• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শিৱসাগৰত জিলা উন্নয়ন সমিতিৰ বৈঠকত বিভিন্ন বিভাগৰ আঁচনি তথা প্ৰকল্পৰ পৰ্যালোচনা

পার্শ্বজোতি গগৈ by পার্শ্বজোতি গগৈ
September 10, 2019 7:06 am
IMG-20190909-WA0019

ফটো : নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শিৱসাগৰ জিলাৰ উপায়ুক্ত ডাঃ এছ লক্ষ্মণনৰ উপস্থিতিত তথা জিলা উন্নয়ন আয়ুক্ত নৱাব আল আজহাৰ আলীৰ অধ্যক্ষতাত সোমবাৰে শিৱসাগৰ জিলাৰ উপায়ুক্ত কাৰ্য্যালয়ৰ চুকাফা সভাকক্ষত জিলা উন্নয়ন সমিতিৰ এখন বৈঠক অনুষ্ঠিত হয়।

বৈঠকত জিলাখনৰ বিভিন্ন চৰকাৰী বিভাগৰ অধীনত ৰূপায়ণ হৈ থকা আঁচনি আৰু প্ৰকল্প সমূহৰ কামৰ অগ্ৰগতি সম্পৰ্কে বিস্তৃতভাৱে আলোচনা কৰা হয়।

Apply Now

জিলা উপায়ুক্ত ডাঃ এছ লক্ষ্মণনে জিলাখনৰ অৰ্থনীতি আৰু পৰিসংখ্যা বিভাগৰ উদ্যোগত বিভিন্ন বিভাগৰ কাম-কাজ, আঁচনি আৰু প্ৰকল্প সমূহৰ সফলতা আৰু অগ্ৰগতিৰ খতিয়ানেৰে এক তথ্য সমৃদ্ধ সংকলন প্ৰকাশনৰ কাম হাতত লোৱা বুলি সদৰি কৰে।

তেওঁ সকলো বিভাগৰ মুৰব্বী বিষয়া সকলক নিজ নিজ বিভাগৰ তথ্য সমূহ সঠিকভাৱে আৰু সোনকালে যোগান ধৰি সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়।

শেহতীয়াভাৱে জিলাখনত সংঘটিত হোৱা কেতবোৰ পথ দুৰ্ঘটনাৰ সন্দৰ্ভত গভীৰ উদ্বেগ প্রকাশ কৰি তেওঁ পৰিবহন বিভাগক এনেধৰণৰ দুৰ্ঘটনা ৰোধৰ ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে ট্ৰেফিক আইন ভংগকাৰীৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে।

উপায়ুক্ত গৰাকীয়ে আংগনবাড়ী কেন্দ্ৰ সমূহত  শিশু সকলৰ বাবে যোগান ধৰা খাদ্য সমূহ তেওঁলোকে প্ৰকৃততে কেনেদৰে লাভ কৰিছে এই সন্দৰ্ভত সতৰ্ক দৃষ্টি ৰাখিবলৈ জিলা সমাজ কল্যাণ বিষয়াক নিৰ্দেশ দিয়ে।

অহা ১০, ১১ আৰু ১২ ছেপ্টেম্বৰ, ২০১৯ তাৰিখে ডিমৌ ৰাইছাই ক্ৰীড়াঙ্গনত  অনুষ্ঠিত হ’বলগীয়া জিলা পৰ্য্যায়ৰ আন্তঃ প্ৰশিক্ষণ শিবিৰ ক্ৰীড়া প্ৰতিযোগিতা খনি (ল’ৰা আৰু ছোৱালীৰ শাখাত এথলেটিক্চ ফুটবল আৰু ভলীবল)ৰ পূৰ্ণ সফলতাৰ বাবে সকলোৰে উপস্থিতি আৰু সহযোগিতা তেওঁ কামনা কৰে।

আনহাতে, নিজ বক্তব্যত জিলা উন্নয়ন আয়ুক্ত গৰাকীয়ে আঁচনি সমূহৰ ক্ষিপ্ৰ ৰূপায়ণৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

বৈঠকত জিলাখনৰ চৰকাৰী বিভাগ তথা বিদ্যালয় সমূহৰ ভৱন সমূহৰ স্থিতি সম্পৰ্কে এক প্ৰতিবেদন প্ৰস্তুত কৰিবলৈ গড়কাপ্তানী (গৃহ) বিভাগক দায়িত্ব দিয়া হয়।

এই কামত সুবিধাৰ বাবে এক সমিতি গঠনৰো পোষকতা কৰে উন্নয়ন আয়ুক্ত গৰাকীয়ে।

তেওঁ লগতে আৱকাৰী বিভাগক জিলাখনত অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান ক্ষিপ্ৰতৰ কৰাৰ বাবেও আহ্বান জনায়। এই অভিযান চাহ বাগিচা এলেকাতো সঘনে চলাবলৈও তেওঁ আহ্বান জনায়।

জিলাখনৰ বৈধ পৰিমাণ বিজ্ঞান বিভাগক জিলাখনৰ তেল ডিপ’ সমূহত জোখমাপৰ ক্ষেত্ৰত সতৰ্ক দৃষ্টি ৰখাৰ বাবে নিৰ্দেশ দিয়া হয় ।

এই সন্দৰ্ভত কিবা বিসংগতি পৰিলক্ষিত হ’লে সেয়া ততাতৈয়াকৈ প্ৰশাসনৰ দৃষ্টিগোচৰ কৰিবলৈও কোৱা হয় ।

বৈঠকত সহকাৰী আয়ুক্তদ্বয় ক্ৰমে গৌৰীপ্ৰিয়া দেউৰী আৰু মনালি প্ৰসাদ ৰজকৰ লগতে সংশ্লিষ্ট বিভিন্ন বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া সকল উপস্থিত থাকে।

পার্শ্বজোতি গগৈ

পার্শ্বজোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd