• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বানপানীৰ ক্ষয়ক্ষতিৰ বুজ ল’বলৈ বোকাখাতত কেন্দ্রীয় আন্তঃমন্ত্রণালয় দল

Uttam Saikia উত্তম শইকীয়া
বোকাখাত , August 28, 2020 7:04 pm

2 min read

Central team visits Bokakhat to assess flood damage
131
VIEWS
Share on FacebookShare on Twitter

চলিত বর্ষত বানপানীয়ে গোলাঘাট জিলাৰ বিভিন্ন এলেকাত কৰা ক্ষয়-ক্ষতিৰ বুজ ল’বৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ দুজনীয়া এটি আন্তঃমন্ত্রণালয় দল আহি আজি বোকাখাতত উপস্থিত হয়।

এই দলৰ সদস্য দুগৰাকী হ’ল ভাৰত চৰকাৰৰ বিত্ত মন্ত্রণালয়ৰ ব্যয় বিভাগৰ যুটীয়া সঞ্চালক এ কে প্রধান আৰু শক্তি মন্ত্রণালয়ৰ কেন্দ্রীয় বিদ্যুৎ প্রাধিকৰণৰ সহকাৰী সঞ্চালক অ’ পি সোমন৷

দলটোৱে আজি বানপানীত হোৱা ক্ষয়-ক্ষতিৰ বুজ লোৱাৰ উদ্দেশ্যে বোকাখাত মহকুমাধিপতি কার্য্যালয়ৰ সভাকক্ষত গোলাঘাট জিলা বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকলৰ সৈতে আলোচনাত মিলিত হয়।

গোলাঘাট জিলাৰ উপায়ুক্ত বিভাষ চন্দ্র মোডীৰ সভাপতিত্বত আয়োজিত এই আলোচনাত কৃষি, পশু-পালন, মীন, স্বাস্থ্য, পঞ্চায়ত ও গ্রামোন্নয়ন, শিক্ষা, গড়কাপ্তানী পথ সংমণ্ডল, জলসম্পদ, সমাজকল্যাণ, জনস্বাস্থ্য ও কাৰিকৰী, দুর্যোগ ব্যৱস্থাপনা আদি বিভাগৰ মুৰব্বী বিষয়াসকল উপস্থিত থকাৰ লগতে কাজিৰঙা ৰাষ্ট্রীয় উদ্যান কৰ্তৃপক্ষও উপস্থিত থাকে।

উক্ত আলোচনাত গোলাঘাট জিলা দুর্যোগ ব্যৱস্থাপনা বিভাগৰ তৰফৰ পৰা জিলাখনত বানত হোৱা ক্ষয়-ক্ষতিৰ লগতে বানাক্রান্ত ৰাইজৰ বাবে প্রশাসনে লোৱা সকলো প্ৰকাৰৰ যাৱতীয় ব্যৱস্থাৰ তথ্যসম্বলিত সচিত্ৰ উপস্থাপন কৰে।

এই আলোচনাত উপস্থিত থকা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱকুমাৰে বিগত দুয়োটা বানপানীত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান খনত হোৱা ক্ষয়ক্ষতিৰ বিস্তৃত তথ্য কেন্দ্রীয় দলটোৰ আগত দাঙি ধৰে।

আলোচনাৰ পাচত বানপানীত হোৱা ক্ষয়ক্ষতিৰ আৰু অধিক বুজ ল’বৰ বাবে আন্তঃমন্ত্রণালয় কেন্দ্রীয় দলটোৱে কাজিৰঙাৰ বান ক্ষতিগ্রস্ত এলেকা পৰিদর্শন কৰাৰ লগতে বানপানীত ক্ষতিগ্রস্ত হোৱা বাট-পথ, দলং, কৃষিভূমি, পানী যোগান আঁচনি তথা মথাউৰি আদিও পৰিদর্শন কৰে।

উক্ত পৰিদর্শন কালত গোলাঘাট জিলাৰ অতিৰিক্ত উপায়ুক্ত লখিমী দত্ত, কাজিৰঙা ৰাষ্ট্রীয় উদ্যানৰ সঞ্চালক পি শিৱকুমাৰ, বোকাখাত ৰাজহ চক্র বিষয়া (সংলগ্ন) শ্বগুফতা অঞ্জুম চুহেলীৰ লগতে দুর্যোগ ব্যৱস্থাপনা বিভাগৰ বিষয়া ৰনী ৰাজকুমাৰো উপস্থিত থাকে।

Recent News

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

Modi-speech-696

প্ৰধানমন্ত্ৰী মোদীৰ শিৱসাগৰ ভ্ৰমণ আৰু কিছু প্ৰাসংগিক কথা…

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd