• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

প্ৰাণৰ মমতাত দেশ এৰি পলায়ন শ্বেখ হাছিনাৰ; ঢাকা ত্যাগ কৰি ভাৰতৰ ত্ৰিপুৰাত উপস্থিত হাছিনা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 5, 2024 7:11 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই পদৰ পৰা পদত্যাগ কৰিছে। সদ্য পদত্যাগী হাছিনাই সেনাবাহিনীৰ বিশেষ বিমানেৰে ভাৰতলৈ পলায়ণ কৰিছে। প্ৰকাশিত বাতৰি মতে ঢাকাৰ পৰা পলায়ন কৰি হাছিনাই ত্ৰিপুৰাত উপস্থিত হৈছে।

ইফালে শ্বেখ হাছিনাই পদত্যাগ কৰাৰ পাছতে দেশখনৰ সেনা প্ৰধানগৰাকীয়ে সংবাদমেল অনুষ্ঠিত কৰি হাছিনাই পদত্যাগ কৰাৰ কথা নিশ্চিত কৰে। দেশ পৰিচালনাৰ বাবে অন্তৱৰ্তীকালীন চৰকাৰ গঠন হ’ব বুলি উল্লেখ কৰি হিংসাত্মক প্ৰতিবাদৰ বাবে দেশৰ অৰ্থনীতি ব্যাপক ক্ষতিগ্ৰস্ত হৈছে বুলিও মন্তব্য কৰে বাংলাদেশৰ সেনা প্ৰধানে।

সোমবাৰে বিয়লি প্ৰায় ২:৩০ বজাত কনিষ্ঠ ভগ্নী শ্বেখ ৰেহানাৰ সৈতে সামৰিক হেলিকপ্টাৰেৰে বংগভবনৰ পৰা নিৰাপদ ঠাইলৈ ৰাওনা হয় বুলিও কোৱা হৈছে।

Apply Now

ইফালে ভাৰতে বাংলাদেশৰ পৰা অহা-যোৱা কৰা সকলো ৰে’ল সেৱা বাতিল কৰিছে। সীমান্ত সুৰক্ষা বাহিনীয়ে ভাৰত-বাংলাদেশৰ সীমান্তত হাই এলাৰ্ট জাৰি কৰিছে। বি এছ এফৰ ভাৰপ্ৰাপ্ত সঞ্চালক প্ৰধান দলজিৎ সিং চাউধাৰী আৰু অন্যান্য উচ্চপদস্থ বিষয়াসকল সীমান্ত সুৰক্ষাৰ মূল্যায়নৰ বাবে কলকাতাত উপস্থিত হৈছে। প্ৰায় ৩০০ লোকৰ মৃত্যু হোৱা এই অশান্তিৰ বাবে হাছিনাই পদত্যাগ কৰি ভগ্নীক লৈ ঢাকাৰ পৰা পলায়ন কৰি ভাৰতত আশ্ৰয় লয়।

উল্লেখ্য যে, যোৱা মাহত চৰকাৰী চাকৰিত সংৰক্ষিত কোটাৰ বিৰুদ্ধে প্ৰতিবাদ কৰা ছাত্ৰ সংগঠনৰ প্ৰতিবাদক হাছিনা চৰকাৰে অতি বৰ্বৰতাৰে দমনৰ চেষ্টা কৰে। বাংলাদেশ আৰক্ষীৰ এই নিৰ্দয় দমনে আন্দোলনক হিংসাত্মক কৰি তোলে।

