NORTHEAST NOW (Assamese)

ডুবাইত হৃদৰোগত আক্ৰান্ত হৈ মহাৰাষ্ট্ৰৰ শিৱসেনাৰ বিধায়ক ৰমেশ লাটকেৰ মৃত্যু

May 12, 2022 1:34 pm · এন ই নাও নিউজ,গুৱাহাটী

মহাৰাষ্ট্ৰৰ শিৱসেনাৰ বিধায়ক ৰমেশ লাটকেৰ ডুবাইত হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু ঘটিছে।

মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৫২ বছৰ।

বিধায়কগৰাকীৰ পৰিয়ালৰ সূত্ৰই প্ৰকাশ কৰা মতে লাটকে বুধবাৰে নিশা ডুবাইত হৃদৰোগত আক্ৰান্ত হৈছিল আৰু চিকিৎসকৰ কাষলৈ নিয়াৰ পূৰ্বেই তেওঁৰ মৃত্যু ঘটে।

বিধায়ক লাটকেই তেওঁৰ পৰিয়ালৰ সৈতে ডুবাইলৈ ফুৰিবলৈ গৈছিল।

আজি তেওঁৰ নশ্বৰ দেহ মুম্বাইলৈ অনা হ’ব।

উল্লেখ্য লাটকে মুম্বাইৰ আন্ধেৰী পূব বিধানসভা সমষ্টিৰ পৰা দুবাৰকৈ শিৱসেনাৰ টিকটত বিধায়ক হিচাবে নিৰ্বাচিত হৈছিল।

লাটকেৰ মৃত্যুত শোক প্ৰকাশ কৰি দলৰ মুখপাত্ৰ প্ৰিয়ংকা চতুৰ্বেদীয়ে কোভিড মহামাৰীৰ সময়ত তেওঁ আগবঢ়োৱা সেৱা আৰু সমষ্টিৰ লোকসকলৰ সৈতে তেওঁ ৰক্ষা কৰি চলা সম্পৰ্কৰ কথা স্মৰণ কৰে।

Related News