ধৰ্মীয় অসহিষ্ণুতা! মধ্য প্ৰদেশৰ নৰ্মদাপুৰমত মছজিদ লণ্ড-ভণ্ড কৰি গেৰুৱা ৰং সানি দিলে দুৰ্বৃত্তই

দেশত পুনৰ বৃদ্ধি পাবলৈ ধৰিছে ধৰ্মীয় অসহিষ্ণুতাৰ ঘটনা ।

শেহতীয়াকৈ মধ্য প্ৰদেশৰ নৰ্মদাপুৰমৰ সমীপৰ এটা প্ৰায় পাঁচশ বছৰ পুৰণি মছজিদত দুৰ্বৃত্তই তাণ্ডৱ চলোৱাৰ লগতে মছজিদটোৰ দেৱাল আৰু চূড়াত গেৰুৱা ৰং সানি দিয়াৰ ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে ঘটনাটো আজি পুৱা প্ৰায় ৬ বজাত পোহৰলৈ আহে।

কেইজনমান স্থানীয় যুৱকে আজি পুৱা মছজিদটোত গেৰুৱা ৰং সানি থোৱা প্ৰত্যক্ষ কৰাৰ লগতে দুৱাৰ খন ভাঙি থকা অৱস্থাত দেখিবলৈ পায়।

মছজিদটো নৰ্মদাপুৰমৰ পৰা প্ৰায় ৪০ কিলোমিটাৰ দূৰৈৰ এক অঞ্চলত অৱস্থিত ।

মছজিদটোৰ তত্ত্বাৱধায়ক আব্দুল ছাত্তাৰে কয় যে কেৱল মিনাৰটোতেই নহয়, সমাধি আৰু প্ৰৱেশদ্বাৰতো দুৰ্বৃত্তই গেৰুৱা ৰঙৰ প্ৰলেপ সানি দিছে।

ঘটনাটো পোহৰলৈ অহাৰ পিছতে আৰক্ষী আৰু জিলা প্ৰশাসনৰ লোক ঘটনাস্থলীত উপস্থিত হৈ দুৰ্বৃত্তৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিছে।

শতিকা প্ৰাচীন মছজিদটো লণ্ড-ভণ্ড কৰা আৰু গেৰুৱা ৰং সানি দিয়াৰ বিৰুদ্ধে স্থানীয় একাংশ লোকে ২২ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ সাৱস্ত্য কৰে।

পিছত আৰক্ষী-প্ৰশাসনৰ লোকৰ বুজনিত প্ৰতিবাদী লোকসকলে পথ অৱৰোধৰ কাৰ্যসূচী প্ৰত্যাহাৰ কৰে।

আৰক্ষীয়ে ঘটনা সন্দৰ্ভত ভাৰতীয় দণ্ডবিধিৰ ধাৰা ২৯৫ (এ)ৰ অধীনত এটা গোচৰ পঞ্জীয়ন কৰি দুৰ্বৃত্তক কৰায়ত্ত্ব কৰিবলৈ অভিযান আৰম্ভ কৰিছে।

সাম্প্ৰদায়িক উত্তেজনা বিয়পি পৰাৰ আশংকা কৰি অঞ্চলটোত আৰক্ষী আৰু অৰ্ধ-সামৰিক বাহিনীৰ বহু সংখ্যক জোৱান মোতায়েন কৰা হৈছে।

প্ৰশাসনে মছজিদটো নতুনকৈ ৰং কৰাই দিয়াৰো ব্যৱস্থা গ্ৰহণ কৰিছে।

এই ঘটনাৰ আঁৰত দৰাচলতে কোন জড়িত আছে সেয়া এতিয়াও স্পষ্ট হোৱা নাই।