শিৱসাগৰ জিলা উপায়ুক্তৰ দ্বাৰা মুখ্য মন্ত্ৰীৰ বিজ্ঞান দৰ্শন কাৰ্যসূচীৰ শুভাৰম্ভ

IMG-20190110-WA0003

আজি শিৱসাগৰ জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাই গাঁওবুঢ়া আৰু স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ বাবে মুখ্যমন্ত্ৰীৰ বিজ্ঞান দৰ্শন কাৰ্যসূচী, ২০১৮ শুভাৰম্ভ কৰে। যোৰহাট বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহ তথা অসম চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ উদ্যোগত তিনিদিনীয়া কাৰ্যসূচীৰে  আয়োজিত এই কাৰ্যসূচী শিৱসাগৰৰ আৱৰ্ত ভৱনৰ সন্মুখৰ পৰা ফ্লেগ-অফ কৰে জিলা উপায়ুক্ত গৰাকীয়ে।

কাৰ্যসূচীৰ শুভাৰম্ভ কৰি জিলা উপায়ুক্ত গৰাকীয়ে গাঁওবুঢ়া আৰু ছাত্ৰ-ছাত্ৰীসকলক শুভেচ্ছা জনোৱাৰ লগতে এই কাৰ্যসূচীত অংশ লোৱা গাঁওবুঢ়া আৰু ছাত্ৰ-ছাত্ৰীসকল বৌদ্ধিকভাৱে উপকৃত হ’ব বুলি মন্তব্য কৰে।

মুখ্যমন্ত্ৰীৰ বিজ্ঞান দৰ্শন কাৰ্যসূচীৰ অধীনত শিৱসাগৰ জিলাৰ ১৫ খন বিদ্যালয়ৰ ৪৫ গৰাকী ছাত্ৰ ছাত্ৰী আৰু জিলাখনৰ ৪৫ গৰাকী গাঁওবুঢ়াই অংশ গ্ৰহণ কৰিব। এই কাৰ্যসূচীত  ১৫ খন বিদ্যালয়ৰ  সপ্তম শ্ৰেণীৰ পৰা নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীয়ে অংশ গ্ৰহণ কৰিছে আৰু প্ৰতি খন বিদ্যালয়ৰ ৩ গৰাকীকৈ ছাত্ৰ-ছাত্ৰীক বাচনি কৰা হৈছে।

তিনিখন বাছেৰে যোৰহাটস্থিত অসম কৃষি বিশ্ববিদ্যালয়, টোকলাই চাহ গৱেষণা প্ৰতিষ্ঠান, উত্তৰ-পূব বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান আৰু যোৰহাট বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহ দৰ্শন কৰোৱা হ’ব। অহা ১২ জানুৱাৰিত এই যাত্ৰা অন্ত পৰিব। মুখ্য মন্ত্ৰীৰ বিজ্ঞান দৰ্শন কাৰ্যসূচীৰ নডেল বিষয়া হিচাপে সহকাৰী আয়ুক্ত গৌৰী প্ৰিয়া দেউৰীয়ে আঁত ধৰে।