ভাৰত বন্ধত নগাঁৱত উত্তপ্ত পৰিস্থিতি; প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনসহ শতাধিক কংগ্ৰেছীক আটক

আৰক্ষী গ' বেক ধ্বনিৰে উত্তাল নগাঁও সদৰ আৰক্ষী থানাৰ চৌহদ

পেট্ৰ’ল, ডিজেল, ৰন্ধন গেছ আদি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি আৰু ৰাফেল যুদ্ধ বিমান ক্ৰয় কেলেংকাৰিৰ প্ৰতিবাদত নিখিল ভাৰত কংগ্ৰেছ কমিটিয়ে আজি আহ্বান জনোৱা ভাৰত বন্ধৰ সময়ছোৱাত নগাঁৱত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।

উল্লেখযোগ্য যে নিখিল ভাৰত কংগ্ৰেছে আহ্বান জনোৱা ভাৰত বন্ধৰ সমৰ্থনত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ কংগ্ৰেছী কৰ্মী সকলে ৰাজপথলৈ ওলাই অহাৰ সমান্তৰাল ভাৱে নগাঁৱতো বন্ধ সমৰ্থনকাৰীৰ লগত ৰাজপথলৈ ওলাই আহে প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন।

আনহাতে প্ৰতিবাদস্থলীত আৰক্ষী উপস্থিত হোৱাৰ লগে লগে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। আৰক্ষীয়ে প্ৰতিবাদ স্থলীৰ পৰা প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনকে ধৰি শতাধিক কংগ্ৰেছী কৰ্মীক আটক কৰে।

ইফালে আৰক্ষীয়ে ৰকিবুল হুছেইন, প্ৰাক্তন বিধায়ক ডাঃ দুৰ্লভ চমুৱাকে ধৰি কংগ্ৰেছী কৰ্মী সকলক আটক কৰে। ফলত একাংশ যুৱ কংগ্ৰেছী  আৰক্ষীৰে হতাহতিত লিপ্ত হয়।

লগতে বন্ধ সমৰ্থনকাৰী সকলে নগাঁও সদৰ আৰক্ষী থানাতো আৰক্ষী গ’ বেক ধ্বনিৰে থানাৰ চৌহদ উত্তাল কৰি তোলে।

একেদৰে মৰাণতে ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰা অৱস্থাত প্ৰাক্তন বিধায়িকা জীৱনতাৰা ঘাটোৱাৰকে ধৰি ১০ জনকৈ প্ৰতিবাদকাৰীক আৰক্ষীয়ে আটক কৰে।

মৰাণৰ ৰাজপথত প্ৰতিবাদকাৰী সকলে প্ৰতিবাদী শ্ল’গানেৰে মৰাণৰ ৰাজপথ উত্তাল কৰি তোলে। এই প্ৰতিবাদত প্ৰাক্তন মন্ত্ৰী পৱন সিং ঘাটোৱাৰ আৰু কংগ্ৰেছৰ সম্পাদক সূৰুজ দিহিঙীয়ায়ো অংশ গ্ৰহণ কৰে।