• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পুনৰ পৰ্দাত ফুলন দেৱীৰ কাহিনী; পৰিৱৰ্তন মানি ল’ব পৰা নাই পৰিচালক শেখৰ কাপুৰে

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
March 21, 2025 1:32 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তেওঁ ‘বেণ্ডিট কুইন’ (দস্যু ৰাণী)হিচাপে বেছি পৰিচিত। ১৯৬৩ চনত মাল্লা সম্প্ৰদায়ৰ পৰিয়ালত জন্মগ্ৰহণ কৰিছিল। নানা অন্যায়ৰ বলি হৈ তেওঁ এগৰাকী ‘ডকাইত’ৰ জীৱন মানি ল’বলৈ বাধ্য হৈছিল। তেওঁ হৈছে ফুলন দেৱী।

উত্তৰ প্ৰদেশৰ বেহমাইগাঁও গাঁৱত ধৰ্ষণৰ বলি হৈছিল। ১৯৮১ চনত সেই গাঁৱৰ ২২ জন লোকক ডকাইতে হত্যা কৰিছিল। ফুলনৰ বিৰুদ্ধে হত্যাৰ অভিযোগ উত্থাপন হৈছিল। ২০ বছৰৰো কম বয়সৰ নিৰক্ষৰ যুৱতী হোৱাৰ পিছতো সমগ্ৰ ভাৰততে আলোড়নৰ সৃষ্টি কৰিছিল।

তেওঁৰ অবিশ্বাস্য জীৱনক লৈ নিৰ্মিত ‘বেণ্ডিট কুইন’ ছবিখন নিৰ্মাণ কৰিছিল ভাৰতৰ অন্যতম শ্ৰেষ্ঠ পৰিচালক শেখৰ কাপুৰে। শেহতীয়াকৈ অ’টিটি প্লেটফৰ্ম এমাজন প্ৰাইম ভিডিঅ’ত মুক্তি লাভ কৰিছে এই ছবিখনে। তেতিয়াৰ পৰাই আৰম্ভ হৈছে বিতৰ্ক।

বাতৰি অনুসৰি, ১৯৯৪ চনত মুক্তি পোৱা ‘বেণ্ডিট কুইনছ’ক ভাৰতৰ অন্যতম গুৰুত্বপূৰ্ণ ছবি বুলি গণ্য কৰা হয়। মালা সেনৰ দ্বাৰা ৰচিত ‘ ইণ্ডিয়াছ বেণ্ডিট কুইন: দ্য ট্ৰু ষ্টোৰী অফ ফুলন দেৱী’ নামৰ গ্ৰন্থখনৰ আধাৰত শ্বেখৰ কাপুৰে নিৰ্মাণ কৰিছিল ছবিখন। ছবিখনত ফুলন দেৱীৰ চৰিত্ৰত অভিনয় কৰিছে অসমৰ সীমা বিশ্বাসে।

১৯৯৪ চনত কান মহোৎসৱত অংশগ্ৰহণ কৰা ছবিখনে সমালোচকৰ ব্যাপক প্ৰশংসা লাভ কৰিছিল। কিন্তু চিনেমাখনক লৈ বিতৰ্কও কম হোৱা নাই।

যাৰ জীৱনক লৈ ছবিখন কৰা হৈছে সেই ফুলন দেৱীয়ে ছবিখন মুক্তিৰ বিৰুদ্ধে স্থিতি গ্ৰহণ কৰে। কিন্তু পিছত প্ৰযোজকৰ সৈতে আলোচনা কৰি আপত্তি প্ৰত্যাহাৰ কৰে। ছবিখনত ধৰ্ষণৰ দৃশ্যক লৈও আপত্তি উত্থাপন হৈছিল।

‘বেণ্ডিট কুইন’ অ’টিটিত মুক্তি পোৱাৰ লগে লগে নতুন আলোচনাৰ সূচনা হৈছে। আমাজন প্ৰাইমে ছবিখনৰ কেইবাটাও দৃশ্য কৰ্তনৰ সৈতে মুকলি কৰিছে। এই সন্দৰ্ভত শেখৰ কাপুৰৰ তীব্ৰ আপত্তি। দুদিন পূৰ্বে এক্সত প্ৰযোজকজনে কৈছিল যে ছবিখনৰ সম্পাদিত সংস্কৰণ যে অ’টিটিত মুক্তি পাব বুলি তেওঁক জনোৱা হোৱা নাছিল।

