NORTHEAST NOW (Assamese)

মহাৰাষ্ট্ৰৰ ভীমা কোৰেগাঁও হিংসাত্মক ঘটনাত গ্ৰেপ্তাৰ হোৱা সমাজ কৰ্মী সোমা সেনৰ জামিন মঞ্জুৰ কৰিলে শীৰ্ষ আদালতে

April 6, 2024 5:01 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী

মহাৰাষ্ট্ৰৰ ভীমা কোৰেগাঁও হিংসাত্মক ঘটনাত গ্ৰেপ্তাৰ হোৱা সমাজ কৰ্মী তথা প্ৰাক্তন শিক্ষয়িত্ৰী সোমা সেনক সকাহ দিলে শীৰ্ষ আদালতে। উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ অনিৰুদ্ধ বসু আৰু ন্যায়াধীশ অগাষ্টিন জৰ্জৰে গঠিত বিভাগীয় বিচাৰপীঠে শুকুৰবাৰে সোমা সেনক চৰ্তসাপেক্ষে জামিনত মুকলি কৰি দিয়ে।

অভিযুক্তক জামিনত মুকলি কৰি দি বিচাৰপীঠে কয় যে তেওঁৰ নতুন মোবাইল নম্বৰ আৰু ঘৰৰ ঠিকনা তদন্তকাৰী বিষয়াক অৱগত কৰিব লাগিব। ফোনটোৰ জিপিএছ সদায় অন হৈ থাকিব লাগিব। পাছপ’ৰ্ট আৰক্ষীৰ ওচৰত জমা দিব লাগিব। লগতে মহাৰাষ্ট্ৰৰ বাহিৰলৈ যাব নোৱাৰিব। 

শুকুৰবাৰে আদালতে পৰ্যবেক্ষণ কৰে সোমা বয়সৰ লগত জড়িত সমস্যাত ভুগি আছে। তদুপৰি তেওঁক জিম্মাত ৰখাৰ কোনো প্রয়োজন নাই বুলি এন আই এয়ে জনাইছে৷

মন কৰিবলগীয়া যে ২০১৮ চনৰ ৬ জুনত আৰক্ষীয়ে সোমা সেনক গ্ৰেপ্তাৰ কৰিছিল। সেই বছৰৰ ১ জানুৱাৰীত মহাৰাষ্ট্ৰৰ ভীমা কোৰেগাঁৱত দলিত সংগঠন এলগাৰ পৰিষদৰ বিজয় দিৱসৰ অনুষ্ঠানত হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হয়। সেই হিংসাত সোমা সেন জড়িত বুলি জনা গৈছিল। 

ইয়াৰ উপৰিও এই গোচৰত প্ৰবীণ কবি বৰ্বৰা ৰাও, ট্ৰেড ইউনিয়নৰ নেতা অধিবক্তা সুধা ভৰদ্বাজ, অধ্যাপক আনন্দ তেলটুম্বেকে ধৰি কেইবাজনো বুদ্ধিজীৱীৰ নামো জড়িত আছিল। ইয়াৰে বহুকেইজনক গ্ৰেপ্তাৰ কৰিছিল NIA-এ।

সূত্ৰসমূহে এই গোচৰৰ সৈতে জড়িত ৫ অভিযুক্তই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক হত্যা কৰাৰ পৰিকল্পনা কৰা বুলিও জানিবলৈ দিয়ে। ভাৰতীয় দণ্ডবিধিৰ বিভিন্ন ধাৰাৰ লগতে কঠোৰ ইউএপিএৰ অধীনত অভিযুক্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হয়। পিছত গোচৰটোৰ তদন্ত এন আই এৰ হাতত অৰ্পণ কৰা হয়।

Related News