আজি ধুবুৰীৰ আৱৰ্ত ভৱনত সংবাদ মাধ্যমৰ আগত বিধায়ক শিলাদিত্য দেৱে শেহতীয়াভাৱে সৃষ্টি হোৱা বিতৰ্কত এক নতুন মাত্ৰা প্ৰদান কৰি কৃষক নেতা অখিল গগৈ আৰু আলোচনা পন্থী আলফা নেতা মৃণাল হাজৰিকাৰ বিৰুদ্ধে কিছু বিস্ফোৰক মন্তৱ্য আগবঢ়ায়।
আলোচনাপন্থী আলফা হাজৰিকাই অলপতে কৰা মন্তৱ্য সম্পৰ্কত বক্তৱ্য দাঙি ধৰে শিলাদিত্যই কয় যে শান্তিৰ বাবে আহি অৱস্থান কৰা উগ্ৰপন্থীসকলে শান্তিৰ পক্ষত কথা ক’ব লাগে। কিছুমান আত্মসমৰ্পনকাৰী আলফাই ৰাজহুৱা সভা, টি ভিত টক শ্ব’ত ভাগ লৈ উগ্ৰ মন্তৱ্য আগবঢ়াই উত্তেজনাৰ সৃষ্টি কৰিছে। কিন্তু সেয়া তেওঁলোকে কৰিব নোৱাৰে।
শান্তি আলোচনাৰ বাবে অহা এই লোকসকলে শান্তিৰ কথা ক’ব লাগে বুলি উল্লেখ কৰি বিধায়কগৰাকীয়ে কয় যে তেওঁলোকে কোৱা কথাবোৰ চহৰৰ মাজ মজিয়াত কোৱা কথা নহয়, সেয়া জংঘলৰ পৰা কোৱাটো আন কথা। এইটোৱে আইন-শৃংখলাৰ সমস্যাৰ সৃষ্টি কৰিছে। তেওঁলোকে যদি এইদৰে উগ্ৰপন্থীৰ দৰে কথা কয় সেইটোতো ভাৰতবৰ্ষত হ’ব নোৱাৰে বুলি সদৰী কৰি তেওঁ কয় যে ইয়াৰ বিৰুদ্ধে আমি থিয় দিব লাগিব।
আশীৰ দশকৰ পৰিস্থিতি এতিয়া নাই বুলি উল্লেখ কৰি তেওঁ কয় যে অসমৰ পৰিস্থিতি বৰ্তমান সলনি হৈছে। লক্ষ্যণীয়ভাৱে, তেওঁ কয় যে ডিঙিত গামোচা আৰু মুখত অসমীয়া ভাষা ক’লেই অসমীয়া হৈ নাযায়। বাংলাদেশী মুছলমানে বৰপেটা, ধুবুৰী, নগাঁও, মৰিগাঁও আদি দখল কৰাৰ কথা উল্লেখ কৰি আগন্তুক দিনত গোটেই অসমখনেই তেওঁলোকে দখল কৰিব বুলিও বিধায়কগৰাকীয়ে বিতৰ্কিত মন্তৱ্য আগবঢ়ায়।
শিলাদিত্যই অখিল গগৈক আক্ৰমণৰ লক্ষ্য কৰি লৈ কয় যে অখিল গগৈয়ে আহি এবাৰ ধুবুৰী, গোৱালপাৰ, বৰপেটাৰ পৰিস্থিতি চাই যাওক। ধুবুৰীৰ চৌদিশে দেৱাল, লাইট প’ষ্ট আদিত মিঞালেণ্ড, মিঞা স্বায়ত্ত পৰিষদ বিচাৰি প্ৰচাৰৰ চলাইছে। ধুবুৰীত আশী-নব্বৈ শতাংশ জনসংখ্যা হোৱাৰ লগে লগে যেনেকৈ মিঞালেণ্ড বিচাৰিছে, এদিন জনসংখ্যা বৃদ্ধি হোৱাৰ পাছত তেওঁলোক ডিব্ৰুগড়, যোৰহাট আদিতো গে এদিন গোটেই অসমতে তেওঁলোকে মিঞালেণ্ড বিচাৰিব। অখিল গগৈয়ে তেতিয়া কি কৰিব।
তেওঁ কয়, অখিল গগৈয়ে আহি চাই যাওক কিয় ইয়াৰ পৰা অসমীয়া মানুহৈ গৈ গুৱাহাটীত ফ্লেট লৈ থাকিবলগীয়া হৈছে, ইয়াৰ পৰা গুচি যাবলগীয়া হৈছে।
অখিল গগৈয়ে তেওঁক অসমীয়া বিৰোধী হিচাপে প্ৰজেক্ট কৰিলে অখিল গগৈৰ আন্দোলনত লাভ হয় বুলি উল্লেখ কৰি কয় যে অখিলে মিঞাসকলক লৈ যি আন্দোলন কৰিছে সি অসমীয়া জাতিক ক্ষতি কৰিব বুলি কয়। গতিকেই এতিয়াও সময় আছে অখিল গগৈয়ে আহি চাই যাওক।
অখিল গগৈয়ে তেওঁ কোনটো নীতি, আদৰ্শত বিশ্বাস কৰে সেয়া স্পষ্ট কৰাৰ আহ্বান জনাই শিলাদিত্যই কয় অখিল গগৈয়ে অসমীয়াৰ নহয়, মিঞাসকলৰ স্বাৰ্থত আন্দোলন কৰি আছে। অখিল গগৈৰ আন্দোলনে অসমীয়াক সহায় নকৰে বুলিও
নিজকে হিন্দুৰ স্বাৰ্থত কাম কৰাৰ লগতে এগৰাকী বিজেপি কৰ্মী বুলি প্ৰকাশ কৰি শিলাদিত্যই অখিল গগৈক মাওবাদী, কমিউনিষ্ট বুলি অভিহিত কৰে। তেওঁ কয় যে অখিলে জাতীয়তাবাদী কথা কৈ অসমীয়াক প্ৰভাৱিত কৰিব বিচাৰিছে যদিও আমি জানো যে অখিলে বাংলাদেশী মুছলমানৰ বাবে কাম কৰি আছে।
শিলাদিত্যই অসমীয়া জাতিৰ হ’কে কথা কৈ অহা বুলি দাবী কৰি কয় যে অখিল সুবিধাবাদী। তেওঁ কোনো জাতীয়তাবাদী নহয় কিন্তু জাতীয়তাবাদী কথা কিছুমান কৈ কিছু মানুহৰ সমৰ্থন লাভ কৰি ৰাজনীতি কৰিব পাৰে।
সত্ৰৰ মাটি কোনে বেদখল কৰিছে, অসমীয়া মহিলাক কোনে বলাৎকাৰ কৰি আছে, অসমীয়া জাতিৰ প্ৰতি কোনে প্ৰত্যাহ্বান জনাইছে সেয়া সকলোৱে জানে বুলি ব্যক্ত কৰি শিলাদিত্যই কয় যে বঙালীসকলে সত্ৰৰ মাটি দখল কৰা নাই। বঙালীসকল অসমীয়াৰ বাবে ভাবুকি হোৱা নাই।
নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত শিলাদিত্যই কয় যে এন আৰ চিৰ পৰা বহু ভাৰতীয় লোকৰ নাম বাদ পৰিছে। সেই নামবোৰ এন আৰ চিত অন্তৰ্ভুক্ত হ’লেই নাগৰিকত্ব বিধায়কৰ প্ৰয়োজন নাথাকিব।