• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘শ্বেৰমান আলি’ বিজেপিৰ এজেন্ট! এসময়ৰ আজমলৰ ঘনিষ্ঠ অনুচৰ শ্বেৰমানৰ ‘বিদ্বেষ’ত জ্বলিছে অসম

‘নিৰ্বাচন আহিলেই বিতৰ্কৰে মেৰু বিভাজনৰ সূচনা কৰে শ্বেৰমান আলীয়ে’

কল্পজ্যোতি শইকীয়া, গুৱাহাটী by কল্পজ্যোতি শইকীয়া, গুৱাহাটী
September 30, 2021 4:47 pm
‘শ্বেৰমান আলি’ বিজেপিৰ এজেন্ট! এসময়ৰ আজমলৰ ঘনিষ্ঠ অনুচৰ শ্বেৰমানৰ ‘বিদ্বেষ’ত জ্বলিছে অসম
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

SHERMAN ALI AHMED: কংগ্ৰেছী বিধায়ক শ্বেৰমান আলীয়ে কোন সময়ত বিতৰ্কিত তথা সাম্প্ৰদায়িক মন্তব্য কৰে সেয়া নিশ্চয়কৈ সকলোৰে দৃষ্টিগোচৰ হৈছে।বিজেপি দলৰ ইচাৰাত শ্বেৰমান আলিয়ে কৰে নেকি বিতৰ্কিত মন্তব্য? এসময়ত আজমলৰ দৰেই বিজেপিৰ এজেন্টলৈ ৰূপান্তৰিত হৈছে নেকি কংগ্ৰেছী বিধায়ক শ্বেৰমান আলী?

এসময়ত AIUDF দলত থাকোতে বদৰুদ্দিন আজমলৰ ঘনিষ্ঠ অনুচৰ হিচাপে পৰিচিত শ্বেৰমান আলীয়ে মিঞা মিউজিয়ামৰ প্ৰসংগৰ পাছতে এইবাৰ অসমৰ শ্বহীদৰ সম্পৰ্কত অতি অশোভনীয়-অপমানসূচক তথা বিৰূপ মন্তব্য কৰা পৰিলক্ষিত হৈছে।

নেলীৰ প্ৰসংগ উত্থাপনৰে শ্বহীদ দয়ানাথ শৰ্মাক কেন্দ্ৰ কৰি অপমানসূচক মন্তব্য দি শ্বেৰমানে কালি সংবাদ মাধ্যমৰ আগত কৈছিল ‘নেলীৰ দৰেই চাউলখোৱা চাপৰিত দয়ানাথ শৰ্মাৰ নেতৃত্বত মিঞা মানুহখিনিক হত্যাযজ্ঞ চলোৱো হৈছিল। হাতত বন্দুক লৈ দয়ানাথ শৰ্মাৰ নেতৃত্বত কেইবাহাজাৰো মিঞালোকক হত্যা কৰা হৈছিল। মিঞা মানুহখিনিয়ে আত্মৰক্ষাৰ কাৰণে তেওঁলোকক হত্যা কৰিছিল। হত্যাকাৰীক শ্বহীদ বুলি ক’লে ইতিহাস বিকৃত কৰা হ’ব।‘

তেওঁ লগতে শ্বহীদক অপমান কৰি কৈছিল, ‘হত্যাকাৰী-ঘাটক কেতিয়াও বন্দিত হ’ব নোৱাৰে তেওঁলোক নিন্দিত। আনকি যিসকলে নেলীত হত্যা কৰিবলৈ গৈছিল তেওঁলোকো ঘাতক। কিন্তু তেওঁলোকক শ্বহীদ বুলি ঘোষণা কৰি ৫ লাখকৈ টকা দিয়া হৈছে। তেওঁলোক শ্বহীদ নহয়।‘