তাৰ মাজতে যোৱা ২১ জুলাইত উচ্চতম ন্যায়ালয়ে বেছিভাগ কোটা বাতিল কৰাৰ পিছত কোটা ব্যৱস্থা সংস্কাৰৰ প্ৰতিবাদ স্থবিৰ হৈ পৰে। অৱশ্যে যোৱা সপ্তাহত প্ৰতিবাদকাৰীসকলে হিংসাত্মক পৰিস্থিতিৰ বাবে হাছিনাক ৰাজহুৱা ক্ষমা বিচৰা, ইণ্টাৰনেট সংযোগ প্ৰৱৰ্তন, কলেজ আৰু বিশ্ববিদ্যালয়ৰ চৌহদ পুনৰ খোলা আৰু গ্ৰেপ্তাৰ কৰাসকলক মুকলি কৰি দিয়াৰ দাবীৰে পুনৰ আন্দোলনে সৰ্বাত্মক ৰূপ লয়। হাছিনাৰ চৰকাৰৰ আৰক্ষীয়ে পুনৰ প্ৰতিবাদকাৰী শিক্ষাৰ্থীৰ ওপৰত জঁপিয়াই পৰে। যাৰ ফলত আন্দোলনে আকৌ হিংসাত্মক ৰূপ লয়। ইয়াৰ লগে লগে প্ৰতিবাদকাৰীয়ে শ্বেখ হাছিনাৰ পদত্যাগৰ দাবী তোলে।
আৰু শেষত হাছিনাই প্ৰতিবাদ ৰোধত ব্যৰ্থ হৈ পদত্যাগৰ লগতে প্ৰাণৰ মমতা দেশ এৰিবলৈ বাধ্য হয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মোদীৰ পুৰণি বন্ধুৰ মাটিতেই চকু পৰিছিল বিজেপি বিধায়কৰ! অভিযোগৰ পাছতেই অৱসান ঘটিল ১৫ বছৰীয়া বিবাদৰ

চৰকাৰী নিৰ্দেশ! প্ৰধানমন্ত্ৰীৰ জন্মদিনত মেধাৱী ছাত্ৰৰ ঘৰত বন্তি জ্বলাবলৈ যাব লাগিব শিক্ষক

September 17, 2026 11:41 am
বিজ্ঞান আৰু পৰিৱেশ্য কলাৰ অপূৰ্ব সংমিশ্ৰণ! নাছাৰ ‘কচি’ অভিযানত অসমৰ দুই প্ৰখ্যাত শিল্পী জয় বৰুৱা আৰু সমুদ্ৰ কাজল শইকীয়া

বিজ্ঞান আৰু পৰিৱেশ্য কলাৰ অপূৰ্ব সংমিশ্ৰণ! নাছাৰ ‘কচি’ অভিযানত অসমৰ দুই প্ৰখ্যাত শিল্পী জয় বৰুৱা আৰু সমুদ্ৰ কাজল শইকীয়া

September 17, 2026 10:07 am
অৰণ্যত ঘাটি পাতি কূটাঘাতৰ চেষ্টা! কাশ্মীৰত নিশা সেনাৰ সৈতে হোৱা সংঘৰ্ষত নিহত ২ জইছ সন্ত্ৰাসবাদী

অৰণ্যত ঘাটি পাতি কূটাঘাতৰ চেষ্টা! কাশ্মীৰত নিশা সেনাৰ সৈতে হোৱা সংঘৰ্ষত নিহত ২ জইছ সন্ত্ৰাসবাদী

September 17, 2026 9:30 am
১২ বছৰৰ সংসাৰৰ ভয়ংকৰ পৰিণতি : পৰকীয়া প্ৰেমৰ সন্দেহত শুই থকা অৱস্থাত পত্নীৰ শিৰচ্ছেদ কৰিলে স্বামীয়ে

১২ বছৰৰ সংসাৰৰ ভয়ংকৰ পৰিণতি : পৰকীয়া প্ৰেমৰ সন্দেহত শুই থকা অৱস্থাত পত্নীৰ শিৰচ্ছেদ কৰিলে স্বামীয়ে

September 17, 2026 8:41 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মোদীৰ পুৰণি বন্ধুৰ মাটিতেই চকু পৰিছিল বিজেপি বিধায়কৰ! অভিযোগৰ পাছতেই অৱসান ঘটিল ১৫ বছৰীয়া বিবাদৰ

চৰকাৰী নিৰ্দেশ! প্ৰধানমন্ত্ৰীৰ জন্মদিনত মেধাৱী ছাত্ৰৰ ঘৰত বন্তি জ্বলাবলৈ যাব লাগিব শিক্ষক

September 17, 2026 11:41 am
বিজ্ঞান আৰু পৰিৱেশ্য কলাৰ অপূৰ্ব সংমিশ্ৰণ! নাছাৰ ‘কচি’ অভিযানত অসমৰ দুই প্ৰখ্যাত শিল্পী জয় বৰুৱা আৰু সমুদ্ৰ কাজল শইকীয়া

বিজ্ঞান আৰু পৰিৱেশ্য কলাৰ অপূৰ্ব সংমিশ্ৰণ! নাছাৰ ‘কচি’ অভিযানত অসমৰ দুই প্ৰখ্যাত শিল্পী জয় বৰুৱা আৰু সমুদ্ৰ কাজল শইকীয়া

September 17, 2026 10:07 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd