শিৱসাগৰত স্থানীয় ৰাইজে আটক কৰে গৰুচোৰ, পলাতক দুই

শিৱসাগৰ নগৰৰ সমীপৰ বেতবাৰীৰ  ঘিলাগুৰি অঞ্চলত শুকুৰবাৰৰ নিশা প্ৰায় ২. ৩০ বজাত এখন ইণ্ডিকা গাড়ীসহ এটা গৰু চোৰক আটক কৰে স্থানীয় যুৱকৰ এটা দলে।

প্ৰাপ্ত তথ্য মতে শুকুৰবাৰে নিশা প্ৰায় ২.৩০ বজাত এখন বগা ৰঙৰ ইণ্ডিকা গাড়ীত উঠি অহা তিনিটা গৰু চোৰে নগৰৰ সমীপৰ দৰিকা দলঙৰ ওচৰত কেইটামান গৰু গাড়ীত তুলিবলৈ চেষ্টা কৰিছিল যদিও বিফল হৈ স্থানৰ পৰা আঁতৰি যায়।

পিছত ঘিলাগুৰি অঞ্চলত গাড়ীখন ধুবলৈ লওঁতে স্থানীয় যুৱকৰ দল এটাই প্ৰত্যক্ষ কৰা চিঞৰ বাখৰ  কৰাত গাড়ী খন এৰি তাৰ পৰা পলায়ন কৰে দুটা গৰুচোৰে।

অৱশ্যে গাড়ীৰ ভিতৰত সোমাই থকা অৱস্থাত স্থানীয় যুৱকৰ দলে আটক কৰিবলৈ সক্ষম হয়। আৰু ৰাইজৰ হাতত আটকাধীন গৰু চোৰটো শিৱসাগৰৰ অৰ্জুনগুৰিৰ আব্দুল কৰিম ওৰফে মাইনা বুলি জানিব পৰা গৈছে।

আনহাতে ধৃত আব্দুল কৰিমে ৰাইজৰ আগত গৰু চোৰ কৰিবলৈ অহাটো স্বীকাৰ কৰে আৰু  তাৰ পৰা পলায়ন কৰা আনদুটা গৰু চোৰ বিতু আলী আৰু বিৰুল আলী বুলি স্বীকাৰোক্তি দিয়ে।

তাৰোপৰি পলাতক দুয়োটা গৰু চোৰৰ ঘৰ শিৱসাগৰৰ দৰবাৰ ফিল্ডৰ মথাউৰিৰ ওচৰত বুলি স্বীকাৰোক্তি দিয়াৰ লগতে বিৰুল আলীৰ ঘৰত চুৰি গৰুৰ মাংসৰ ব্যৱসায় চলাই অহা বুলিও স্বীকাৰোক্তি দিয়ে ধৃত আব্দুল কৰিমে।

উল্লেখ্য যে যোৱা ৰমজান মাহত পলাতক গৰুচোৰ বিতু আলী আৰু বিৰুল আলীক উলুতলীৰ যুৱকে গৰুচোৰ কৰা অৱস্থাত কৰায়ক্ত কৰি আৰক্ষীক চমজাই দিছিল যদিও আইনী সুৰুঙাইদি অতি কম সময়ৰ ভিতৰত জেলৰ পৰা ওলাই আহিবলৈ সক্ষম হয়।

আনহাতে নিশা স্থানীয় ৰাইজে ঘটনাৰ লগে লগে আৰক্ষীক খবৰ দিয়ে যদিও আৰক্ষী প্ৰায় ডেৰঘণ্টা পলমকৈ ঘটনাস্থলীত উপস্থিত হয় আৰু ৰাইজে ধৃত গৰুচোৰটোক আৰক্ষীক চমজাই দিয়ে।