উল্লেখযোগ্য যে, গৰুখুঁটিৰ উচ্ছেদৰ ঘটনাৰ পাছতো বহুদিন ধৰি নিশ্চুপ হৈ আছিল শ্বেৰমান আলী। কিন্তু হঠাৎ গৰুখুঁটি কাণ্ডক লৈ অসম আন্দোলনৰ শ্বহীদক অপমানসূচক মন্তব্যৰে যি বিদ্বেষৰ ভাৱ দাঙি ধৰিলে তাক লৈ এতিয়া অসম জ্বলিবলৈ আৰম্ভ কৰিছে।

আনকি ৰাজ্যৰ বিভিন্ন থানাৰ লগতে দিচপুৰ থানাত হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাই শ্বেৰমান আলীৰ গ্ৰেপ্তাৰৰ দাবী তুলি আজি তেওঁৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে।

আৰু পঢ়ক: OLA, UBER আউট, peindia ইন; কাইলৈৰ পৰা পথত নচলে OLA, UBER!

এতিয়া প্ৰশ্ন উঠিছে কাৰ উচটনিত বা কাৰ এজেন্টৰ ভূমিকা লৈ শ্বেৰমান আলীয়ে প্ৰত্যেকটো নিৰ্বাচনৰ পূৰ্বে এনেধৰণৰ মন্তব্যবোৰ কৰে?

ইয়াক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ৰাইজৰ দলৰ উপ-সভাপতি ৰাছেল হুছেইনে শ্বেৰমান আলীক ‘বিজেপিৰ এজেন্ট’ আখ্যা দিয়ে।

হুছেইনে কয়, ‘২০২১ ৰ বিধানসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত মিঞা মিউজিয়ামৰ প্ৰসংগ আনিছিল। ঠিক সেইদৰে উপ নিৰ্বাচনৰ পূৰ্বেও শ্বেৰমান আলীয়ে বিতৰ্কিত মন্তব্য কৰিছে। কাৰ শ্ৰুতলিপিত কোন সময়ত শ্বেৰমান আলীয়ে এনেবোৰ মন্তব্য কৰিছে আমি বিবেচনা কৰিব লাগিব।‘

‘মিঞা মিউজিয়ামৰ প্ৰসংগ উত্থাপন কৰাৰ পাছতো মিঞা লোকসকলৰ একো উত্তৰণ ঘটা নাই। বিজেপি ক্ষমতাত অহাৰ যিবোৰ কাৰক আছে তাৰ ভিতৰত অন্যতম শ্বেৰমান আলীৰ বক্তব্য। বিজেপিয়ে প্ৰত্যেকখন সভাত মিঞা মিউজিয়ামৰ প্ৰসংগ আনি মেৰু বিভাজনৰ ৰাজনীতি কৰিবলৈ সক্ষম হৈছিল। তাৰ ফলত শ্বেৰমান আলীৰ নিজৰো লাভ হৈছিল আৰু ৯৫ শতাংশ সংখ্যালঘু ভোটাৰ থকা সমষ্টিত তেওঁ এই বক্তব্যৰে জয় হৈ আহিছিল।‘ হুছেইনে এইদৰে কয়।

লগতে পঢ়ক: চীনে দখল কৰিছে নেপালৰ ভূমি; কাঠমাণ্ডুত উত্তাল প্ৰতিবাদ

তাৎপয্যপূৰ্ণভাৱে শ্বেৰমান আলীৰ বাবেই বিজেপি ক্ষমতালৈ আহিল বুলি দাবী কৰি হুছেইনে লগতে কয়, ‘শ্বেৰমান আলীয়ে বিজেপিৰ শ্ৰুতলিপিত এইবোৰ কাম কৰিছে। বিজেপিৰ লগত বুজা-পৰাৰ মাজেৰে পুনৰ সাম্প্ৰদায়িক বক্তব্যৰে সমাজখনৰ মেৰু বিভাজন কৰিবলৈ বিচাৰিছে’।

ইপিনে, শ্বেৰমান আলীৰ এই মন্তব্যৰ পাছতেই কংগ্ৰেছৰ বিৰুদ্ধে টিপ্পনি দিবলৈ সুযোগৰ সদব্যৱহাৰ কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

