NORTHEAST NOW (Assamese)

বন বিভাগৰ ২৮ লাখ টকীয়া আঁচনি ধোঁৱাচাঙত; কাম এৰি পলাল ঠিকাদাৰ!

June 3, 2022 12:58 pm · পার্শ্বজোতি গগৈ, শিৱসাগৰ
ফটো: নৰ্থইষ্ট নাও।

আছে গৰু নাবায় হাল, থকাতকৈ নথকাই ভাল। এই কথাষাৰকে যেন প্ৰমাণ কৰিছে ৰাজ্যৰ এটা চৰকাৰী বিভাগে। বন্যহস্তী ৰুধিবলৈ গ্ৰহণ কৰা বন বিভাগৰ প্ৰায় ২৮ লাখ টকীয়া আঁচনি এতিয়া ধোৱা চাঙত। কাম আধাৰুৱা কৰিয়েই পলাল বিভাগৰ ঠিকাদাৰ! 

বন বিভাগৰ তথ্য মতে ধন নোপোৱাৰ বাবে ঠিকাদাৰে কাম আধাতে সামৰিছে।

ৰাজ্যৰ এটা গুৰুত্বপূৰ্ণ বিভাগ হল বন বিভাগ। কিন্তু শিৱসাগৰ জিলাৰ বন বিভাগৰ কৰ্ম কাণ্ডই সকলোৰে চকু কপালত তুলিব। কি দৰে চৰকাৰী ধনৰ অপচয় কৰা হৈছে সেই দৃশ্য দেখিলে স্বাভাৱিকতে যিকোনো লোকৰ খং উঠিব।

ফটো: নৰ্থইষ্ট নাও।

শিৱসাগৰ জিলাৰ দিচাংমুখ অফলা গাঁৱৰ ঘটনা এয়া। বৃহত্তৰ দিচাংমুখ অঞ্চলত বনৰীয়া হাতীৰ উপদ্ৰৱ বৃদ্ধি পোৱাত আজিৰ পৰা কিছু বছৰ আগতে বন বিভাগে সৌৰশক্তি চালিত ফেঞ্চিঙৰ ব্যৱস্থা কৰিছিল।

দিচাংমুখৰ পৰা লিগিৰীবাৰী, অফলা, চৰাইপৰা, গড়ভঙা লৈকে প্ৰায় ৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ সৌৰশক্তি চালিত ফেঞ্চিঙৰ প্ৰথম প্ৰথম ২ কিলোমিটাৰ ফেঞ্চিং লগালে যদিও বাকী থকা ৪ কিলোমিটাৰৰ ফেঞ্চিং লগোৱা নহল। যাৰ বাবে আজি দুবছৰ এইদৰে কেৱল খুটা পুতিয়েই সামৰিলে কাম।

লগতে পঢ়ক: বাৰিষাতো অস্বাভাৱিকভাবে খৰাং হৈ পৰিছে ব্ৰহ্মপুত্ৰৰ বুকু; এটুপি পানী বিচাৰি হাহাকাৰ নৈপৰীয়া ৰাইজৰ

ইপিনে আমাৰ সাংবাদিকে বন্যহস্তী ৰুধিবলৈ বন বিভাগে গ্ৰহণ কৰা লাখ টকীয়া আঁচনিৰ সন্দৰ্ভত বন সংমণ্ডল প্ৰাধিকৰণ বিষয়া গৰাকীৰ মন্তব্য লব বিচাৰিছিল যদিও বিষয়া গৰাকীয়ে সংবাদ মাধ্যমৰ আগত কোনো কথা অৱগত নকৰো বুলি মন্তব্য কৰে।

এতিয়া ৰাইজৰ দাবী শিৱসাগৰৰ বন বিভাগে অতি সোনকালে আধাৰুৱা কাম সম্পূৰ্ণ কৰক।

Related News