শিৱসাগৰত জিলা উন্নয়ন সমিতিৰ বৈঠকত বিভিন্ন বিভাগৰ আঁচনি তথা প্ৰকল্পৰ পৰ্যালোচনা

IMG-20190909-WA0019

ফটো : নৰ্থইষ্ট নাও

শিৱসাগৰ জিলাৰ উপায়ুক্ত ডাঃ এছ লক্ষ্মণনৰ উপস্থিতিত তথা জিলা উন্নয়ন আয়ুক্ত নৱাব আল আজহাৰ আলীৰ অধ্যক্ষতাত সোমবাৰে শিৱসাগৰ জিলাৰ উপায়ুক্ত কাৰ্য্যালয়ৰ চুকাফা সভাকক্ষত জিলা উন্নয়ন সমিতিৰ এখন বৈঠক অনুষ্ঠিত হয়।

বৈঠকত জিলাখনৰ বিভিন্ন চৰকাৰী বিভাগৰ অধীনত ৰূপায়ণ হৈ থকা আঁচনি আৰু প্ৰকল্প সমূহৰ কামৰ অগ্ৰগতি সম্পৰ্কে বিস্তৃতভাৱে আলোচনা কৰা হয়।

জিলা উপায়ুক্ত ডাঃ এছ লক্ষ্মণনে জিলাখনৰ অৰ্থনীতি আৰু পৰিসংখ্যা বিভাগৰ উদ্যোগত বিভিন্ন বিভাগৰ কাম-কাজ, আঁচনি আৰু প্ৰকল্প সমূহৰ সফলতা আৰু অগ্ৰগতিৰ খতিয়ানেৰে এক তথ্য সমৃদ্ধ সংকলন প্ৰকাশনৰ কাম হাতত লোৱা বুলি সদৰি কৰে।

তেওঁ সকলো বিভাগৰ মুৰব্বী বিষয়া সকলক নিজ নিজ বিভাগৰ তথ্য সমূহ সঠিকভাৱে আৰু সোনকালে যোগান ধৰি সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়।

শেহতীয়াভাৱে জিলাখনত সংঘটিত হোৱা কেতবোৰ পথ দুৰ্ঘটনাৰ সন্দৰ্ভত গভীৰ উদ্বেগ প্রকাশ কৰি তেওঁ পৰিবহন বিভাগক এনেধৰণৰ দুৰ্ঘটনা ৰোধৰ ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে ট্ৰেফিক আইন ভংগকাৰীৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে।

উপায়ুক্ত গৰাকীয়ে আংগনবাড়ী কেন্দ্ৰ সমূহত  শিশু সকলৰ বাবে যোগান ধৰা খাদ্য সমূহ তেওঁলোকে প্ৰকৃততে কেনেদৰে লাভ কৰিছে এই সন্দৰ্ভত সতৰ্ক দৃষ্টি ৰাখিবলৈ জিলা সমাজ কল্যাণ বিষয়াক নিৰ্দেশ দিয়ে।

অহা ১০, ১১ আৰু ১২ ছেপ্টেম্বৰ, ২০১৯ তাৰিখে ডিমৌ ৰাইছাই ক্ৰীড়াঙ্গনত  অনুষ্ঠিত হ’বলগীয়া জিলা পৰ্য্যায়ৰ আন্তঃ প্ৰশিক্ষণ শিবিৰ ক্ৰীড়া প্ৰতিযোগিতা খনি (ল’ৰা আৰু ছোৱালীৰ শাখাত এথলেটিক্চ ফুটবল আৰু ভলীবল)ৰ পূৰ্ণ সফলতাৰ বাবে সকলোৰে উপস্থিতি আৰু সহযোগিতা তেওঁ কামনা কৰে।

আনহাতে, নিজ বক্তব্যত জিলা উন্নয়ন আয়ুক্ত গৰাকীয়ে আঁচনি সমূহৰ ক্ষিপ্ৰ ৰূপায়ণৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

বৈঠকত জিলাখনৰ চৰকাৰী বিভাগ তথা বিদ্যালয় সমূহৰ ভৱন সমূহৰ স্থিতি সম্পৰ্কে এক প্ৰতিবেদন প্ৰস্তুত কৰিবলৈ গড়কাপ্তানী (গৃহ) বিভাগক দায়িত্ব দিয়া হয়।

এই কামত সুবিধাৰ বাবে এক সমিতি গঠনৰো পোষকতা কৰে উন্নয়ন আয়ুক্ত গৰাকীয়ে।

তেওঁ লগতে আৱকাৰী বিভাগক জিলাখনত অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান ক্ষিপ্ৰতৰ কৰাৰ বাবেও আহ্বান জনায়। এই অভিযান চাহ বাগিচা এলেকাতো সঘনে চলাবলৈও তেওঁ আহ্বান জনায়।

জিলাখনৰ বৈধ পৰিমাণ বিজ্ঞান বিভাগক জিলাখনৰ তেল ডিপ’ সমূহত জোখমাপৰ ক্ষেত্ৰত সতৰ্ক দৃষ্টি ৰখাৰ বাবে নিৰ্দেশ দিয়া হয় ।

এই সন্দৰ্ভত কিবা বিসংগতি পৰিলক্ষিত হ’লে সেয়া ততাতৈয়াকৈ প্ৰশাসনৰ দৃষ্টিগোচৰ কৰিবলৈও কোৱা হয় ।

বৈঠকত সহকাৰী আয়ুক্তদ্বয় ক্ৰমে গৌৰীপ্ৰিয়া দেউৰী আৰু মনালি প্ৰসাদ ৰজকৰ লগতে সংশ্লিষ্ট বিভিন্ন বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া সকল উপস্থিত থাকে।