ঐতিহাসিক শিৱসাগৰৰ পৰা দ্বিতীয় শৰাইঘাটৰ ৰণ হুংকাৰ আটাছুৰ

IMG-20190129-WA0009

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬  বাতিল আৰু  ছয় জনগোষ্ঠীক শীঘ্ৰে জনজাতিকৰণৰ দাবীত শিৱসাগৰ বৰ্ডিং খেলপথাৰত আজি  সদৌ তাই আহোম ছাত্ৰ সন্থাৰ আহ্বানত অনুষ্ঠিত হয় বিশাল গণ সমাবেশ। সংগঠনটোৰ শিৱসাগৰ আৰু চৰাইদেউ জিলা সমিতিৰ লগতে বীৰাংগনাৰ আহ্বানত অনুষ্ঠিত সমাবেশত আটাছুৱে বিজেপি চৰকাৰৰ জাতিধ্বংসী পদক্ষেপৰ বিৰুদ্ধে শিৱসাগৰৰ পৰা দ্বিতীয় শৰাইঘাটৰ ৰণ ঘোষণা কৰে।

আটাছুৰ মুখ্য উপদেষ্টা অশ্বিনী চেতিয়াই কয়,  ২০১৬ চনতে এই বৰ্ডিং খেলপথাৰতে সদৌ অসম ছাত্ৰ সন্থাক বাদ দি আটাছু আৰু সকলো জাতীয় জনগোষ্ঠীয় সংগঠনে নাগৰিকত্ব সংশোধনী বিধেয়কৰ ভয়াবহতাৰ বিৰুদ্ধে ঘোষণা কৰিছিলো। তেতিয়া বহুতে আমাক উপলুঙা কৰিছিল। কিন্তু আজি সকলো দল সংগঠন আৰু অসমৰ জনতা ৰাজপথলৈ ওলাই আহিছে।

গণ সমাবেশত আটাছুৰ সভাপতি লিটুল বুঢ়াগোহাঁই, আহোম সেনাৰ সেনাধ্যক্ষ অংকুৰণ ফুকন, অসম সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি দেৱজিত দত্ত আৰু মুছলিম কল্যাণ পৰিষদৰ মনিৰুল ইছলাম বৰাই ভাষণ দাঙি ধৰে। যিকোনো মূল্যৰ বিনিময়ত এই বিধেয়ক গৃহীত হবলৈ দিয়া নহ’ব বুলি সকলোৱে একেলগে হুংকাৰ দিয়ে। সকলোকে একেলগে ঐক্যবদ্ধ ভাৱে জাতিধ্বংসী বিধেয়কৰ বিৰুদ্ধে সংগ্ৰাম কৰি যাবলৈ আহ্বান জনায় আটাছুৱে।