• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কাজিৰঙা পঞ্চতাৰকা বিতৰ্কঃ আটছাক চৰকাৰী কুচক্ৰান্তৰ বলি নহ’বলৈ আহ্বান জীপালৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 12, 2024 7:44 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কাজিৰঙাৰ ইংলেপথাৰৰ ইচ্ছ্যুত আপোচহীনভাবে প্ৰকৃত ভূমি অধিকাৰ দাবী তুলা সংগঠন জীপাল কৃষক-শ্ৰমিক সংঘ, বৃহত্তৰ কাজিৰঙা ভূমি -মানৱ অধিকাৰ সমিতিক একাষৰীয়া কৰি চৰকাৰে কেৱল আটছাক আয়ত্তলৈ অনাৰ কু-অভিপ্ৰায়ৰ পৰিণতি ৭ আগষ্টৰ মবলিঞ্চিং ঘটনা বুলি দাবী তুলিছে জীপাল কৃষক-শ্ৰমিক সংঘই।

যোৱা ৩১ জুলাইৰ আটছাৰ প্ৰতিবাদী সমদলৰ ওপৰত পুলিচৰ লাঠি চাৰ্জ কাণ্ডক তাত লাগি থকা অন্যান্য সংগঠনক নস্যাৎ কৰি তাৰ ভুক্তভোগী আদিবাসী থলুৱা লোকৰ সমবেদনা আদায়ৰ এক নাটকীয় দূৰ্ঘটনা বুলি একাংশ ৰাজনৈতিক বিশ্লেষকে সন্দেহ কৰে , কিন্তু তৎমূহূৰ্তত উক্ত কাণ্ডৰ বাবে চৰকাৰী পুলিচ বাহিনীক জীপাল কৃষক শ্ৰমিক সংঘই তীব্ৰ সমালোচনাৰ লগতে উক্ত লাঠি চাৰ্জ দণ্ডাধীশ অবিহনে আইন হাতত তুলি লোৱা পুলিচ বিষয়াৰ বিৰুদ্ধে স্ব’মত গোচৰ পঞ্জীয়ন কৰাৰ আহ্বান জনাইছিল জীপালে।

সেই সময়তে News liveৰ দৰে ইলেকট্ৰনিক সংবাদ মাধ্যমটোহে আটছাক সন্দেহৰ আবৰ্তলৈ লৈ গৈছিল। উল্লেখযোগ্য যে উক্ত সংবাদ মাধ্যমত প্ৰচাৰিত হৈছিল “ক্ষতিপূৰণন দাবীত আটচাৰ প্ৰতিবাদী সমদল” শীৰ্ষক বাতৰিটো। জীপাল কৃষক-শ্ৰমিক সংঘৰ দৃষ্টিগোচৰ হোৱাৰ লগে-লগে আটছাৰ কেন্দ্ৰীয় সম্পাদক জগদীশ বৰাইক ডাঙৰীয়াক বোকাখাত হস্পিটেলতে সাংবাদিকৰ আগতে স্পষ্টিকৰণ লোৱা হয়। তেওঁ স্পষ্টকৈ উক্ত newslive ৰ বাতৰি নস্যাৎ কৰে। গতিকে আটছাৰ বক্তব্যক আশ্বাসত লোৱা বুলিহে জীপালৰ উপদেষ্টা সোণেশ্বৰ নৰহে সাংবাদিকৰ আগতে প্ৰকাশ কৰে। আটছাৰ গোলাঘাট জিলাৰ নেতৃবৃন্দ সুশীল কালিন্দী আৰু অনিত গড় ডাঙৰীয়াই ভালকৈ নুশুনি, গভীৰ ভাবে অনুধাৱন নকৰি কাৰোবাৰ দ্বাৰা পৰিচালিত হৈ অচিনাকীৰ ভাওধৰি জীপালৰ উপদেষ্টা সোণেশ্বৰ নৰহক কতাক্ষ কৰা কাণ্ডক এক গোপন চক্ৰৰ হেঁচা বুলি ব্যক্ত কৰে জীপালৰ মুখপাত্ৰ প্ৰবীণ পেগুৰ। লগতে জীপাল কৃষক-শ্ৰমিক সংঘ, কাজিৰঙা ভূমি -মানৱ অধিকাৰ সমিতি আৰু আটছাৰ দাবী ভূমি পট্টন-সুৰক্ষাই যদি হয়, ঐক্যবদ্ধ সংগ্ৰামৰ পোষকতা কিয় কৰিব নোৱাৰি বুলি জীপালৰ মুখপাত্ৰ প্ৰবীণ পেগুৱে তাৎপৰ্যপূৰ্ণ প্ৰশ্ন তুলিছে।

