• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ভাইৰেল নেপালৰ ভিডিঅ’ক লৈ ইউটিউবাৰ অৰ্পিত শৰ্মাৰ বিৰুদ্ধে দেশদ্ৰোহৰ গোচৰ ৰুজু

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 14, 2025 12:27 pm
189
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা এটা ভিডিঅ’ক লৈ উত্তৰ প্ৰদেশ আৰক্ষীয়ে বৃহস্পতিবাৰে (১১ ছেপ্টেম্বৰ) সামাজিক বিষয় আৰু ৰাজনীতিৰ ওপৰত ভিডিঅ’ প্ৰস্তুত কৰা ইউটিউবাৰ অৰ্পিত শৰ্মাৰ বিৰুদ্ধে এফআইআৰ ৰুজু কৰে।

এই এফআইআৰত  অৰ্পিতে তেওঁৰ ভিডিঅ’ ‘উত্তেজনামূলক’ আৰু ভাৰতৰ সাৰ্বভৌমত্বৰ প্ৰতি ভাবুকি কৰি তোলাৰ অভিযোগ উত্থাপন কৰা হৈছে।

Apply Now

এই গোচৰত বুলণ্ডশ্বাহৰ আৰক্ষীয়ে ঔপনিৱেশিক দেশদ্ৰোহীতাৰ আইনখনৰ দৰে কাম কৰা ১৫২ নং ধাৰা (ভাৰতৰ সাৰ্বভৌমত্ব, ঐক্য আৰু অখণ্ডতাক বিপন্ন কৰা কাৰ্য্য)কে ধৰি ভাৰতীয় ন্যায় সংহিতাৰ (বিএনএছ) বিভিন্ন ধাৰাত অৰ্পিত শৰ্মাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে।

নেপালৰ জেন-জিৰ প্ৰতিবাদৰ পৰিপ্ৰেক্ষিতত ভাৰতত হিংসাত্মক পৰিস্থিতিৰ উচটনি দিয়াৰ উদ্দেশ্যেৰে এই ভিডিঅ’টো নিৰ্মাণ কৰা বুলি অভিযোগ উত্থাপন হৈছে অৰ্পিত শৰ্মাৰ বিৰুদ্ধে। ডিজিটেল মাধ্যমৰ অপব্যৱহাৰ কৰি ভাৰতৰ অখণ্ডতাক ভেঙুচালি কৰাৰ অভিযোগো উত্থাপন হৈছে শৰ্মাৰ বিৰুদ্ধে।

ঘটনাৰ পাছত যোৱা তিনিদিন ধৰি অনলাইন ট্ৰলিং আৰু মৃত্যুৰ ভাবুকিৰ সন্মুখীন হৈছে শৰ্মা।

ইংলেণ্ডত চাৰ্টাৰ্ড একাউণ্টেণ্ট হিচাপে কৰ্মৰত অৰ্পিত শৰ্মাই ৰাষ্ট্ৰীয় সংবাদ মাধ্যম দ্য ৱায়াৰক জনাইছে যে তেওঁৰ কৰ্মস্থলীৰ তথ্য অনলাইনত ফাদিল হৈছে আৰু তেওঁৰ বক্তব্য ভুল প্ৰেক্ষাপটত দাখিল কৰা হৈছে, যাৰ ফলত তেওঁৰ পৰিয়ালৰ সদস্যক মৃত্যুৰ লগতে ধৰ্ষণৰ ভাবুকি দিয়া হৈছে।

ভিডিঅ’টোত কি আছিল?

নেপালত জেন-জিৰ প্ৰতিবাদ আৰম্ভ হোৱাৰ এদিন পাছতে যোৱা সপ্তাহত এটা ৰিলত শৰ্মাই নেপালৰ যুৱক-যুৱতীক প্ৰশংসা কৰি ভাৰতীয় যুৱক-যুৱতীসকলক ইথানেল-২০ ইন্ধন, দুৰ্নীতি আৰু ঘৃণামূলক ভাষণৰ দৰে বিষয়ত প্ৰতিবাদ নকৰাৰ বাবে প্ৰশ্ন কৰে।

এই সন্দৰ্ভত অৰ্পিত শৰ্মাই দ্য ৱায়াৰক কয়, ‘যেতিয়া মই ভিডিঅ’টো বনাইছিলো তেতিয়া প্ৰতিবাদ শান্তিপূৰ্ণ আছিল, কিন্তু মই কোনো সময়তে মানুহক উচটনি দিয়া নাছিলো।’

শৰ্মাৰ মতে ভাৰতীয় জনতা পাৰ্টি আৰু ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ বিৰোধী মতামতৰ বাবেই তেওঁৰ লগত এই সকলোবোৰ ঘটিছে।

তেওঁ ক’লে, ‘গডছে আৰু সাৱৰকাৰৰ লগত মই কেতিয়াও একমত নহ’ম। মোৰ মতামতৰ বাবে দেউতাক এই মাজলৈ টানি অনা হৈছে। সঁচা কথাটো হ’ল, মই আপ (আম আদমি পাৰ্টি)কো ক্ষমতাত থকাৰ সময়ত সমালোচনা কৰিছো।’

