কোকৰাঝাৰত উপস্থিত হৈ বিধায়ক অখিল গগৈৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ মুকলি প্ৰত্যাহ্বান

Akhil Gogoi

কোকৰাঝাৰত মঙলবাৰে অখিল গগৈ। ফটো: নৰ্থইষ্ট নাও।

কোকৰাঝাৰৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত আজি উপস্থিত হয় শিৱসাগৰৰ বিধায়ক অখিল গগৈ। আধা বাটৰ পৰা খোজকাঢ়ি আদালতত হাজিৰ হয় ৰাইজৰ দলৰ নেতা অখিল গগৈ।

অখিল গগৈয়ে দাবী কৰি কয় যে ভূমি কেলেংকাৰীত এশ শতাংশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ কোম্পানী জড়িত।

এই বিষয়টোলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ মুকলি প্ৰত্যাহ্বান জনায় গগৈয়ে।

অখিল গগৈয়ে লগতে কয়, ‘’বিষয়টোৰ ওপৰত যুক্তি দাঙি ধৰিম, মুখ্যমন্ত্ৰীয়ে নিজৰ চেনেলত মোক মাতক।”

আনহাতে, CAAআন্দোলন অতি শীঘ্ৰে পুনৰ আৰম্ভ হব বুলি সদৰী কৰে বিধায়কগৰাকীয়ে।

Also Read: Ranjan Gogoi: দেশৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ বিৰুদ্ধে বিৰোধী সাংসদৰ বিশেষাধিকাৰ ভংগৰ জাননী

তদুপৰি, অসমৰ অৰ্থনৈতিক অৱস্থা শোচনীয় বুলিও মন্তব্য কৰে বিধায়ক অখিল গগৈয়ে।

উল্লেখ্য যে বিগত ২০১৯ চনত নিৰ্বাচনী সম্পৰ্কীয় কোকৰাঝাৰ আৰক্ষীয়ে ৰুজু কৰা গোচৰ PRC 50/21Us 153A/171(G)/505 IPC Representation of the people Act 125 .ৰ বাবে আজি কোকৰাঝাৰৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ হবলগীয়া হৈছিল বিধায়ক অখিল গগৈ।