ইয়াৰ বিপৰীতে ৩১ জুলাই তাৰিখে নিয়মীয়া বাৰ্তাত প্ৰকাশ হোৱা “ক্ষতিপূৰণৰ দাবীত আটছাৰ বৃহৎ সমদল “ শীৰ্ষক বাতৰিটোৰ সন্দৰ্ভত আটছাই স্পষ্টীকৰণ নিদিয়া ঘটনাক লৈ ৰাইজৰ মাজত এক সন্দেহ সৃষ্টি চৰকাৰী ভাবে কৰা হৈছে। চৰকাৰী মদতপুষ্ট সংবাদ গোষ্ঠীটোহে কৰিছে। জীপাল বা আন সংগঠনে সৃষ্টি কৰা নাই। তেনে ক্ষেত্ৰত চৰকাৰী ষড়যন্ত্ৰ তথা উক্ত নিৰ্দিষ্ট সংবাদ মাধ্যমক আটছাই তীব্ৰ সমালোচনা বা কৈফিয়ৎ ঘোষণা নকৰি সমভাৱাপন্ন সংগঠন জীপাল বা ভূমি অধিকাৰ সমিতিৰ বিৰুদ্ধে সংবাদ মেলত সক্ৰিয় হোৱা কাণ্ডই তেওঁলোকৰ ওপৰত বৰং নিজেই সন্দেহ ঘনিভূত কৰি লৈছে।

মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাৰ দেৰগাঁও ভ্ৰমণ কালত আটছাৰ বুজা পৰা হোৱা বুলি মন্ত্ৰী অতুল বৰাৰ এক গোপন সূত্ৰই প্ৰকাশ কৰিছে , আৰু অতুল বৰাৰ তত্বাৱধানত আটাছাক কালাৰ সানি যিকোনো মূল্যৰ বিনিময়ত ক্ষতিপূৰণৰ প্ৰস্তাৱ গ্ৰহণ কৰাব পৰা এক পৰিবেশ তৈয়াৰ কৰা ব্লুপিন্ট ৰচনাৰ গুজৱ ওলাইছিল। ইয়াৰ জবাব মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মা আৰু মন্ত্ৰী অতুল বৰাই নিদি আটছাই মুখ পাতিধৰা কাণ্ড অত্যন্ত দৃষ্টিকটু হোৱা বুলি ৰাজনৈতিক মহলে চৰ্চা কৰিছে লগতে জীপালৰ উপদেষ্টা সোণেশ্বৰ নৰহে আটছাৰ গাত যাতে চৰকাৰে কালিমা সানিব নোৱাৰে তাৰ বাবেহে ইংগিত প্ৰকাশ কৰিছিল বুলি সাংবাদিকৰ আগত স্পষ্ট কৰি দিয়ে। এইখিনিতে আটছাই সংবাদ মাধ্যমৰ যোগেদি “ভূমি সুৰক্ষা আৰু ভূমি পট্টাৰ বাবেহে আটছাই দাবী কৰি আহিছে,ক্ষতিপূৰণৰ বাবে নহয়” উক্ত কথাষাৰৰ বাবে পুণৰবাৰ জীপাল কৃষক-শ্ৰমিক সংঘই আটছাক ধন্যবাদ জনাইছে। লগতে তাৎপৰ্যপূৰ্ণ ভাবে এইকথাও দৃষ্টি গোচৰ কৰিছে যে সম্প্ৰতি সমগ্ৰ সচেতন মহল আটছাৰ গতিবিধি নিৰীক্ষণত ৰাখিছে।কিয়নো অসমৰ ৰাজনীতি সলাব পৰা এক শক্তিশালী জাতীয় সংগঠন বুলি দাবী কৰা আটছাই কাজিৰঙাৰ থলুৱা লোকসকলৰ ভূমি সুৰক্ষা আৰু ভূমি পট্টাৰ দাবীৰ ক্ষেত্ৰত কি দৰে ধাৰাবাহিক ভূমিকা অটুট ৰাখিব ই অতি লক্ষণীয় হ’ব বুলি উল্লেখ কৰে জীপালে। কাজিৰঙাৰ একাংশ সাংবাদিকে আটছাৰ বাদে আন সংগঠনৰ হায়াত তথা পঞ্চতাৰকা বিতৰ্কৰ বাতৰি প্ৰচাৰ নকৰাৰ সিদ্ধান্তৰ কথা ইতিমধ্যে ৰাজহুৱা হৈছে । যদিও বহু সাংবাদিকে এই এককক্ষীয় সিদ্ধান্তক সমালোচনা কৰিছে বুলি জনা গৈছে। গতিকে স্বাভাবিকতে আটছাই নজনাকৈ চৰকাৰী তথা চৰকাৰ মদতপুষ্ট সাংবাদিকৰ কূটকৌশলৰ যে বলি হ’বলৈ গৈ আছে এই সন্দৰ্ভত আটছাক সচেতন হ’বলৈহে আহ্বান জনাইছিল জীপাল কৃষক শ্ৰমিক সংঘই।

