শৰীৰ চৰ্চা প্ৰতিযোগিতা : পৰিতোষ ৰয়লৈ মিঃ শিৱসাগৰ, বৰ্ষা সাহায়লৈ মিছ শিৱসাগৰৰ সন্মান

নাবা ডব্লিউ এফ এফ শিৱসাগৰে আয়োজন কৰা ষষ্ঠ মিঃ এণ্ড মিছ  শিৱসাগৰ শৰীৰ চৰ্চা প্ৰতিযোগিতাখন শুকুৰবাৰে শিৱসাগৰ নাট্যমন্দিৰত অনুষ্ঠিত হয়।

প্ৰতিযোগাতাখনত পৰিতোষ ৰয়ে মিঃ শিৱসাগৰ  আৰু ইমপালছ জিমৰ বৰ্ষা সাহায়ে  মিছ শিৱসাগৰ সন্মান লাভ কৰে। পুৰুষ আৰু মহিলাৰ মুঠ ১৩ টা শাখাত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনত মেন বডী বিল্ডিঙৰ ক্লাছ ফৰ শাখাত পৰিতোষ ৰয় প্ৰথম, ৰিদিপ বৰা দ্বিতীয় আৰু নিতুৰাজ দাস তৃতীয়।

আনহাতে ক্লাছ থ্ৰীত ক্ৰমে  সৌৰভ গগৈ, বিপ্লৱ গগৈ আৰু সুৰেশ গগৈয়ে প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে। মাছটাৰ্ছ শাখাত জীৱন ফুকন প্ৰথম আৰু বিশেষ ভাবে সক্ষম শাখাত চন্দন কোঁৱৰে  প্ৰথম স্থান লাভ কৰে।

পুৰুষৰ মেন বাৰ্মুদা মডেল শাখাত ক্ৰমে অঞ্চ বৰুৱা প্ৰথম, পল্লৱ বাইলুং দ্বিতীয় আৰু দেৱশীষ বৰুৱায়ে তৃতীয় স্থান লাভ কৰে। পুৰুষৰ স্পৰ্টছ ফিটনেছ মডেল শাখাত  ৰিদিপ বৰা প্ৰথম, ধ্ৰুৱজ্যোতি চাৰিঙিয়া দ্বিতীয় আৰু কাহৰ হুছেইনে তৃতীয় স্থান লাভ কৰে।

ইফালে মহিলাৰ ছিনিয়ৰ ওমেন ফিটনেছ শাখাত বৰ্ষা সাহা প্ৰথম, বিকশিতা গগৈ দ্বিতীয়, ৰাজাশ্ৰী নাথে তৃতীয় স্থান লাভ কৰে। জুনিয়ৰ গার্লছ ফিটনেছ শাখাত আর্ৱিকা দত্ত প্ৰথম, বিষ্ণুপ্ৰিয়া দত্ত দ্বিতীয়, দিশা বৰাই তৃতীয় স্থান লাভ কৰে।  গার্লছ এক্ৰবেটিক শাখাত  দীপ্তি শোভা দেৱী প্ৰথম, আৰ্হি শ্ৰেষ্ঠা দত্তই দ্বিতীয় স্থান লাভ কৰে।

ওমেন স্পৰ্টছ মডেল শাখাত বৰ্ষা সাহা প্ৰথম, আর্ৱিকা দত্তই দ্বিতীয় স্থান লাভ কৰে। মম ফিটনেছ শাখাত মুনমী বৰা প্ৰথম, সুদিপ্ত ঝাৱাৰ দ্বিতীয় আৰু নিশিতা গগৈয়ে তৃতীয় স্থান লাভ কৰে।

কালিৰ প্ৰতিযোগিতাখনত মুখ্য বিচাৰক হিচাপে উপস্থিত থাকে শৰীৰ চৰ্চাৰ ৰাষ্ট্রীয় বিচাৰক তথা নাবা ডব্লিউ এফ এফ অসমৰ সাধাৰণ সম্পাদক জয়ন্ত বেজ আৰু বিচাৰক হিচাপে থাকে উৎপল  শৰ্মা,  ধ্ৰুৱজ্যোতি হাজৰিকা, ৰিদিপ বৰঠাকুৰ, দ্বীপজ্যোতি ভূঞা।

বিশিষ্ট অতিথি হিচাপে পাৰ্থ বৰগোঁহাই, ডি এছ পি প্ৰফুল্ল সোণোৱাল, খগেশ্বৰ দাস, মনোজ গগৈ, নিপানন্দা হাজৰিকা, শতাব্দী কলিতা, শৰৎ হাজৰিকা, অসীম দত্ত, অদিতি দত্তকে ধৰি বহু কেইজন গণ্য মান্য ব্যক্তি উপস্থিত থাকে।

উল্লেখযোগ্য যে উক্ত প্ৰতিযোগিতাত স্থানপ্ৰাপ্ত প্ৰতিযোগী সকলে অহা ২১  আৰু ২২ ছেপ্টেম্বৰত গুৱাহাটিত অনুষ্ঠিত হ’ব লগা নাবা ডব্লিউ এফ এফ মিঃ আৰু মিছ অসম প্ৰতিযোগীতাত শিৱসাগৰ জিলাৰ হৈ অংশগ্ৰহণ কৰিব বুলি নাবা তিনিচুকীয়াৰ সম্পাদক ডাঃ ঋষভ শইকীয়াই জানিবলৈ দিয়ে আৰু লগতে নিৰ্বাচিত খেলুৱৈ সকলক ৯৭০৭৬০৯৫৫৯ নম্বৰত যোগাযোগ কৰিব অনুৰোধ জনায়।