ছ’চিয়েল মিডিয়াতো শৰ্মাই নিজৰ ভিডিঅ’ৰ পক্ষ লয়।

তেওঁ এটা পোষ্টত লিখিছে, ‘মই গান্ধীক বিশ্বাস কৰোঁ, মই নেহৰুক বিশ্বাস কৰোঁ, মই এই দেশৰ শান্তিপ্ৰেমী নাগৰিক। মই কেতিয়াও কোনো হিংসাক সমৰ্থন নকৰো। মই ঘৃণাৰ বিৰোধী, মই গডছেৰ বিৰোধী, মই গণহত্যাৰ বিৰোধী।’

আন এটা পোষ্টত তেওঁ কয়, ‘মই একো ভুল কৰা নাই, একো ভুল কোৱা নাই। ঘৃণাই মোক জোকাৰিব নোৱাৰে। মোক বেয়াকৈ বদনাম কৰিছে, কিন্তু মই দৃঢ়তাৰে থিয় দিবলৈ চেষ্টা কৰিম।’

শৰ্মাই আৰু কয়, ‘গান্ধীজীৰ মূল্যবোধক মোৰ শক্তি, ভগত সিঙৰ সাহস আৰু বাবা চাহাবৰ সংবিধানক লৈ মই শান্তি, সত্য আৰু ঐক্যৰ পক্ষত থিয় দিছো।’

মন কৰিবলগীয়া যে শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত কৰা পোষ্ট সন্দৰ্ভত উত্তৰ প্ৰদেশৰ পৰা এনে বহু গোচৰ পোহৰলৈ আহিছে।

অপাৰেচন সিন্দুৰৰ ঠিক পিছতেই দেশৰ সাৰ্বভৌমত্ব, ঐক্য আৰু অখণ্ডতাক বিপদত পেলোৱাকে ধৰি কেইবাটাও ধাৰাত লোকগায়িকা নেহা সিং ৰাথোৰ আৰু ব্যংগকাৰ মাদ্ৰি কাকতি (ড° মেডুছা)ৰ বিৰুদ্ধেও এফআইআৰ ৰুজু কৰা হয়।

তেওঁলোকৰ বিৰুদ্ধে ১৯৬ নং (ধৰ্ম, জাতি, জন্মস্থান, ভাষা আদিৰ ভিত্তিত বিভিন্ন গোটৰ মাজত শত্ৰুতা প্ৰসাৰ কৰা), ১৯৭ (জাতীয় সংহতিৰ প্ৰতি ক্ষতিকাৰক অভিযোগ বা দাবী), ৩৫৩ (ৰাজহুৱা বিশৃংখলতাৰ অনুকূল বক্তব্য), ৩০২ (ধৰ্মীয় আৱেগক ইচ্ছাকৃতভাৱে আঘাত কৰা শব্দ), ১৫২ (ধৰ্মীয় আৱেগক বিপন্ন কৰা কাৰ্য্য)ৰ অধীনত অভিযোগ উত্থাপন কৰা হৈছে ভাৰতৰ সাৰ্বভৌমত্ব, ঐক্য আৰু অখণ্ডতা)ৰ বিএনএছ আইন। দেশদ্ৰোহৰ কোনো প্ৰত্যক্ষ উল্লেখ নাই (যিটো আগতে ভাৰতীয় দণ্ডবিধিৰ ১২৪এ ধাৰাত আছিল), কিন্তু নতুন ফৌজদাৰী আইনৰ ১৫২ ধাৰাত প্ৰায় একে কামেই কৰা হৈছে।)

ইয়াৰ উপৰিও তেওঁলোকৰ ক্ষেত্ৰত তথ্য প্ৰযুক্তি আইনৰ ৬৯এ ধাৰাও প্ৰয়োগ কৰা হৈছে, য’ত চৰকাৰক ইণ্টাৰনেট কন্টেন্ট ব্লক কৰাৰ অধিকাৰ প্ৰদান কৰা হৈছে।

এই সন্দৰ্ভত অশোকা বিশ্ববিদ্যালয়ৰ অধ্যাপক আলী খান মাহমুদাবাদৰ বিৰুদ্ধেও গোচৰ ৰুজু কৰা হয়। ১৮ মে’ত হাৰিয়ানা আৰক্ষীয়ে মাহমুদাবাদক দেশদ্ৰোহ আৰু ধৰ্মীয় আৱেগক আঘাত দিয়াৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছিল ভাৰতে পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ অপাৰেচন সিন্দুৰৰ ওপৰত কৰা মন্তব্যৰ বাবে। গ্ৰেপ্তাৰ কৰা হয়।

