NORTHEAST NOW (Assamese)

শিৱসাগৰ জিলা উপায়ুক্তৰ অভব্য আচৰণৰ প্ৰতিবাদত সাংবাদিকৰ ধৰ্মঘট

August 28, 2018 4:06 pm · পাৰ্শ্বজ্যোতি গগৈ

আজি দিনৰ ১১ বজাত শিৱসাগৰ জিলা  প্ৰশাসনৰ এক  অনুষ্ঠানলৈ সাংবাদিকক  নিমন্ত্ৰণ কৰি জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাই অপদস্থ কৰিলে জ্যেষ্ঠ সাংবাদিক অনন্ত স্মিথক৷ যাৰ বাবে শিৱসাগৰৰ সাংবাদিক বহিল প্ৰতিবাদত৷ সাংবাদিক সকলে জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘট  পালন কৰাৰ লগতে এক প্ৰতিবাদী সভাৰো আয়োজন কৰে৷ সভাত শিৱসাগৰৰ সাংবাদিকসকলে গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি আজিৰে পৰা   জিলা প্ৰশাসনৰ বা-বাতৰি বৰ্জন কৰাৰ লগতে ২৯ আগষ্টৰ পৰা এসপ্তাহ ক’লা বেজ পৰিধান কৰি জিলা উপায়ুক্তৰ অভব্য আচৰণৰ বিৰোধিতা কৰিব সাংবাদিকে৷

এই প্ৰতিবাদী সভাখনত ৰাজ্যৰ মুখ্যমন্ত্ৰী, মুখ্য সচিব,  উজনি অসম আয়ুক্তৰ লগতে ৰাজ্যৰ জনসংযোগ বিভাগৰ সঞ্চালকক উপায়ুক্ত গৰাকীৰ দুষ্কাৰ্যৰ বিষয়ে  লিখিত অভিযোগ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। শিৱসাগৰৰ জেষ্ঠ সাংবাদিক অতনু বড়া , ভৈৰৱ মুণ্ডা , খলিলুৰ ৰহমান হাজৰিকা, ৰাতু কুমাৰ দাস,  ভাস্কৰ জ্যোতি দাস, মোজাহিদ আলী, জামালজদ্দিন আহমেদ, মুস্তাকুৰ ৰহমান, পৱন আগৰৱালা আদিকে ধৰি সকলো ছপা আৰু বৈদ্যুতিন মাধ্যমৰ সাংবাদিকসকল প্ৰতিবাদ সভাখনত উপস্থিত থাকে।

Related News