দিবন ডেকা ডাঙৰ মাছ নহয়, গুৱাহাটীতে নিশ্চিন্তে ঘুৰি আছে SI কেলেংকাৰীৰ ৰৌ-বৰালী : আৰ.পি. শৰ্মাৰ বিস্ফোৰণ

SI নিযুক্তি কেলেংকাৰীৰ মাষ্টাৰ মাইণ্ডৰ নাম ঘোষণা কৰিলে আৰ.পি.য়ে

R P Sarmah

ৰাজ্যত এতিয়া SI পৰীক্ষা প্ৰশ্নকাকত ফাদিলৰ ঘটনাক লৈ তীব্ৰ চাঞ্চল্য সৃষ্টি হৈ থকাৰ মাজতে এই কেলেংকাৰীক লৈ বিস্ফোৰক মন্তব্য কৰিছে প্ৰাক্তন বিজেপি সাংসদ তথা ন-কংগ্ৰেছী আৰ.পি শৰ্মাই।

আজি উলুবাৰীস্থিত নিজ বাসগৃহত এক সংবাদমেল সম্বোধন কৰি শৰ্মাই কয় ‘SI কেলেংকাৰীৰ ৰৌ-বৰালী গুৱাহাটীতে আছে। তেওঁলোক নিশ্চিন্তে ঘূৰি আছে।দুই এজন কলিকতালৈ পলাব পাৰে।‘

যদি আৰক্ষীৰ সদ্দিচ্ছা আছে আৰু সৰ্বানন্দ সোণোৱালৰ সঠিক তদন্ত কৰাৰ ইচ্ছা আছে তেন্তে দুই-চাৰিজন লোকক জেৰা কৰক বুলি দাবী জনায় আৰ.পি.য়ে।

ইপিনে, SI কেলেংকাৰীৰ মূল মাষ্টাৰ মাইণ্ডৰ নাম ঘোষণা কৰে আৰ.পি. শৰ্মাই।

তেওঁৰ মতে ‘SI কেলেংকাৰীৰ মূল মাষ্টাৰমাইণ্ড হ’ল প্ৰাঞ্জল বৰুৱা। দ্বিতীয়তে কলিকতাৰ কৌশিক চৰকাৰ গুৱাহাটী ছয়মাইলত থাকে। তৃতীয়তে গুৱাহাটীৰ উলুবাৰীৰ গৌতম মেছ। চতুৰ্থতে নগাওঁৰ হিৰণ্য কুমাৰ গায়ন।

 

ইয়াৰে হিৰণ্য কুমাৰ গায়নে হোজাইত আৰ.এছ, এছৰ শাখা কৰি থকা ফটো আছে। আৰ.এছ.এছত থাকি ইয়াৰ শক্তি অপব্যৱহাৰ কৰি এইবোৰ দুৰ্নীতি কৰিছে।‘

আনহাতে, বিজেপি নেতা দিবন ডেকা ৰৌ বৰালী নহয় বুলি দাবী কৰি আৰ.পি. শৰ্মাই কয় ‘তেওঁ ঠিকাদাৰ বা দালালি কৰিছিল। তেওঁ প্ৰাঞ্জল বৰুৱা আৰু এই তিনিজনৰ হৈ দালালি কৰিছিল। বিজেপি কৰাসকলে আৰ.এছ.এছৰ শাখা কৰিবই লাগে গতিকে দিবন ডেকাইয়ো কৰিছিল।‘

ইপিনে, প্ৰাঞ্জল বৰুৱাই অক্ষয় টেলি কমিউনিকেশ্যন আৰু এমট্ৰেক নামৰে দুটা ব্যক্তিগত প্ৰতিষ্ঠান চলাই আছে বুলি উল্লেখ কৰি শৰ্মাই কয় ‘দুয়োটা কোম্পানীয়ে ২০১৫ চনৰ পৰা অসম চৰকাৰৰ বিভিন্ন বিভাগৰ নিযুক্তিৰ কাম কৰি আছে। প্ৰাঞ্জল বৰুৱাক ধৰিলে সকলো কথা ওলাই পৰিব।‘

ইয়াৰ বেকগ্ৰাউণ্ডত অঞ্জলী কুমাৰী নামৰ এগৰাকী মহিলা আছে বুলি দাবী কৰি আৰ.পি.য়ে কয় ‘দিল্লীৰ দিল্লী পাব্লিক স্কুলৰ ইংৰাজী বিভাগৰ শিক্ষয়িত্ৰী আছিল। তাৰ পাছত ডেপুটেশ্যনত গুৱাহাটীৰ দিল্লী পাব্লিক স্কুললৈ আহিল। তাৰ পাছত আকৌ ভঙাগড়ৰ হিন্দুস্থানী কেন্দ্ৰীয় বিদ্যালয়লৈ বদলি হ’ল। তাৰ পাছত আকৌ ৰয়েল গ্ল’বেললৈ গ’ল। এইগৰাকী মহিলা আছিল প্ৰশ্নকাকত চপোৱাৰ দায়িত্বত।‘

তাৎপয্যপূৰ্ণভাৱে, এওঁলোকক জালত পেলাবলৈ অসম চৰকাৰৰ সাহস নাই বুলি উল্লেখ কৰি শৰ্মাই কয় ‘এওঁলোকৰ হাত দিল্লীলৈকে আছে। সৰ্বানন্দ সোণোৱালেও সাহস নকৰিব।‘

এই কাণ্ডৰ চিবিআই তদন্ত হ’ব লাগে বুলি দাবী জনাই শৰ্মাই কয় ‘যদি সুশান্ত সিঙৰ ১৫ কোটিৰ গোচৰত ই.ডি আহিব পাৰে ইমান এক বৃহৎ কেলেংকাৰীত অসমত কিয় আহিব নোৱাৰে? সৰ্বানন্দ সোণোৱাল আৰু ভাস্কৰজ্যোতি মহন্তলৈ অনুৰোধ অসমতো চিবিআই বা ই.ডিৰ তদন্ত দিব লাগে।‘