NORTHEAST NOW (Assamese)

অপ্ৰতিৰোধ্য! শিৱসাগৰত এদিনতে ২০০ অতিক্ৰম কৰিলে ক’ভিড আক্ৰান্তৰ সংখ্যাই

May 25, 2021 7:28 am · পার্শ্বজোতি গগৈ

সোমবাৰৰ দিনা শিৱসাগৰত ক’ভিড পজিটিভৰ সংখ্যাই ২০০ অতিক্ৰম কৰিলে। একে দিনাই জিলাখনত ২১৪ গৰাকী ব্যক্তিৰ দেহত ক’ভিড পজিটিভ চিনাক্ত হয়।

সোমবাৰে জিলাখনৰ বিভিন্ন স্বাৱ কেন্দ্ৰত ৩৬৫৩ গৰাকী ব্যক্তিক ৰেপিড এন্টিজন টেষ্ট আৰু ২৯৩ গৰাকী ব্যক্তিক আৰটিপিচিআৰ টেষ্ট কৰা হয়।

জিলাখনত বৰ্তমান ১২০৮ গৰাকী লোক ক’ভিডত আক্ৰান্ত হৈ আছে। যোৱা ১ এপ্ৰিলৰ পৰা বৰ্তমানলৈকে ৩২১২ গৰাকী ব্যক্তিৰ দেহত ক’ভিড পজিটিভ পোৱা গৈছে।

জিলাখনত মুঠ ৮১৬ গৰাকী ক’ভিড ৰোগী হোম আইছ’লেশ্যনত থকাৰ বিপৰীতে শিৱসাগৰ অসামৰিক চিকিৎসালয়কে ধৰি বিভিন্ন চিকিৎসালয়ত ৩৮৯ গৰাকী লোকে চিকিৎসা গ্ৰহণ কৰি আছে।

ইপিনে চৰকাৰৰ নতুন এছঅ’পি শিৱসাগৰবাসীয়ে আখৰে আখৰে পালন কৰাৰ পাছতো জিলাখনত হ্ৰাস পোৱা নাই ক’ভিড আক্ৰান্তৰ সংখ্যা।

Related News