শিৱসাগৰৰ ঐতিহাসিক স্থান সংৰক্ষণৰ ক্ষেত্ৰত জিলা প্ৰশাসনৰ বিশেষ গুৰুত্ব প্ৰদান

ঐতিহাসিক শিৱসাগৰ জিলাৰ পুৰাতাত্ত্বিক স্থান আৰু মূল্যৱান কীৰ্তিচিহ্ন সমূহ সংৰক্ষণৰ বাবে ৰাজ্যৰ পুৰাতত্ব সঞ্চালকালয়ৰ তৰফৰ পৰা গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ বিষয়ে বিষদভাৱে আলোচনা কৰাৰ উদ্দেশ্যে অলপতে উপায়ুক্ত গোপাল ঝাই পুৰাতত্ত্ব সঞ্চালিকা দীপৰেখা কোলীৰ সৈতে এখন সভাত মিলিত হয়।

উপায়ুক্ত কাৰ্যালয়ৰ চ্যুকাফা সভাকক্ষত আয়োজিত এই সভাত ভালেসংখ্যক সচেতন নাগৰিক, স্থানীয় মহাবিদ্যালয় সমূহৰ প্ৰবক্তা, জ্যেষ্ঠ প্ৰশাসনিক বিষয়া আৰু চক্ৰ বিষয়াসকল উপস্থিত থাকে।

সভাত পুৰাতত্ব সঞ্চালকালয়ৰ তৰফৰ পৰা ২০১৩-১৪ চনৰ পৰা ২০১৭-১৮ চনলৈ জিলাখনৰ পুৰাতাত্ত্বিক স্থানসমূহ আৰু ঐতিহাসিক কীৰ্তিচিহ্ন সমূহ সংৰক্ষণ কৰাৰ বাবে লোৱা পদক্ষেপৰ বিষয়ে এক বিস্তৃত খতিয়ান দাঙি ধৰা হয়।

উপায়ুক্ত গৰাকীয়ে জিলাখনৰ ঐতিহাসিক স্থান আৰু কীৰ্তিচিহ্ন সমূহৰ নিয়মীয়াভাৱে তত্বাৱধান আৰু সংৰক্ষণৰ দিশত অধিক গুৰুত্ব আৰোপ কৰে। এই সন্দৰ্ভত তেওঁ ৰাইজৰ মাজত সচেতনতা বৃদ্ধিৰ প্ৰয়োজনৰ বিষয়ে বিশেষভাৱে উল্লেখ কৰে।