আৰু অন্যান্য উচ্চপদস্থ বিষয়াসকল সীমান্ত সুৰক্ষাৰ মূল্যায়নৰ বাবে কলকাতাত উপস্থিত হৈছে। প্ৰায় ৩০০ লোকৰ মৃত্যু হোৱা এই অশান্তিৰ বাবে হাছিনাই পদত্যাগ কৰি ভগ্নীক লৈ ঢাকাৰ পৰা পলায়ন কৰি ভাৰতত আশ্ৰয় লয়।

উল্লেখ্য যে, যোৱা মাহত চৰকাৰী চাকৰিত সংৰক্ষিত কোটাৰ বিৰুদ্ধে প্ৰতিবাদ কৰা ছাত্ৰ সংগঠনৰ প্ৰতিবাদক হাছিনা চৰকাৰে অতি বৰ্বৰতাৰে দমনৰ চেষ্টা কৰে। বাংলাদেশ আৰক্ষীৰ এই নিৰ্দয় দমনে আন্দোলনক হিংসাত্মক কৰি তোলে।

তাৰ মাজতে যোৱা ২১ জুলাইত উচ্চতম ন্যায়ালয়ে বেছিভাগ কোটা বাতিল কৰাৰ পিছত কোটা ব্যৱস্থা সংস্কাৰৰ প্ৰতিবাদ স্থবিৰ হৈ পৰে। অৱশ্যে যোৱা সপ্তাহত প্ৰতিবাদকাৰীসকলে হিংসাত্মক পৰিস্থিতিৰ বাবে হাছিনাক ৰাজহুৱা ক্ষমা বিচৰা, ইণ্টাৰনেট সংযোগ প্ৰৱৰ্তন, কলেজ আৰু বিশ্ববিদ্যালয়ৰ চৌহদ পুনৰ খোলা আৰু গ্ৰেপ্তাৰ কৰাসকলক মুকলি কৰি দিয়াৰ দাবীৰে পুনৰ আন্দোলনে সৰ্বাত্মক ৰূপ লয়। হাছিনাৰ চৰকাৰৰ আৰক্ষীয়ে পুনৰ প্ৰতিবাদকাৰী শিক্ষাৰ্থীৰ ওপৰত জঁপিয়াই পৰে। যাৰ ফলত আন্দোলনে আকৌ হিংসাত্মক ৰূপ লয়। ইয়াৰ লগে লগে প্ৰতিবাদকাৰীয়ে শ্বেখ হাছিনাৰ পদত্যাগৰ দাবী তোলে।
আৰু শেষত হাছিনাই প্ৰতিবাদ ৰোধত ব্যৰ্থ হৈ পদত্যাগৰ লগতে প্ৰাণৰ মমতা দেশ এৰিবলৈ বাধ্য হয়।