বিশ্বকাপ জয়ত ব্যৰ্থ ভাৰত: আখতাৰে ক’লে, ‘পিটচক লৈ মই হতাশ..’

World Cup Shoaib Akhtar

অন্ত পৰিল ক্ৰিকেট বিশ্বকাপৰ। সগ্ৰ প্ৰতিযোগিতাখনতে চমকপ্ৰদ প্ৰদৰ্শনৰ পিছতো ফাইনেলত বিশ্বকাপ খিতাপত চুমুক দিয়াত ব্যৰ্থ হ’ল ভাৰত। ফাইনেলত ভাৰতীয় ক্ৰিকেট দলৰ এই ব্যৰ্থতাৰ পিছতে ইতিমধ্যে আৰম্ভ হৈছে বিশ্লেষণ।

প্ৰাক্তন ক্ৰিকেটাৰ তথা ক্ৰিকেট বিশেষজ্ঞসকলে ইতিমধ্যে ভাৰতৰ পৰাজয় সন্দৰ্ভত নিজ নিজ মন্তব্য আগবঢ়াইছে। এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে পাকিস্তানৰ প্ৰাক্তন পেচ তাৰকা শ্বোৱেইব আখতাৰেও।

ফাইনেলত পৰাস্ত হ’লেও ভাৰতক ফাইনেলত প্ৰৱেশৰ বাবে অভিনন্দন জনায় প্ৰাক্তন তাৰকাগৰাকীয়ে। কিন্তু ফাইনেল অনুষ্ঠিত হোৱা আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামৰ পিটচক লৈ হতাশা ব্যক্ত কৰিছে আখতাৰে।

আখতাৰৰ মন্তব্য, ভাগ্যৰ আধাৰত ফাইনেলত প্ৰৱেশ কৰা নাছিল ভাৰতে। চমকপ্ৰদ খেল খেলি ভাৰত ফাইনেলত প্ৰৱেশ কৰিছিল আৰু ভালকৈয়ে যুঁজিছিল বুলি মন্তব্য কৰে আখতাৰে।

“অৱশ্যে মেচখনৰ বাবে ব্যৱহাৰ কৰা পিটচখনক লৈ মই অলপ হতাশ হৈছিলো।”– আখতাৰে কয়। নিজৰ ইউটিউব চেনেলত শ্বেয়াৰ কৰা এটা ভিডিঅ’ত প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে লগতে ভাৰতে আৰু অধিক ভাল পিটচ প্ৰস্তুত কৰা উচিত আছিল বুলি উল্লেখ কৰে।

বিশ্বকাপৰ ফাইনেলত উপনীত বাবে ভাৰতক অভিনন্দন জনাই আখতাৰে লগতে এই কৃতিত্ব অৰ্জন কৰাটো সহজ নহয় বুলি মন্তব্য কৰে। কিন্তু এনে মেচত ভাৰত সদায় দুৰ্ভাগ্যজনকভাৱে ব্যৰ্থ হৈ পৰে বুলিও দুখ প্ৰকাশ কৰে আখতাৰে।

তেওঁ লগতে কয়, “যোৱা ১২ বছৰমানৰ ভিতৰত আমি দেখিছো যে ভাৰতে ট্ৰফী জয় কৰাৰ অতি ওচৰ চাপিছে যদিও কোনো মুহূৰ্তত ব্যৰ্থ হৈছে। ভাগ্য ভাৰতীয় দলৰ অনুকূল হোৱা নাই।”

আখতাৰে লগতে এনে স্নায়ু যুঁজৰ ক্ষেত্ৰত অষ্ট্ৰেলিয়াৰ প্ৰদৰ্শনকো প্ৰশংসা কৰে। এনে হেঁচা অষ্ট্ৰেলিয়াই নিয়ন্ত্ৰণ কৰিব জানে বুলি ভিডিঅ’টোত মন্তব্য কৰে প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে।