NORTHEAST NOW (Assamese)

পূৰ্ণ দৈৰ্ঘ্যৰ অসমীয়া চলচ্চিত্ৰ ‘অশান্ত ইলেকট্ৰন’ৰ শুভ মহুৰত

March 11, 2019 8:13 pm · এন ই নাও নিউজ

প্ৰখ্যাত গল্পকাৰ সৌৰভ কুমাৰ চলিহাৰ জনপ্ৰিয় গল্প ‘অশান্ত ইলেকট্ৰন’ৰ আধাৰত তাছাডা আৰ্টছ (Tasada Arts)ৰ প্ৰযোজনাত আৰু ৰংবিন (Rongbeen)ৰ সহযোগত নিৰ্মাণ হ’বলগীয়া পূৰ্ণ দৈৰ্ঘ্যৰ অসমীয়া চলচ্চিত্ৰ ‘অশান্ত ইলেকট্ৰন’ৰ ১০ মাৰ্চত শুভ মহুৰত সম্পন্ন হয়।

চৈয়দ তাছকী হুছেইনৰ প্ৰযোজনা আৰু ননিৰ পৰিচালনাত নিৰ্মাণ হ’বলগীয়া চিনেমাখনৰ প্ৰায়েবাৰ দৃশ্যগ্ৰহণ গুৱাহাটীত কৰাৰ লগতে, শ্বিলং, যোৰহাট আৰু ডিমাপুৰতো কৰা হ’ব। সৌৰভ কুমাৰ চলিহাৰ ‘অশান্ত ইলেকট্ৰন’ গল্পটোৰ মূল চৰিত্ৰ আৰু বিষয়বস্তুক গুৰুত্ব দি নিৰ্মাণ হ’ব লগীয়া চিনেমাখনৰ মুখ্য সহকাৰী পৰিচালক অভিজ্ঞান কাশ্যপ আৰু সংগীত আকাশ দুৱৰা আৰু পাপু গোহাঁইৰ।

মূখ্য চৰিত্ৰ সমূহত অভিনয় কৰিছে নয়ন বৰা, প্ৰাঞ্জল বৰ্মন, মাইনু গগৈ, অনিল শৰ্মা, কিৰণ শংকৰ, নন্দিতা বৰুৱা, ড০ জজয়ন্ত দাস, ৰত্ন দাস ইত্যাদিয়ে। অহা বছৰৰ শেষৰফালে চিনেমাখন মুক্তি দিয়াৰ কথা।

দানিয়া তাছকীয়ে শুভাৰম্ভ কৰা কালিৰ অনুষ্ঠানত বিশিষ্ট চলচ্চিত্ৰ সমালোচক মনোজ বৰপূজাৰীৰ লগতে চিনেমাখনৰ কলা-কুশলীসকল উপস্থিত থাকে।

Related News