NORTHEAST NOW (Assamese)

লামডিং বিধানসভা সমষ্টিৰ বিধায়ক সিবু মিশ্ৰ ক’ৰ’না প’জিটিভ

August 28, 2020 7:23 pm · এন ই নাও নিউজ

লামডিং বিধানসভা সমষ্টিৰ বিধায়ক সিবু মিশ্ৰৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰে।

শুকুৰবাৰে বিধায়ক গৰাকীয়ে কৰোৱা ক’ৰ’না ভাইৰাছৰ পৰীক্ষাত তেওঁৰ ফলাফল প’জিটিভ আহে।

লামডিং গোটৰ বিজেপিৰ সভাপতি দেবাশিস গুপ্তাৰ শৰীৰতো ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰে।

গুপ্তা ক’ৰ’না প’জিটিভ হোৱাৰ লগতে তেওঁৰ দেহৰক্ষী আৰু গাড়ী চালক গৰাকীও ক’ৰ’না প’জিটিভ ৰূপে চিহ্নিত হৈছে।

উল্লেখযোগ্য যে, অসমত ভালেকেইগৰাকী জনপ্ৰতিনিধি ক’ৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছে।

সিবু মিশ্ৰৰ পূৰ্বে প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈ, ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা, অজন্তা নেওগ ক’ৰ’না প’জিটিভ হৈছিল।

মুখ্য মন্ত্ৰী তৰুণ গগৈ আৰু অজন্তা নেওগক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেলত ভৰ্তি কৰোৱাৰ বিপৰীতে, কামাখ্যা প্ৰসাদ তাছাক যোৰহাট চিকিৎসা মহাবিদ্যালয় হস্পিটেলত ভৰ্তি কৰোৱা হৈছিল।

Related News