অপ্ৰতিৰোধ্য ‘শুভ’ গতিৰে গিলৰ আন এক চমক! কোহলী, ধাৱানক অতিক্ৰমি গঢ়িলে নতুন ৰেকৰ্ড

Shubman Gill

আন্ত:ৰাষ্ট্ৰীয় ক্ৰিকেটত নিজৰ দুৰন্ত প্ৰদৰ্শন অব্যাহত ৰাখিছে উদীয়মান ক্ৰিকেটাৰ শুভমন গিলে। ২০১৮ চনৰ ১৯ অনুৰ্ধ বিশ্বকাপতে এক সম্ভাৱনাপূৰ্ণ ভৱিষ্যতৰ উমান দিয়া গিলে ক্ৰমাৎ এই সম্ভাৱনাক পতীয়মান কৰি তুলিছে। লাভ কৰা সুযোগৰ সদব্যৱহাৰ কৰি প্ৰতিভাৱান তাৰকাগৰাকীয়ে শেহতীয়াকৈ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি চমক সৃষ্টি কৰিছে।

শ্ৰীলংকাৰ বিৰুদ্ধে সদ্যসমাপ্ত এদিনীয়া শৃংখলাত সুন্দৰ প্ৰদৰ্শন দাঙি ধৰাৰ পিছত আজি নিউজিলেণ্ডৰ বিৰুদ্ধে চলি থকা প্ৰথমখন এদিনীয়াতো গিলে এক চমকপ্ৰদ শতকীয় ইনিংছ উপহাৰ দিছে। নিজৰ ১৯ সংখ্যক এদিনীয়াত তৃতীয়টো শতক সংগ্ৰহেৰে এইপৰ্যন্ত ক্ৰীজত আছে গিলে।

এই শতকীয় ইনিংছটোৰে গিলে আজি নিজৰ নামত সন্নিৱিষ্ট কৰিছে এক ঈৰ্ষণীয় অভিলেখ। এই ইনিংছটোৰ সহায়ত গিলে এদিনীয়া ক্ৰিকেটত সম্পূৰ্ণ কৰিছে ১০০০ ৰান। কেৰিয়াৰৰ মাত্ৰ ১৯ সংখ্যক এদিনীয়াত ১০০০ ৰান সম্পূৰ্ণ কৰি গিলে এই সীমা অতিক্ৰম কৰা দ্ৰুততম ভাৰতীয় খেলুৱৈত পৰিণত হয়।

এই ক্ষেত্ৰত গিলে অতিক্ৰম কৰে তাৰকা ক্ৰিকেটাৰদ্বয় বিৰাট কোহলী আৰু শিখৰ ধাৱানক। যুটীয়াভাৱে এই অভিলেখ নিজৰ নামত ৰখা দুয়োগৰাকী তাৰকাই ২৪ ইনিংছত ১০০০ ৰান সংগ্ৰহ কৰিছিল। গিলে দুয়োগৰাকী তাৰকা বেটাৰতকৈ পাঁচখন কম মেচতে এহাজাৰ ৰানৰ সীমা অতিক্ৰম কৰি নতুন ভাৰতীয় অভিলেখ গঢ়ি তোলে।

অৱশ্যে আন্ত:ৰাষ্ট্ৰীয় ৰেকৰ্ডৰ হিচাপত এই ক্ষেত্ৰত গিলৰ স্থান দ্বিতীয়। পাকিস্তানৰ ইমাম-উল-হকৰ সৈতে গিল এতিয়া যৌথভাৱে দ্বিতীয় স্থানত আছে। ১৯ ইনিংছত ১০০০ ৰান সম্পূৰ্ণ কৰি গিলে ভিভ ৰিচাৰ্ডছ, বাবাৰ আজম, কেভিন পিটছাৰচেন, জনাথন ট্ৰট, কুইণ্টন ডি কক আৰু ৰাছি ভান ডেৰ ডাচেনৰ দৰে খেলুৱৈক অতিক্ৰম কৰে।

এই আটাইকেইগৰাকী তাৰকাই ২১ টা এদিনীয়া ইনিংছত ১০০০ ৰান সংগ্ৰহ কৰিছিল। পাকিস্তানৰ ফখৰ জামানে ১৮ টা এদিনীয়া ইনিংছত ১০০০ ৰান সংগ্ৰহ কৰি এই তালিকাত প্ৰথম স্থানত আছে।

সম্প্ৰতি চলি থকা মেচখনত নিজৰ প্ৰথমটো দ্বিশতকৰ ওচৰ চপা গিলে ১৪২ টা বলত ১৯ টা চাৰি আৰু ৫ টা ছয়েৰে ১৮২ ৰানত বেটিং কৰি আছে। দুই অভাৰ বাকী থকা অৱস্থাত ভাৰতে সংগ্ৰহ কৰিছে ৭ উইকেটত ৩১৮ ৰান।