শ্বেতা আগৰৱালা হত্যা: “বন্ধু” গোবিন্দ সিংহাল-মাক-বায়েক দোষী সাব্যস্ত

Shweta Agarwala murder: Court convicts 'friend' Govind along with his mother and sister

শ্বেতা আৰু গোবিন্দ। ফাইল ছবি।

গুৱাহাটীৰ চাঞ্চল্যকৰ শ্বেতা আগৰৱালা হত্যাত মঙলবাৰে দোষী সাব্যস্ত হৈছে “বন্ধু” গোবিন্দ সিংহাল, আৰু তেওঁৰ মাক আৰু বায়েক।

কামৰূপ (মহানগৰ) জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে ভাৰতীয় দণ্ড বিধিৰ ৩০২নং ধাৰাত তেওঁলোকক দোষী সাব্যস্ত কৰিছে।

বুধবাৰে আদালতে তেওঁলোকৰ শাস্তি আৰু ম্যাদ ঘোষণা কৰিব।

ভাৰতীয় দণ্ড বিধিৰ ৩০২নং ধাৰাত মৃত্যুদণ্ড আৰু যাৱজ্জীৱন কাৰাৱাস-পৰ্য্যন্ত শাস্তিৰ বিধান আছে।

২০১৭ চনৰ ৪ ডিচেম্বৰত শ্বেতা আগৰৱালা নামৰ ছাত্ৰীগৰাকীক বন্ধু গোবিন্দ সিংহালে সিংহালৰ ভৰলুমুখৰ বাসগৃহত হত্যা কৰিছিল।

গোবিন্দৰ ঘৰৰ বাথৰুমত শ্বেতাৰ মৃতদেহ উদ্ধাৰ হৈছিল।

শ্বেতা আগৰৱালা হত্যাকাণ্ডৰ অভিযোগনামাত আৰক্ষীয়ে মূল অভিযুক্ত গোবিন্দৰ লগতে তেওঁক এই হত্যাকাণ্ডত সহায় কৰা মাক আৰু বায়েকৰ নামো সন্নিৱিষ্ট কৰিছিল।

মহানগৰীৰ ভৰলুমুখ থানাৰ আৰক্ষীয়ে মহানগৰৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত এই অভিযোগনামা দাখিল কৰিছিল।

অভিযোগ নামাত গোবিন্দ (২১), তেওঁৰ মাক কমলা দেৱী (৪৮) আৰু বায়েক ভৱানী সিংহাল (২৩)ৰ নাম সন্নিৱিষ্ট থকা বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছিল।

কলেজৰ পৰীক্ষাৰ পৰা বাহিৰে বাহিৰে বন্ধু গোবিন্দৰ ঘৰলৈ গৈছিল শ্বেতা আগৰৱালা।

মেধাৱী ছাত্ৰীগৰাকীয়ে ২০১৫ বৰ্ষৰ উচ্চতৰ মাধ্যমিকৰ বাণিজ্য শাখাত গুৱাহাটী কমাৰ্চ কলেজৰ পৰা পৰীক্ষা দি অসমৰ ভিতৰত প্ৰথম স্থান অধিকাৰ কৰিছিল।

আৰক্ষীৰ জেৰাৰ সময়ত গোবিন্দই শ্বেতাক হত্যা কৰা বুলি স্বীকাৰ কৰিছিল। ঘটনাটোত গোবিন্দৰ মাক আৰু বায়েকো জড়িত থকাটো আৰক্ষীয়ে নিশ্চিত কৰিছিল।