তেওঁ কংগ্ৰেছৰ নেতৃত্বৰ বিৰুদ্ধেহে সৰৱ হৈ কয়, ‘সমস্যাটো শ্বেৰমান আলী নহয়, সমস্যাটো হ’ল শ্বেৰমান আলীৰ দৰে ব্যক্তিক ৰক্ষণাবেক্ষণ কোনে দিয়ে? আমাৰ অসমৰ মাটিতে ডাঙৰ-দীঘল হোৱা কংগ্ৰেছৰ অসমীয়া নেতাসকলে দিয়ে।‘

‘শ্বেৰমান আলী কেনেকুৱা ব্যক্তি সকলোৱে জানে। এনেকুৱা কথা কোৱা ব্যক্তিক আমি আমাৰ বৰঘৰত কেতিয়াও মাতিব নালাগে।‘ হিমন্তই এইদৰে কয়।

বাৰে বাৰে AIUDF প্ৰধান বদৰুদ্দিন আজমলক কংগ্ৰেছে বাৰেপতি বিজেপিৰ এজেন্ট সজাবলৈ চেষ্টা কৰিলেও তেওঁলোকৰ দলৰেই বিধায়ক শ্বেৰমান আলীয়ে একেই সুৰতেই বাট বুলিছে।

কল্পজ্যোতি শইকীয়া, গুৱাহাটী

কল্পজ্যোতি শইকীয়া, গুৱাহাটী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

নিৰ্বাচন আয়োগৰ পক্ষপাতিত্বৰ অভিযোগ ইণ্ডিয়া মিত্ৰজোঁটৰ! লোকসভা ভংগৰ দাবী

নিৰ্বাচন আয়োগৰ পক্ষপাতিত্বৰ অভিযোগ ইণ্ডিয়া মিত্ৰজোঁটৰ! লোকসভা ভংগৰ দাবী

August 18, 2025 9:30 pm
বিজেপি শাসিত ওড়িশাত পুনৰ নাবালিকাক দলবদ্ধ ধ*ৰ্ষ*ণ! আৰক্ষীৰ জালত ৩ অভিযুক্ত

বিজেপি শাসিত ওড়িশাত পুনৰ নাবালিকাক দলবদ্ধ ধ*ৰ্ষ*ণ! আৰক্ষীৰ জালত ৩ অভিযুক্ত

August 18, 2025 8:50 pm
সাংবাদিকৰ মৌলিক কৰ্তব্যক সমৰ্থন উচ্চ ন্যায়ালয়ৰ! খাৰিজ কৰিলে কংকন বৰঠাকুৰৰ বিৰুদ্ধে থকা গোচৰ

সাংবাদিকৰ মৌলিক কৰ্তব্যক সমৰ্থন উচ্চ ন্যায়ালয়ৰ! খাৰিজ কৰিলে কংকন বৰঠাকুৰৰ বিৰুদ্ধে থকা গোচৰ

August 18, 2025 8:17 pm
কোন হ’ব বিৰোধী দলৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী? বিৰোধী মিত্ৰজোঁটৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীক লৈ জল্পনা-কল্পনা

কোন হ’ব বিৰোধী দলৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী? বিৰোধী মিত্ৰজোঁটৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীক লৈ জল্পনা-কল্পনা

August 18, 2025 7:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিৰ্বাচন আয়োগৰ পক্ষপাতিত্বৰ অভিযোগ ইণ্ডিয়া মিত্ৰজোঁটৰ! লোকসভা ভংগৰ দাবী

নিৰ্বাচন আয়োগৰ পক্ষপাতিত্বৰ অভিযোগ ইণ্ডিয়া মিত্ৰজোঁটৰ! লোকসভা ভংগৰ দাবী

August 18, 2025 9:30 pm
বিজেপি শাসিত ওড়িশাত পুনৰ নাবালিকাক দলবদ্ধ ধ*ৰ্ষ*ণ! আৰক্ষীৰ জালত ৩ অভিযুক্ত

বিজেপি শাসিত ওড়িশাত পুনৰ নাবালিকাক দলবদ্ধ ধ*ৰ্ষ*ণ! আৰক্ষীৰ জালত ৩ অভিযুক্ত

August 18, 2025 8:50 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd