চলিত আইপিএলত বিৰাট কোহলীৰ অভিলেখ ভংগ শুভমন গীলৰ

বুধবাৰে ৰাজস্থানৰ বিৰুদ্ধে গুজৰাটৰ জয়ত শুভমন গীলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। গীলৰ অ’পেনিং ন’কে ৪৪টা বলত ৭২ ৰান সংগ্ৰহ কৰি গুজৰাটক জয়লাভ কৰাত সহায় কৰে। সেই ইনিংছৰ সহায়ত শুভমনে কেইবাটাও অভিলেখ ভংগ কৰিবলৈ সক্ষম হয়। ইয়াৰ ভিতৰত গুজৰাটৰ অধিনায়কগৰাকীয়ে কোহলীৰ অভিলেখ ভংগ কৰি আই পি এলত ইতিহাস সৃষ্টি কৰে।

লগতে পঢ়ক: NCERTৰ পাঠ্যক্ৰমত ব্যাপক সালসলনি; পাঠ্যক্ৰমৰ পৰা আঁতৰোৱা হ’ল অনুচ্ছেদ ৩৭০

আই পি এলত ৩০০০ ৰান সংগ্ৰহ কৰা আটাইতকৈ কম বয়সীয়া খেলুৱৈ হিচাপে কোহলীৰ অভিলেখ ভংগ কৰিলে শুভমনে। ২৪ বছৰ ২১৫ দিন বয়সত তেওঁ এই অভিলেখ গঢ়ি তোলে।ইয়াৰ পূৰ্বে ২৬ বছৰ ১৮৬ দিন বয়সত কোহলীয়ে এই ৰেকৰ্ড গঢ়ি তুলিছিল।

কেৱল সেয়াই নহয়, ন্যূনতম ইনিংছত ৩০০০ ৰান সংগ্ৰহৰ ক্ষেত্ৰতো শুভমনে তিনি নম্বৰ স্থান দখল কৰিছে। ভাৰতীয়ৰ ভিতৰত তেওঁ দ্বিতীয় স্থানত আছে। আই পি এলৰ আটাইতকৈ কম ইনিংছত প্ৰথমে ৩০০০ ৰান সংগ্ৰহ কৰিছে ক্ৰীছ গেইলে। আই পি এলৰ একাধিক দলত খেলা ৱেষ্ট ইণ্ডিজৰ বেটছমেনগৰাকীয়ে মাত্ৰ ৭৫ ইনিংছতে এই নজিৰ গঢ়ি তুলিছিল। ইয়াৰ পাছতে আছে কে এল ৰাহুল (৮০)। শুভমনে জছ বাটলাৰ, ফাফ ডু প্লেছিছৰ সৈতে যৌথভাৱে তৃতীয় স্থানত আছে। প্ৰত্যেকেই ৯৪টা ইনিংছত এই ৰাণ সংগ্ৰহ কৰিছে।

লগতে পঢ়ক: ক’লৈ যাব? চলিত আই পি এল শেষ হোৱাৰ পিছতে মুম্বাই ইণ্ডিয়ানছ এৰিব ৰোহিত শৰ্মাই!

মুঠতে টি-২০ ফৰ্মেটত শুভমনে ৪০০০ৰো অধিক ৰাণ সংগ্ৰহ কৰে। আই পি এলত ৩০০০ ৰাণৰ ভিতৰত গুজৰাটৰ হৈ ১৫০০ ৰাণ সংগ্ৰহ কৰে। ইয়াৰ পূৰ্বে তেওঁ দুটা ছিজন খেলিছে। এইটো তৃতীয় ছিজন। এইবাৰ তেওঁ অধিনায়কৰ ভূমিকাত অৱতীৰ্ণ হোৱা পৰিলক্ষিত হৈছে।