উল্লেখযোগ্য যে যোৱা ৮ মে’ত অশোকা বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ মুৰব্বী মাহমুদাবাদে ছ’চিয়েল মিডিয়াত পোষ্ট কৰি কৰ্ণেল ছফিয়া কুৰেছীক প্ৰশংসা কৰি হিন্দুত্ববাদীসকলৰ বৈপৰীত্য উদঙাই দিছিল। মাহমুদাবাদে কৈছিল যে কৰ্ণেল কুৰেছি আৰু উইং কমাণ্ডাৰ ব্যোমিকা সিঙে কৰা প্ৰেছ ব্রিফিংবোৰ প্ৰতীক হিচাপে গুৰুত্বপূৰ্ণ আছিল যদিও ইয়াক প্ৰকৃত বাস্তৱলৈ অনুবাদ কৰিব লাগিব, নহ’লে ই কেৱল ভণ্ডামি।

যোৱা বছৰৰ আৰম্ভণিতে মুছলমান বিৰোধী হিংসাত্মক বক্তব্যৰ বাবে পৰিচিত বিতৰ্কিত হিন্দুত্ববাদী নেতা য়েতি নৰসিংহনন্দৰ ভিডিঅ’ শ্বেয়াৰ কৰাৰ বাবে ফেক্ট চেক ৱেবছাইট অল্ট নিউজৰ সহ-প্ৰতিষ্ঠাপক মহম্মদ জুবেইৰৰ বিৰুদ্ধে ১৫২ ধাৰাত গোচৰ ৰুজু হৈছিল।

কিছুমান ভিডিঅ’ত তেওঁক ঘৃণামূলক ভাষণ দিয়া, মুছলমানৰ বিৰুদ্ধে হিংসাৰ উচটনি দিয়া বা মুছলমান মহিলাক ধৰ্ষণ কৰাৰ ভাবুকি দিয়া দেখা গৈছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মানসজ্যোতি চেতিয়াৰ ৰহস্যজনক মৃত্যুক লৈ দণ্ডাশীল পৰ্যায়ৰ তদন্ত ঘোষণা : ঘটনাস্থলীলৈ যাত্ৰা আৰক্ষীৰ শীৰ্ষ বিষয়াৰ

মানসজ্যোতি চেতিয়াৰ ৰহস্যজনক মৃত্যুক লৈ দণ্ডাশীল পৰ্যায়ৰ তদন্ত ঘোষণা : ঘটনাস্থলীলৈ যাত্ৰা আৰক্ষীৰ শীৰ্ষ বিষয়াৰ

August 26, 2026 6:30 pm
২১ বছৰৰ কাৰ্যকালত ২৫ টা ট্ৰান্সফাৰ! ডাবাং খ্যাত এইজন আই এ এছ বিষয়াৰ নাম শুনিলেই ভয়ত কঁপি উঠে হোটেল ৰেঁস্তোৰাৰ মালিক

২১ বছৰৰ কাৰ্যকালত ২৫ টা ট্ৰান্সফাৰ! ডাবাং খ্যাত এইজন আই এ এছ বিষয়াৰ নাম শুনিলেই ভয়ত কঁপি উঠে হোটেল ৰেঁস্তোৰাৰ মালিক

August 26, 2026 5:45 pm
“সূৰ্য, বতাহ বা পানীৰ কোনো ধৰ্ম নাই”- বন্দে মাতৰম বিতৰ্কৰ মাজতে কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ ঘোষণা

“সূৰ্য, বতাহ বা পানীৰ কোনো ধৰ্ম নাই”- বন্দে মাতৰম বিতৰ্কৰ মাজতে কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ ঘোষণা

August 26, 2026 4:29 pm
নেপালত ভয়ংকৰ বান: বানত উটি গ’ল ১০০০-ৰো অধিক লোক

নেপালত ভয়ংকৰ বান: বানত উটি গ’ল ১০০০-ৰো অধিক লোক

August 26, 2026 3:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানসজ্যোতি চেতিয়াৰ ৰহস্যজনক মৃত্যুক লৈ দণ্ডাশীল পৰ্যায়ৰ তদন্ত ঘোষণা : ঘটনাস্থলীলৈ যাত্ৰা আৰক্ষীৰ শীৰ্ষ বিষয়াৰ

মানসজ্যোতি চেতিয়াৰ ৰহস্যজনক মৃত্যুক লৈ দণ্ডাশীল পৰ্যায়ৰ তদন্ত ঘোষণা : ঘটনাস্থলীলৈ যাত্ৰা আৰক্ষীৰ শীৰ্ষ বিষয়াৰ

August 26, 2026 6:30 pm
২১ বছৰৰ কাৰ্যকালত ২৫ টা ট্ৰান্সফাৰ! ডাবাং খ্যাত এইজন আই এ এছ বিষয়াৰ নাম শুনিলেই ভয়ত কঁপি উঠে হোটেল ৰেঁস্তোৰাৰ মালিক

২১ বছৰৰ কাৰ্যকালত ২৫ টা ট্ৰান্সফাৰ! ডাবাং খ্যাত এইজন আই এ এছ বিষয়াৰ নাম শুনিলেই ভয়ত কঁপি উঠে হোটেল ৰেঁস্তোৰাৰ মালিক

August 26, 2026 5:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd