শিৱসাগৰৰ পঞ্চায়ত নিৰ্বাচনী কোষৰ কাম-কাজৰ অগ্ৰগতিৰ বুজ ল’লে জিলা উপায়ুক্তই

IMG-20181120-WA0001

অহা ৫ ডিচেম্বৰত শিৱসাগৰত অনুষ্ঠিত হ’বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ কাম-কাজসমুহ সুচাৰুৰূপে আৰু ত্ৰুটিহীনভাৱে সম্পন্ন কৰাৰ বাবে গঠিত বিভিন্ন নিৰ্বাচনী কোষসমুহে নিজ নিজ দায়িত্ব নিয়াৰিকৈ পালন কৰিছে নে নাই আৰু এই কোষসমুহৰ কাম-কাজৰ অগ্ৰগতিৰ সম্পৰ্কে বুজ ল’বলৈ শিৱসাগৰ জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাই সোমবাৰে তেওঁৰ কাৰ্য্যালয়ত এখন বৈঠক অনুষ্ঠিত কৰে।

আৰক্ষী অধীক্ষক সুবোধ সোণোৱালৰ উপস্থিতিত আয়োজিত এই বৈঠকত উপায়ুক্তই পঞ্চায়ত নিৰ্বাচন সম্পৰ্কীয় কামকাজৰ বিভিন্ন দিশৰ ওপৰত আলোচনা কৰে। নিৰ্বাচনী কোষসমুহৰ দায়িত্বত থকা বিষয়াসকলেও কাম-কাজৰ অগ্ৰগতিৰ সম্পৰ্কে উপায়ুক্ত গৰাকীক অৱগত কৰে। উপায়ুক্তগৰাকীয়ে উপস্থিত সকলোকে নিষ্ঠাৰে আৰু কোষ সমুহৰ মাজত সমন্বয় স্থাপন কৰি কামকাজ আগবঢ়াই নিবলৈ আহ্বান জনায়। উপায়ুক্তই জিলা প্ৰশাসন আৰু আৰক্ষী বিভাগে ঐক্যবদ্ধ ভাবে কাম কৰাত গুৰুত্ব প্ৰদান কৰে। আৰক্ষী অধীক্ষকগৰাকীয়ে এই সম্পৰ্কত বিভাগৰ তৰফৰ পৰা পূৰ্ণ সহযোগিতা আগবঢ়াব বুলি জনায়।

সভাত জিলা পৰিষদৰ মূখ্য কাৰ্য্যবাহী বিষয়া শেৱালী বৰদলৈ, অতিৰিক্ত আৰক্ষী অধীক্ষক নবান সিং, জিলা প্ৰশাসনৰ বিষয়ববীয়া সকল, খণ্ড উন্নয়ন বিষয়া সকলৰ লগতে বিভিন্ন কোষৰ দায়িত্বত থকা বিষয়ববীয়া সকল উপস্থিত থাকে।

আনহাতে নিৰ্বাচনী বিধি উলংঘা কৰাৰ ক্ষেত্ৰত অভিযোগ দাখিল কৰিবৰ বাবে জিলা নিৰ্বাচনী বিভাগে ৰাইজৰ সুবিধাৰ্থে দুটাকৈ নিয়ণন্ত্ৰণ কক্ষ স্থাপন কৰাৰ লগতে ০৩৭৭২-২২৩৩৯৭ আৰু ৮৪৭১৮- ৬৪৩৫৫  নম্বৰত টেলিফোন যোগে অভিযোগ দাখিল কৰিবলৈ অনুৰোধ জনাইছে।