I wonder @IAmSudhirMishra if OTT platforms would let me make #BanditQueen the way I made it years ago. The Bandit Queen on #AmazonPrime is unrecognisable from my film. Someone has cut it beyond recognition. And yet it carries my name as Director. And no one asked me! Are we… https://t.co/LoYtkddlvp

— Shekhar Kapur (@shekharkapur) March 18, 2025

তেওঁ লিখিছে, ‘এইটো কি হ’ল? এই পৰিৱৰ্তনৰ বিষয়ে প্ৰযোজক বা সম্পাদকেও নাজানিলে।’ পিছত প্ৰযোজক হংসল মেহতাইও আমাজনৰ এই সিদ্ধান্তক তীব্ৰ সমালোচনা কৰে। অৱশ্যে ইয়াৰ প্ৰতি কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই প্লেটফৰ্মটোৱে।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘অপাৰেশ্যন সিন্দুৰ’ৰ সময়ত ভাৰতীয় চিম কাৰ্ড যোগান ধৰিছিল পাকিস্তানী এজেণ্টে! দিল্লীত গ্ৰেপ্তাৰ নেপালী যুৱক

‘অপাৰেশ্যন সিন্দুৰ’ৰ সময়ত ভাৰতীয় চিম কাৰ্ড যোগান ধৰিছিল পাকিস্তানী এজেণ্টে! দিল্লীত গ্ৰেপ্তাৰ নেপালী যুৱক

September 10, 2025 2:43 pm
বাৰ ডান্সাৰৰ ব্লাউজৰ ভিতৰত টকা ভৰাবলৈ চেষ্টা! বিজেপি শাসিত মধ্যপ্ৰদেশত নিলম্বিত দুই আৰক্ষী বিষয়া

বাৰ ডান্সাৰৰ ব্লাউজৰ ভিতৰত টকা ভৰাবলৈ চেষ্টা! বিজেপি শাসিত মধ্যপ্ৰদেশত নিলম্বিত দুই আৰক্ষী বিষয়া

September 10, 2025 2:08 pm
ছোৱাইন ফ্লুৰ প্ৰাদুৰ্ভাৱ : ধেমাজী জিলাত গাহৰি মাংস বিক্ৰীত নিষেধাজ্ঞা

ছোৱাইন ফ্লুৰ প্ৰাদুৰ্ভাৱ : ধেমাজী জিলাত গাহৰি মাংস বিক্ৰীত নিষেধাজ্ঞা

September 10, 2025 1:53 pm
হিন্দু গাঁৱত ১০০ মুছলমান ভোটাৰ!  বিহাৰৰ খচৰা ভোটাৰ তালিকাত পুনৰ অমিল

হিন্দু গাঁৱত ১০০ মুছলমান ভোটাৰ! বিহাৰৰ খচৰা ভোটাৰ তালিকাত পুনৰ অমিল

September 10, 2025 1:42 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘অপাৰেশ্যন সিন্দুৰ’ৰ সময়ত ভাৰতীয় চিম কাৰ্ড যোগান ধৰিছিল পাকিস্তানী এজেণ্টে! দিল্লীত গ্ৰেপ্তাৰ নেপালী যুৱক

‘অপাৰেশ্যন সিন্দুৰ’ৰ সময়ত ভাৰতীয় চিম কাৰ্ড যোগান ধৰিছিল পাকিস্তানী এজেণ্টে! দিল্লীত গ্ৰেপ্তাৰ নেপালী যুৱক

September 10, 2025 2:43 pm
বাৰ ডান্সাৰৰ ব্লাউজৰ ভিতৰত টকা ভৰাবলৈ চেষ্টা! বিজেপি শাসিত মধ্যপ্ৰদেশত নিলম্বিত দুই আৰক্ষী বিষয়া

বাৰ ডান্সাৰৰ ব্লাউজৰ ভিতৰত টকা ভৰাবলৈ চেষ্টা! বিজেপি শাসিত মধ্যপ্ৰদেশত নিলম্বিত দুই আৰক্ষী বিষয়া

September 10, 2025 2:08 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd