কাজিৰঙাৰ গঁড় হত্যাৰ বাবে মণিপুৰৰ পৰা অনা হৈছিল শ্বুটাৰ! পোহৰলৈ চাঞ্চল্যকৰ তথ্য

rhino poaching in Kaziranga

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত যোৱা সপ্তাহত এটা চোৰাং চিকাৰী দলে হত্যা কৰিছিল দুটাকৈ গঁড়। ঘটনাৰ তদন্তত পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য। জানিব পৰা মতে, এই চোৰাং চিকাৰৰ বাবে নিয়োগ কৰা হৈছিল মণিপুৰৰ এজন শ্বুটাৰক। এই চোৰাং চিকাৰৰ গোচৰত বোকাখাত আৰক্ষীয়ে জগু পেগু নামৰ এজন চোৰাং চিকাৰীক গ্ৰেপ্তাৰ কৰাৰ পিছতে এই কথা পোহৰলৈ আহিছে।

উল্লেখ্য যে, যোৱা ২২ জানুৱাৰীত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলি বনাঞ্চলৰ অন্তৰ্গত মাকলং বনাঞ্চলৰ সমীপত এটা মাইকী গঁড়ৰ মৃতদেহ উদ্ধাৰ হৈছিল। ইয়াৰ পিছতে ২৬ জানুৱাৰীত জগুৰ স্বীকাৰোক্তিমূলক বক্তব্যৰ ভিত্তিত দ্বিতীয়টো গঁড়ৰ মৃতদেহ উদ্ধাৰ কৰে মহমৰা বন শিবিৰৰ সমীপত। জেৰাত জগু পেগুৱে স্বীকাৰ কৰে মণিপুৰী শ্বুটাৰৰ কথা।

মণিপুৰৰ এই শ্বুটাৰজনৰ লগতে আন দুজন চোৰাং চিকাৰী হৰেণ কামন আৰু ৰবিন পেগু এতিয়াও পলাতক হৈ থকা বুলি জানিব পৰা গৈছে। ঘটনা সন্দৰ্ভত গোলাঘাট জিলাৰ আৰক্ষী অধীক্ষক ৰাজেন সিঙে উল্লেখ কৰা মতে, মণিপুৰৰ শ্বুটাৰজনক ছয়জনীয়া এটা দলে ভাড়াত লৈ গঁড় হত্যাৰ বাবে বৰবালি গাঁৱলৈ আনিছিল।

মণিপুৰৰ সেনাপতি জিলাৰ এই শ্বুটাৰজনে ১৫ জানুৱাৰীত চুৰাচান্দপুৰলৈ আহি তাৰ পৰা আইজল পোৱাৰ পিছত শিলচৰলৈ আহি অৱশেষত ১৭ জানুৱাৰীত ডিমাপুৰত উপস্থিত হয়। ডিমাপুৰৰ পৰা ৰবীন পেগুৱে ১৯ জানুৱাৰীত ৰাজহুৱা বাছেৰে দেৰগাঁৱলৈ আনে শ্বুটাৰজনক আৰু অৱশেষত ২০ জানুৱাৰীত শ্বুটাৰজন কমাৰগাঁৱত উপস্থিত হয় আৰু জগু পেগুৰ ঘৰত থাকে।

যোৱা ২০ জানুৱাৰীত জগু পেগু আৰু মণিপুৰী শ্বুটাৰজন মটৰ চাইকেলেৰে অফলা গাওঁলৈ যায় আৰু গাওঁখনৰ হৰেণ কামনৰ ঘৰত বাইকখন থৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত প্ৰৱেশ কৰে। নিশাটোৰ ভিতৰতে দুয়ো একে-৪৭ৰে গঁড় দুটাক হত্যা কৰে। ২১ জানুৱাৰীৰ পুৱা ৫ বজাত হাতত এটা ডাঙৰ বেগ লৈ জগু পেগুৰ ঘৰলৈ উভতি আহে।

ইফালে ৰবিন পেগুৰ সৈতে যোৱা ২১ জানুৱাৰীত মণিপুৰী শ্বুটাৰজন দেৰগাঁৱৰ পৰা বাছেৰে ডিমাপুৰলৈ যায়। আৰক্ষী অধীক্ষক ৰাজেন সিঙে জানিবলৈ দিয়া মতে স্থানীয় গাঁওবাসীৰ পৰা হৰেণ কামনৰ হাতত এ কে ৪৭ ৰাইফল থকাৰ বিষয়ে আৰক্ষীয়ে তথ্য লাভ কৰিছে। এই ৰাইফলটোৱেই গঁড় দুটা হত্যাত ব্যৱহাৰ কৰা হৈছিল বুলি জানিব পৰা গৈছে।

আৰক্ষীয়ে জগু পেগুৰ ঘৰৰ পৰা এটা মেগজিন আৰু ১৩ ৰাউণ্ড গুলীসহ এটা এ কে-৪৭ ৰাইফল উদ্ধাৰ কৰা বুলি সিঙে লগতে কয়। ইফালে চোৰাং চিকাৰৰ পূৰ্বে জগু পেগুক নিকন ঘাটৰ সমীপত মটৰ চাইকেলত মণিপুৰী চোৰাংচিকাৰীজনৰ সৈতে দেখা গৈছিল বুলিও উল্লেখ কৰে আৰক্ষী অধীক্ষকগৰাকীয়ে।

জগু পেগুৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে তেওঁৰ ঘৰৰ পিছফালে পুতি থোৱা গঁড়ৰ খৰ্গটো উদ্ধাৰ কৰে। ধৃত জগু পেগুৰ স্বীকাৰোক্তি অনুসৰি এই সমগ্ৰ চোৰাং চিকাৰৰ মাষ্টাৰমাইণ্ড আছিল লখিমপুৰ জিলাৰ ঢকুৱাখনাৰ ৰবীন পেগু। ইয়াৰ পূৰ্বেও কাৰ্বি আংলঙত গঁড় চোৰাং চিকাৰৰ গোচৰত গ্ৰেপ্তাৰ হৈছিল এই ৰবিন পেগু।

আৰক্ষী অধীক্ষক ৰাজেন সিঙে উল্লেখ কৰা মতে, মণিপুৰী শ্বুটাৰজনে গঁড়টোক হত্যা কৰাৰ পিছতে জগু পেগুৱে কুঠাৰেৰে খৰ্গটো কাটি লয়। ইফালে একেনিশাই হত্যা কৰা আনটো গঁড়ৰ খৰ্গটো উদ্ধাৰৰ প্ৰচেষ্টা চলাই থকা হৈছে তথা পলাতক আনকেইজন অভিযুক্তক গ্ৰেপ্তাৰৰ বাবে অভিযান চলাই থকা হৈছে বুলি সদৰী কৰে।

পলাতক অভিযুক্তকেইজনৰ তথ্য লাভ কৰিলে আৰক্ষীক অৱগত কৰিবলৈ সকলোকে আহ্বান জনায় আহ্বান আৰক্ষী অধীক্ষকগৰাকীয়ে। তথ্য দিয়া লোকসকলৰ পৰিচয় গোপন কৰি ৰখা হ’ব আৰু উপযুক্তভাৱে বঁটা প্ৰদান কৰা হ’ব বুলিও অধীক্ষকগৰাকীয়ে লগতে কয়।