শ্বেতা আগৰৱালা হত্যা: শাস্তি ঘোষণাৰ দিন পিছলৈ

Shweta Agarwal murder: Judgment on quantum of punishment deferred to Saturday

শ্বেতা আগৰৱালা হত্যাৰ তিনি দোষী।

চাঞ্চল্যকৰ শ্বেতা আগৰৱালা হত্যা গোচৰত শাস্তি ঘোষণাৰ দিন শনিবাৰ (৩ আগষ্ট)লৈ পিছুৱাইছে কামৰূপ (মহানগৰ) জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে।

হত্যাৰ ঘটনাটোত দোষী সাব্যস্ত হোৱা শ্বেতাৰ বন্ধু গোবিন্দ সিংহাল আৰু তেওঁৰ মাক কমলা দেৱী আৰু বায়েক ভৱানী সিংহালৰ শাস্তি বৃহস্পতিবাৰে আদালতে ঘোষণা কৰাৰ কথা আছিল।

মঙলবাৰে আদালতখনে তিনিওগৰাকী অভিযুক্তক ভাৰতীয় দণ্ড বিধিৰ ৩০২ আৰু ২০১ ধাৰাত দোষী বুলি ৰায় দিছিল।

খবৰ মতে, “এৰাব নোৱাৰা কাৰণত” শাস্তি ঘোষণাৰ দিন আদালতে পিছুৱাই দিছে।

অভিযুক্তকেইজন দোষী সাব্যস্ত হোৱা ভাৰতীয় দণ্ড বিধিৰ ধাৰাত মৃত্যুদণ্ড আৰু যাৱজ্জীৱন কাৰাৱাস-পৰ্য্যন্ত শাস্তিৰ বিধান আছে।

২০১৭ চনৰ ৪ ডিচেম্বৰত শ্বেতা আগৰৱালা নামৰ ছাত্ৰীগৰাকীক বন্ধু গোবিন্দ সিংহালে সিংহালৰ ভৰলুমুখৰ বাসগৃহত হত্যা কৰিছিল।

গোবিন্দৰ ঘৰৰ বাথৰুমত শ্বেতাৰ মৃতদেহ উদ্ধাৰ হৈছিল।

শ্বেতা আগৰৱালা হত্যাকাণ্ডৰ অভিযোগনামাত আৰক্ষীয়ে মূল অভিযুক্ত গোবিন্দৰ লগতে তেওঁক এই হত্যাকাণ্ডত সহায় কৰা মাক আৰু বায়েকৰ নামো সন্নিৱিষ্ট কৰিছিল।

মহানগৰীৰ ভৰলুমুখ থানাৰ আৰক্ষীয়ে মহানগৰৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত এই অভিযোগনামা দাখিল কৰিছিল।

অভিযোগ নামাত গোবিন্দ (২১), তেওঁৰ মাক কমলা দেৱী (৪৮) আৰু বায়েক ভৱানী সিংহাল (২৩)ৰ নাম সন্নিৱিষ্ট থকা বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছিল।

কলেজৰ পৰীক্ষাৰ পৰা বাহিৰে বাহিৰে বন্ধু গোবিন্দৰ ঘৰলৈ গৈছিল শ্বেতা আগৰৱালা।

মেধাৱী ছাত্ৰীগৰাকীয়ে ২০১৫ বৰ্ষৰ উচ্চতৰ মাধ্যমিকৰ বাণিজ্য শাখাত গুৱাহাটী কমাৰ্চ কলেজৰ পৰা পৰীক্ষা দি অসমৰ ভিতৰত প্ৰথম স্থান অধিকাৰ কৰিছিল।

আৰক্ষীৰ জেৰাৰ সময়ত গোবিন্দই শ্বেতাক হত্যা কৰা বুলি স্বীকাৰ কৰিছিল। ঘটনাটোত গোবিন্দৰ মাক আৰু বায়েকো জড়িত থকাটো আৰক্ষীয়ে নিশ্চিত কৰিছিল।