সময়মতে বিমান ধৰিব নোৱাৰাৰ বাবেই ৱেষ্ট ইণ্ডিজৰ বিশ্বকাপ দলৰ পৰা বাদ পৰিল হেটমেয়াৰ!

শ্বিমৰন হেটমেয়াৰ।

Shimron Hetmyer dropped from West Indies World Cup squad বিশ্বকাপৰ বাবে গঠিত ৱেষ্ট ইণ্ডিজ দলত স্থান লাভ কৰিছিল শ্বিমৰন হেটমেয়াৰে। কিন্তু অষ্ট্ৰেলিয়ালৈ যোৱা বিমানত সময়ত উঠিব নোৱাৰাৰ বাবে তেওঁক বিশ্বকাপ দলৰ পৰা বাদ দিব লগা হ’ল। তেওঁৰ ঠাইত বিশ্বকাপৰ বাবে ৱেষ্ট ইণ্ডিজ দলত স্থান দিয়া হৈছে শ্বামাৰ ব্ৰুকছক।

যোৱাবাৰ টি-২০ বিশ্বকাপৰ ছেমি ফাইনেলত উপনীত হ’ব নোৱাৰিলে ৱেষ্ট ইণ্ডিজ ক্ৰিকেট দলে। নিকোলাছ পুৰান বাহিনীয়ে এই বছৰ অষ্ট্ৰেলিয়াত ভাগ্য সলনি কৰাৰ আশা কৰিছে। সেই দলটোৰেই এজন গুৰুত্বপূৰ্ণ সদস্য আছিল শ্বিমৰন হেটমেয়াৰ।

লগতে পঢ়ক: অসম ক্ৰিকেট সন্থাৰ পানী নসৰকা যুক্তি: খেলপথাৰত সাপ সোমাই অতিৰিক্ত মনোৰঞ্জনহে দিছিল দৰ্শকক!

ক্ৰিকেট ৱেষ্ট ইণ্ডিজে হেটমেয়াৰৰ বাবে প্ৰথমে ঠিক কৰা বিমানখনত পাৰিবাৰিক কাৰণত হেটমেয়াৰে উঠিব পৰা নাছিল। ফলস্বৰূপে, ৱেষ্ট ইণ্ডিজৰ তাৰকা বেটছমেনগৰাকী অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে  এনেয়ে খেলিবলগীয়া দুখন প্ৰস্তুতিমূলক খেলৰ প্ৰথমখন খেলৰ পৰা বাহিৰ হৈছিল।

অৱশ্যে, হেটমেয়াৰৰ অনুৰোধত ৱেষ্ট ইণ্ডিজ বোৰ্ডে আন এখন বিমানৰ ব্যৱস্থা কৰিছিল। কিন্তু সেই বিমানখনতো নুঠিল হেটমেয়াৰ। ফলত তেওঁক বিশ্বকাপ দলৰ পৰাই বাদ দিয়া হ’ল। ক্ৰিকেট ৱেষ্ট ইণ্ডিজে হেটমেয়াৰক এই বিষয়ে হেনো আগতীয়াকৈ অৱগত কৰিছিল।

বোৰ্ডৰ সঞ্চালক জিমি এডামছে কয়, “তেওঁক আগতীয়াকৈ জনোৱা হৈছিল যে যদি তেওঁ এই বিমানখনতো নুঠে, তেতিয়া তেওঁক বাধ্য হৈ আমাৰ বিশ্বকাপ দলৰ পৰা বাদ দিব লাগিব। এই বিশ্বকাপৰ প্ৰস্তুতিত কোনো কাৰণতে কোনো ত্ৰুটি থকাটো আমি নিবিচাৰো।‘’

লগতে পঢ়ক:  ডিঙি চেপি, বটলেৰে কাটি নিৰ্মমভাৱে হত্যা জম্মু-কাশ্মীৰৰ ডিজিপি(কাৰাগাৰ)ক; জ্বলাই দিয়াৰো চেষ্টা!

এডামছে কয় যে ব্ৰুকছক এই সপ্তাহতে যিমান সম্ভৱ সোনকালে অষ্ট্ৰেলিয়ালৈ প্ৰেৰণ কৰা হ’ব। ৱেষ্ট ইণ্ডিজে বুধবাৰে গোল্ড কোষ্টত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে প্ৰথমখন টী-২০ খেলি বিশ্বকাপৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিব। দুদিন পিছত শুকুৰবাৰে দ্বিতীয়খন খেল ব্ৰিছবেনত অনুষ্ঠিত হ’ব।

দুবাৰৰ টী-২০ বিশ্বকাপ বিজয়ী ৱেষ্ট ইণ্ডিজ দলটোৱে অহা ১৭ অক্টোবৰত হোবাৰ্টত স্কটলেণ্ডৰ বিৰুদ্ধে প্ৰথম ৰাউণ্ডৰ খেলখনেৰে বিশ্বকাপ অভিযান আৰম্ভ কৰিব।