নৱ নিৰ্বাচিত সদস্যৰ শপত গ্ৰহণৰ লগতে গঠন হ’ল শিৱসাগৰ জিলা পৰিষদ

IMG-20190207-WA0002

শিৱসাগৰ জিলা পৰিষদৰ সদস্যৰ বৃহস্পতিবাৰে শপত গ্ৰহণ অনুষ্ঠান। ফটো : নৰ্থইষ্ট নাও

শিৱসাগৰ জিলা পৰিষদৰ নৱ নিৰ্বাচিত সদস্য সকলৰ বৃহস্পতিবাৰে প্ৰথমখন বৈঠকৰ লগতে  শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হয়। শিৱসাগৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ চুকাফা সভাক্ষত অনুষ্ঠিত এই বৈঠকত সভাপতিত্ব কৰে জিলা উপায়ুক্ত এছ লক্ষ্মণনে।

উপায়ুক্তই নৱ নিৰ্বাচিত সদস্যসকলক শপত বাক্য পাঠ কৰোৱাৰ লগতে সকলোকে অভিনন্দন জ্ঞাপন কৰে। জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া শেৱালী বৰদলৈয়ে সকলোকে একোখন ফুলাম গামোচাৰে সম্বৰ্দ্ধনা জনায়।

ইয়াৰ পাছতে সকলো সদস্যৰ উপস্থিতিত শিৱসাগৰ জিলা পৰিষদখন গঠন কৰা হয়। জিলা পৰিষদৰ সভাপতি আৰু উপ- সভানেত্ৰী হিচাপে নিৰ্বাচিত হয় ক্ৰমে বিজেপিৰ ধ্ৰুৱজ্যোতি মাউট আৰু অগপৰ ৰেখা কলিতা।

১৭ গৰাকী সদস্যৰ পৰা জিলা পৰিষদৰ সভাপতি পদৰ বাবে বিজেপিৰ ধ্ৰুৱজ্যোতি মাউত আৰু কংগ্ৰেছৰ উত্তম দাসে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ লগতে মহিলাৰ বাবে সংৰক্ষিত উপ-সভাপতি পদৰ বাবে অগপৰ ৰেখা কলিতা আৰু কংগ্ৰেছৰ টুলুমণি বড়া কোঁৱৰে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাত উপায়ুক্তই নিৰ্বাচনী বিধি অনুসৰি দুয়োটা পদৰ বাবে ভোটগ্ৰহণৰ ব্যৱস্থা কৰে।

সকলো সদস্যৰ  ভোটগ্ৰহণৰ অন্তত ফলাফল অনুসৰি ধ্ৰুৱজ্যোতি মাউত আৰু ৰেখা কলিতাই ১০ টা কৈ ভোট লাভ কৰাৰ বিপৰীতে উত্তম দাস আৰু টুলুমণি বড়া কোঁৱৰে ৭ টা কৈ ভোট লাভ কৰে।

শিৱসাগৰ জিলা পৰিষদৰ এই প্ৰথম বৈঠক আৰু শপত গ্ৰহণ অনুষ্ঠানত নৱ নিৰ্বাচিত সদস্য সকলৰ লগতে যোৰহাট লোকসভা সমষ্টিৰ সংসদৰ হৈ উপস্থিত থাকে বিজেপিৰ শিৱসাগৰ জিলা সমিতিৰ সভানেত্ৰী সুৰভি ৰাজকুমাৰী, আমগুৰি সমষ্টিৰ বিধায়ৰক হৈ বুনয় তামুলী, নাজিৰা সমষ্টিৰ বিধায়কৰ হৈ অপূৰ্ব বৰুৱা,  থাওৰা সমষ্টিৰ বিধায়কৰ হৈ দিপীকা কাকতি দুৱৰী আৰু আমগুৰি, ডিমৌ, গৌৰীসাগৰ,  শিৱসাগৰ  উন্নয়ন খণ্ডৰ বিষয়া সকল।