কিন্তু ইয়াৰ বিৰুদ্ধে আৰু যোৱা ৭ আগষ্টৰ মবলিঞ্চিং ঘটনাৰ বিৰুদ্ধে আটছাই ৰাজহুৱাকৈ নিন্দা নকৰা আৰু তেনে ঘটনাৰ প্ৰতিৰোধৰ পদক্ষেপ গ্ৰহণ নকৰা কাণ্ডৰ বাবে স্বাভাৱিকতে তেওঁলোকৰ ওপৰত জনতাৰ প্ৰশ্নৰ আঙুলি উঠিব।

জীপালৰ উপদেষ্টা সোণেশ্বৰ নৰহে কয় এতিয়া নিজৰ ভিতৰত দণ্ডকৰাৰ সময় নহয়।সমভাৱাপন্ন সংগঠনৰ সতে ৰাজহুৱাকৈ মিলিত হৈ চৰকাৰী বিভেদকামী ষড়যন্ত্ৰ ওফৰাই ঐক্যবদ্ধ সংগ্ৰাম কৰাৰ সময় বুলি গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াই। সামাজিক কৰ্মী প্ৰণৱ দলেৰ ওপৰত ভুৱা অপবাদ আৰু তেওঁৰ সতীৰ্থৰ ওপৰত মবলিঞ্চিং ঘটনাৰ তদন্ত দাবী তুলি গণতান্ত্ৰিক সংগঠনৰ ধৰ্ম আটছাই পালন কৰা উচিত বুলি জীপালে দাবী কৰে।লগতে কাজিৰঙাৰ আনসমূহ সংবাদ গোষ্ঠীক চৰকাৰী মদতপুষ্ট একাংশ সাংবাদিকৰ কুট কৌশলৰপৰা আতৰি আহি চতুৰ্থ স্তম্ভ সংবাদ মাধ্যমৰ পূৰ্বৰ গৰিমা অক্ষত ৰাখিবলৈও আহ্বান জনায় । সকলো স্তম্ভই জনগনৰ উৰ্ধত নহয় এই কথাৰ প্ৰতি দৃষ্টি ৰাখি কাজিৰঙা সাংবাদিক সন্থাই পঞ্চতাৰকা বিতৰ্কৰ বাতৰি নকৰাৰ সিদ্ধান্ত উঠাই ল’বলৈ বিনম্ৰ গোহাৰি জনাই জীপালৰ উপদেষ্টা সোণেশ্বৰ নৰহ আৰু মুখপাত্ৰ প্ৰবীণ পেগুৰ। আমি গণসংগঠন হিচাপে চতুৰ্থ স্তম্ভ সংবাদ গোষ্ঠীৰ সতে সংঘাত ৰখা সুস্থ গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ ধৰ্ম নহয়। কাৰোবাৰ উদেশ্যপ্ৰনোদিত মুনাফা কেন্দ্ৰিক জালত ভৰি নিদিবলৈ অনুৰোধ ৰাখে জীপালে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

September 18, 2025 9:45 pm
দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

September 18, 2025 8:31 pm
কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

September 18, 2025 8:29 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

September 18, 2025 9:45 pm
দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd